ৰাষ্ট্ৰপতি বাইডেন

উপ-ৰাষ্ট্ৰপতি হেৰিছ

মহামান্যসকল,

নমস্কাৰ!

কোভিড মহামাৰীয়ে জীৱন, যোগান শৃংখলাত ব্যাঘাত অব্যাহত ৰাখিছে আৰু সমাজৰ ধৈৰ্য-দৃঢ়তাৰ পৰীক্ষা লৈ আছে। ভাৰতত আমি মহামাৰীৰ বিৰুদ্ধে এক জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছো। আমি আমাৰ বাৰ্ষিক স্বাস্থ্যসেৱা বাজেটত সৰ্বকালৰ সৰ্বাধিক ধন আৱণ্টন কৰিছো।

আমাৰ টিকাকৰণ কাৰ্যসূচী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। আমি প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ, আৰু ৫০ মিলিয়নৰো অধিক শিশুক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছো। ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত চাৰিটা ভেকছিন নিৰ্মাণ কৰিছে আৰু এই বছৰ পাঁচ বিলিয়ন পালি উৎপাদন কৰাৰ সক্ষমতা আছে।

আমি ৯৮খন দেশক দ্বিপাক্ষিক ভাৱে আৰু কোভাক্সৰ জৰিয়তে ২০০ নিযুতৰো অধিক পালি যোগান ধৰিছো। ভাৰতে পৰীক্ষা, চিকিৎসা আৰু ডাটা ব্যৱস্থাপনাৰ বাবে কম ব্যয়ৰ কোভিড প্ৰশমন প্ৰযুক্তি বিকশিত কৰিছে। আমি এই সামৰ্থ্যবোৰ আন দেশলৈও আগবঢ়াইছো। ভাৰতৰ জিনোমিক্স কনচৰ্টিয়ামে ভাইৰাছৰ ওপৰত বিশ্বব্যাপী ডাটাবেছত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। মই ভাগ বতৰা কৰি সুখী যে আমি এই নেটৱৰ্কটো আমাৰ চুবুৰীয়া দেশসমূহলৈ সম্প্ৰসাৰিত কৰিম।

ভাৰতত, আমি আমাৰ পৰম্পৰাগত ঔষধবোৰ ক'ভিডৰ বিৰুদ্ধে যুঁজত পৰিপূৰক হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ, অগণন জীৱন ৰক্ষা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰিছিলো। যোৱা মাহত, আমি ভাৰতত ''বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰ''ৰ আধাৰশিলা স্থাপন কৰিছিলো, যাৰ উদ্দেশ্য আছিল এই পৰম্পৰাগত জ্ঞান সমগ্ৰ বিশ্বৰ বাবে উপলব্ধ কৰা।

মহামান্য,

এইটো স্পষ্ট যে ভৱিষ্যতৰ স্বাস্থ্যজৰুৰী পৰিস্থিতিৰ সৈতে যুঁজিবলৈ এক সমন্বিত গোলকীয় সঁহাৰিৰ প্ৰয়োজন। আমি এক স্থিতিস্থাপক গোলকীয় যোগান শৃংখলা নিৰ্মাণ কৰিব লাগিব আৰু ভেকচিন আৰু ঔষধৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ সক্ষম কৰিব লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাক অধিক সংস্কাৰমুখী আৰু শক্তিশালী কৰিব লাগিব।

যোগান শৃংখলাবোৰ স্থিৰ আৰু অনুমানযোগ্য কৰি ৰাখিবলৈ আমি ভেকছিন আৰু থেৰাপিউটিক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন প্ৰক্ৰিয়াৰ বাবেও আহ্বান জনাইছো। বিশ্ব সম্প্ৰদায়ৰ এজন দায়িত্বশীল সদস্য হিচাপে, ভাৰতে এই প্ৰচেষ্টাবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু।


ধন্যবাদ।

বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.