ৰাষ্ট্ৰপতি বাইডেন

উপ-ৰাষ্ট্ৰপতি হেৰিছ

মহামান্যসকল,

নমস্কাৰ!

কোভিড মহামাৰীয়ে জীৱন, যোগান শৃংখলাত ব্যাঘাত অব্যাহত ৰাখিছে আৰু সমাজৰ ধৈৰ্য-দৃঢ়তাৰ পৰীক্ষা লৈ আছে। ভাৰতত আমি মহামাৰীৰ বিৰুদ্ধে এক জনকেন্দ্ৰিক ৰণনীতি গ্ৰহণ কৰিছো। আমি আমাৰ বাৰ্ষিক স্বাস্থ্যসেৱা বাজেটত সৰ্বকালৰ সৰ্বাধিক ধন আৱণ্টন কৰিছো।

আমাৰ টিকাকৰণ কাৰ্যসূচী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ। আমি প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ, আৰু ৫০ মিলিয়নৰো অধিক শিশুক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছো। ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত চাৰিটা ভেকছিন নিৰ্মাণ কৰিছে আৰু এই বছৰ পাঁচ বিলিয়ন পালি উৎপাদন কৰাৰ সক্ষমতা আছে।

আমি ৯৮খন দেশক দ্বিপাক্ষিক ভাৱে আৰু কোভাক্সৰ জৰিয়তে ২০০ নিযুতৰো অধিক পালি যোগান ধৰিছো। ভাৰতে পৰীক্ষা, চিকিৎসা আৰু ডাটা ব্যৱস্থাপনাৰ বাবে কম ব্যয়ৰ কোভিড প্ৰশমন প্ৰযুক্তি বিকশিত কৰিছে। আমি এই সামৰ্থ্যবোৰ আন দেশলৈও আগবঢ়াইছো। ভাৰতৰ জিনোমিক্স কনচৰ্টিয়ামে ভাইৰাছৰ ওপৰত বিশ্বব্যাপী ডাটাবেছত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। মই ভাগ বতৰা কৰি সুখী যে আমি এই নেটৱৰ্কটো আমাৰ চুবুৰীয়া দেশসমূহলৈ সম্প্ৰসাৰিত কৰিম।

ভাৰতত, আমি আমাৰ পৰম্পৰাগত ঔষধবোৰ ক'ভিডৰ বিৰুদ্ধে যুঁজত পৰিপূৰক হিচাপে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ, অগণন জীৱন ৰক্ষা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰিছিলো। যোৱা মাহত, আমি ভাৰতত ''বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধ কেন্দ্ৰ''ৰ আধাৰশিলা স্থাপন কৰিছিলো, যাৰ উদ্দেশ্য আছিল এই পৰম্পৰাগত জ্ঞান সমগ্ৰ বিশ্বৰ বাবে উপলব্ধ কৰা।

মহামান্য,

এইটো স্পষ্ট যে ভৱিষ্যতৰ স্বাস্থ্যজৰুৰী পৰিস্থিতিৰ সৈতে যুঁজিবলৈ এক সমন্বিত গোলকীয় সঁহাৰিৰ প্ৰয়োজন। আমি এক স্থিতিস্থাপক গোলকীয় যোগান শৃংখলা নিৰ্মাণ কৰিব লাগিব আৰু ভেকচিন আৰু ঔষধৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ সক্ষম কৰিব লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাক অধিক সংস্কাৰমুখী আৰু শক্তিশালী কৰিব লাগিব।

যোগান শৃংখলাবোৰ স্থিৰ আৰু অনুমানযোগ্য কৰি ৰাখিবলৈ আমি ভেকছিন আৰু থেৰাপিউটিক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন প্ৰক্ৰিয়াৰ বাবেও আহ্বান জনাইছো। বিশ্ব সম্প্ৰদায়ৰ এজন দায়িত্বশীল সদস্য হিচাপে, ভাৰতে এই প্ৰচেষ্টাবোৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু।


ধন্যবাদ।

বহুত ধন্যবাদ।

  • Jitendra Kumar May 22, 2025

    🙏🙏🙏
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA June 18, 2024

    नमो नमो
  • MLA Devyani Pharande February 17, 2024

    जय हिंद
  • Vaishali Tangsale February 14, 2024

    🙏🏻🙏🏻
  • Bharat mathagi ki Jai vanthay matharam jai shree ram Jay BJP Jai Hind September 19, 2022

    ளு
  • G.shankar Srivastav September 12, 2022

    नमस्ते 👋
  • amit sharma July 29, 2022

    नमो
  • amit sharma July 29, 2022

    नमः
  • amit sharma July 29, 2022

    नमों
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India gets an 'F35' stealth war machine, but it's not a plane and here’s what makes it special

Media Coverage

India gets an 'F35' stealth war machine, but it's not a plane and here’s what makes it special
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Sambhal, Uttar Pradesh
July 05, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today condoled the loss of lives in an accident in Sambhal, Uttar Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The PMO India handle in post on X said:

“Deeply saddened by the loss of lives in an accident in Sambhal, Uttar Pradesh. Condolences to those who have lost their loved ones in the mishap. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”