PM Modi thanks Maldives for the highest honour for foreign dignitary, says it's an honour for every Indian
India committed to help Maldives in every possible way: PM Modi
Maritime and defence ties are a top priority: PM Modi at joint press meet with Maldives President

মালদ্বীপৰ মাজলিছৰ সন্মানীয় অধ্যক্ষ, মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু মোৰ মিত্ৰ মহম্মদ নৌশীদ মহোদয়, মাজলিছৰ সন্মানীয় সদস্যগণ,

সন্মানীয়সকল,

আমন্ত্ৰিত মাননীয় অতিথিগণ,

নমস্কাৰ৷

আপোনালোক সকলোকে মই মোৰ তৰফৰ পৰা তথা ১৩০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা শুভকামনা প্ৰদান কৰিছো৷ ঈদ-উল-ফিটৰৰ আনন্দ আৰু উৎসাহ এতিয়াও আমাৰ মাজত আছে৷ আপোনালোক সকলোকে আৰু মালদ্বীপৰ সকলো লোকক এই উপলক্ষে অশেষ শুভকামনা জনাইছো৷

অধ্যক্ষ মহোদয়,

মালদ্বীপ- অৰ্থাৎ হাজাৰতকৈও অধিক দ্বীপপুঞ্জ- কেৱল ভাৰত মহাসাগৰৰেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এক নতুন আৰ্হি হিচাপে বিবেচিত হৈছে৷ ইয়াৰ অসীম সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদে সহস্ৰ বৰ্ষ ধৰি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে৷ প্ৰকৃতিৰ শক্তিৰ সন্মুখত মানৱৰ অদম্য সাহস এই দেশৰ এক অতুলনীয় উদাহৰণ৷ মালদ্বীপ ব্যৱসায়, জনসাধাৰণ আৰু সংস্কৃতিৰ নিৰন্তৰ প্ৰবাহৰ সাক্ষী৷ আৰু এই ৰাজধানী মালে, কেৱল বিশাল নীল সমুদ্ৰৰ প্ৰৱেশদ্বাৰেই নহয়, ই স্থায়ী, শান্তিপূৰ্ণ তথা সমৃদ্ধশালী ভাৰত মহাসাগৰ ক্ষেত্ৰৰ কেন্দ্ৰস্থল হিচাপেও বিবেচিত হৈছে৷

অধ্যক্ষ মহোদয়,

আজি মালদ্বীপত, এই মাজলিছত, আপোনালোক সকলোৰে মাজত উপস্থিত হৈ মই অতিশয় আনন্দিত হৈছো৷ মাজলিছে সৰ্বসন্মতিৰ দ্বাৰা মোক নিমন্ত্ৰণ দিয়াৰ সিদ্ধান্ত, সন্মানীয় নৌশীদ মহোদয় অধ্যক্ষ হোৱাৰ পিছত নিজৰ প্ৰথম বৈঠকতেই লৈছে৷ আপোনালোকৰ এই আন্তৰিকতাই প্ৰতিজন ভাৰতীয়ৰে হৃদয় স্পৰ্শ কৰিছে৷ তেওঁলোকৰ সন্মান আৰু গৌৰৱ বৃদ্ধি কৰিছে৷ ইয়াৰ বাবে, অধ্যক্ষ মহোদয়, মই আপোনাক, এই গৰিমাময় সদনৰ সকলো সন্মানীয় সদস্যক মোৰ তৰফৰ পৰা তথা সমুহ ভাৰতৰ তৰফৰ পৰা অশেষ ধন্যবাদ প্ৰদান কৰিছো৷

অধ্যক্ষ মহোদয়,

আজি মই দ্বিতীয়বাৰলৈ মালদ্বীপলৈ আহিছো৷ আৰু এক প্ৰকাৰে, দ্বিতীয়বাৰলৈ মাজলিছৰ এক ঐতিহাসিক কাৰ্যসূচীৰ সাক্ষী হৈছো৷ যোৱাবাৰ মই বহুত আনন্দ আৰু গৌৰৱৰ সৈতে ৰাষ্ট্ৰপতি ছলিহৰ পদ-গ্ৰহণ সমাৰোহত উপস্থিত আছিলো৷ সেই গণতন্ত্ৰৰ জয়ৰ উৎসৱ মুক্ত ষ্টেডিয়ামত আয়োজন কৰা হৈছিল৷ চাৰিওফালে অগণন লোক উপস্থিত আছিল৷ তেওঁলোকৰ শক্তি আৰু বিশ্বাস, সাহস আৰু সংকল্প সেই জয়ৰ আধাৰস্বৰূপ৷ সেইদিনা মালদ্বীপত গণতন্ত্ৰৰ শক্তিক অনুভৱ কৰাৰ এক ৰোমাঞ্চকৰ অনুভূতি লাভ কৰিছিলো৷ সেইদিনা মই মালদ্বীপত লোকতন্ত্ৰৰ প্ৰতি, অধ্যক্ষ মহোদয়, আপোনালোকৰ দৰে নেতাসকলৰ প্ৰতি সাধাৰণ নাগৰিকৰ সমৰ্পণ আৰু প্ৰেম দেখিছিলো৷ আৰু আজি এই সন্মানীয় সদনত, লোকতন্ত্ৰৰ সমূহ পুৰোধাক মই হাত জোৰ কৰি নমস্কাৰ জনাইছো৷

 

অধ্যক্ষ মহোদয়,

এই সদন, এই মাজলিছ কেৱল ইটা-পাথৰেৰে নিৰ্মিত এক অট্টালিকা নহয়৷ এয়া কেৱল জনসাধাৰণৰ সমাৱেশস্থলী নহয়৷ এয়া গণতন্ত্ৰৰ সেই শক্তি ভূমি য’ত আপোনাৰ চিন্তাধাৰাত দেশৰ হৃদস্পন্দন গুঞ্জৰিত হয়৷ ইয়াত আপোনালোকৰ জৰিয়তে জনসাধাৰণৰ সপোন আৰু আশা সত্যলৈ পৰিৱৰ্তিত হয়৷

ইয়াত ভিন্ন ভিন্ন বিচাৰধাৰা আৰু দলৰ সদস্যসকলে দেশত লোকতন্ত্ৰ, বিকাশ আৰু শান্তিৰ বাবে সামূহিক সংকল্পক সিদ্ধিলৈ পৰিৱৰ্তিত কৰে৷ ঠিক সেইদৰে যিদৰে কিছুমাহ পূৰ্বে মালদ্বীপৰ জনতাই একত্ৰিত হৈ বিশ্বৰ সন্মুখত গণতন্ত্ৰৰ আদৰ্শ স্থাপিত কৰিছে৷ আপোনালোকৰ সেই যাত্ৰা প্ৰত্যাহ্বানেৰে ভৰা আছিল৷

কিন্তু মালদ্বীপে দেখুৱালে, আপোনালোকে দেখুৱালে যে জয় শেষত জনতাৰেই হয়৷ এয়া কোনো সাধাৰণ সফলতা নহয়৷ আপোনালোকৰ এই সফলতা বিশ্বৰ বাবে এক উদাহৰণ আৰু প্ৰেৰণাৰ স্ৰোত৷ আৰু মালদ্বীপৰ এই সাফল্যত সকলোতকৈ অধিক গৰ্ব আৰু আনন্দিত কোন হ’ব পাৰে? ইয়াৰ উত্তৰ স্বাভাৱিক৷ আপোনালোকৰ সকলোতকৈ ঘনিষ্ঠ মিত্ৰ, আপোনালোকৰ সকলোতকৈ ওচৰ চুবুৰীয়া আৰু বিশ্বৰ সকলোতকৈ ডাঙৰ গণতন্ত্ৰ-ভাৰতৰ৷ আজি আপোনালোকৰ মাজত মই ডাঠি ক’ব খুজিছো যে মালদ্বীপত সৱল গণতন্ত্ৰৰ বাবে ভাৰত আৰু প্ৰতিজন ভাৰতীয় আপোনালোকৰ সৈতে আৰু আছিল আপোনালোকৰ সৈতে থাকিবও৷

অধ্যক্ষ মহোদয়,

অলপতে ভাৰতে মানৱ ইতিহাসৰ সবাতোকৈ বৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰিলে৷ ১৩০ কোটি ভাৰতীয়ৰ বাবে এয়া কেৱল এক নিৰ্বাচন নহয়, গণতন্ত্ৰৰ এক মহোৎসৱ অৰ্থাৎ এক মেগা ফেষ্টিভেল আছিল৷ দুই তৃতীয়াংশতকৈও অধিক অৰ্থাৎ ৬০ কোটি ভোটদাতাই ভোটদান কৰিছিল৷ তেওঁলোকে বিকাশ আৰু স্থিৰতাৰ পক্ষত এই বিশাল জনাদেশ প্ৰদান কৰিলে৷

অধ্যক্ষ মহোদয়,

মোৰ চৰকাৰৰ মূলমন্ত্ৰ- ‘‘সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস’’ কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে আৰু বিশেষকৈ ওচৰ চুবুৰীয়াৰ সৈতে মোৰ চৰকাৰৰ বৈদেশিক নীতিৰ আধাৰস্বৰূপ৷  

‘‘ওচৰ চুবুৰীয়া প্ৰথম’’ আমাৰ প্ৰাথমিক উদ্দেশ্য৷ আৰু চুবুৰীয়াৰ ভিতৰত মালদ্বীপৰ প্ৰাথমিকতা অতিশয় স্বাভাৱিক৷ সেইবাবে আপোনালোকৰ মাজত মোৰ উপস্থিতি কেৱল এক সংযোগ নহয়৷ যোৱা ডিচেম্বৰত ৰাষ্ট্ৰপতি ছলিহে প্ৰথম গন্তব্যস্থল হিচাপে ভাৰতলৈ আহিছিল৷ আৰু এতিয়া মালদ্বীপৰ স্নেহপূৰ্ণ নিমন্ত্ৰণ, মোৰ এই দ্বিতীয়টো কাৰ্যকালত প্ৰথম বিদেশ যাত্ৰা হিচাপে মালদ্বীপলৈ আহিছো৷ এই যাত্ৰাত, বিদেশীৰ বাবে আপোনালোকৰ দেশৰ আটাইতকৈ বৃহৎ সন্মানেৰে মোক সন্মানিত কৰা হৈছে৷ ধন্যবাদ প্ৰকাশৰ বাবে মোৰ কোনো ভাষা নাই৷

অধ্যক্ষ মহোদয়,

ভাৰত আৰু মালদ্বীপৰ সম্পৰ্ক ইতিহাসতকৈও পুৰণি৷ অনাদি কালৰ পৰা সাগৰৰ ঢৌৱে আমাৰ দুয়োখন দেশৰ চৰণ পখালি আছে৷ এই লহৰ আমাৰ জনসাধাৰণৰ মাজত মিত্ৰতাৰ বাৰ্তাবাহক হিচাপে বিবেচিত হৈছে৷ আমাৰ সভ্যতা আৰু সংস্কৃতি এই তৰংগৰ শক্তিৰ সৈতে প্ৰস্ফুটিত হৈছে৷ আমাৰ সম্বন্ধই সাগৰৰ সমান গভীৰতা আৰু আশীৰ্বাদ লাভ কৰিছে৷ বিশ্বৰ সবাতোকৈ পুৰণি বন্দৰসমূহৰ ভিতৰত এটা লোথাল, মোৰ গৃহৰাজ্য গুজৰাটত আছিল৷ আঢ়ৈ হাজাৰ বছৰতকৈও পূৰ্বে লোথাল আৰু পিছলৈ ছুৰাটৰ দৰে চহৰৰ সৈতে মালদ্বীপৰ ব্যৱসায়িক সম্বন্ধ গঢ় লৈ উঠিছিল৷

মালদ্বীপৰ কড়ি ভাৰতৰ শিশুসকলৰ খুব প্ৰিয়৷ সংগীত, বাদ্যযন্ত্ৰ, নীতি-নিয়ম-এই সকলোবোৰৰ সৈতে আমাৰ সম্বন্ধ ইতিহাসৰ এক জ্বলন্ত উদাহৰণ৷ দ্বিবেহী ভাষাৰ কথাকেই লক্ষ্য কৰক৷ ভাৰতত ‘Week’ ক ‘হফ্তা’ বুলি কোৱা হয়, দ্বিবেহীতো কোৱা হয়৷ দিনসমূহৰ নামেই চাওক৷ দেওবাৰক ‘আদিথা’ আৰু দ্বিবেহীত আদিত্ব অৰ্থাৎ সুৰ্যৰ সৈতে জড়িত৷ সোমবাৰ অৰ্থাৎ মানডে্, দ্বিবেহীত সোম৷ সোম অৰ্থাৎ চন্দ্ৰমা৷ আৰু দ্বিবেহীত বিশ্বক কোৱা হয় ‘ধুনিয়ে’ আৰু ভাৰতত ‘দুনিয়া’৷ মালদ্বীপক ‘দুনিয়া’ এক প্ৰসিদ্ধ নাম৷ ইয়াততো ‘স্বৰ্গ’ আৰু ‘নৰক’ শব্দও বিস্তৃত হৈ আছে৷ দ্বিবেহীত ‘সুৱৰুগে’ আৰু ‘নৰকা’ বুলি কোৱা হয়৷ এই তালিকা বহু দীঘল৷ কৈ থাকিলে এখন শব্দকোষৰেই সৃষ্টি হ’ব৷ কিন্তু সংক্ষেপতে ক’বলৈ গ’লে আমি একেখন বাগিচাৰে ফুল৷ সেইবাবে মালদ্বীপৰ সাংস্কৃতিক ধৰোহৰৰ সংবৰ্ধন, মেনুস্ক্ৰিপ্টৰ সংৰক্ষণ আৰু দ্বিবেহী ভাষাৰ শব্দকোষৰ বিকাশৰ দৰে প্ৰকল্পত মালদ্বীপক সহযোগিতা প্ৰদান কৰা আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷

আৰু সেইবাবে, ফ্ৰাইডে’ মস্কোৰ সংৰক্ষণত ভাৰতৰ সহযোগিতা ঘোষণা কৰি আজি মই অতিশয় আনন্দিত হৈছো৷ ক’ৰেলৰ দ্বাৰা নিৰ্মিত এই ঐতিহাসিক মছজিদৰ দ্বিতীয় এটা কোনো ঠাইতে দেখা পোৱা নাযায়৷ মালদ্বীপৰ বাসিন্দাসকলে শতাধিক বৰ্ষ পূৰ্বে এই মছজিদৰ অদ্বিতীয় স্থাপত্য নিৰ্মাণ কৰিছে৷ ইয়াৰ দ্বাৰা প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ সন্মান আৰু সমাঞ্জস্যতা ধাৰণা কৰিব পাৰি৷

দুখৰ বিষয় যে আজি সামুদ্ৰিক সম্পদসমূহৰ ওপৰত প্ৰদূষণে ছানি ধৰিছে৷ এই ক্ষেত্ৰত এই সৰ্বসুলক্ষণীয় মছজিদৰ সংৰক্ষণে ইতিহাসতেই নহয়, আমাৰ পৰিবেশৰ সংৰক্ষণৰ বাৰ্তা সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰিব৷

অধ্যক্ষ মহোদয়,

মালদ্বীপত স্বতন্ত্ৰতা, গণতন্ত্ৰ, সুখ আৰু শান্তিৰ সমৰ্থনত ভাৰত মালদ্বীপৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈছে৷ সেয়া লাগিলে ১৯৮৮ৰ ঘটনাই হওক হা ২০০৪ চনৰ ছুনামিৰ দৰে প্ৰাকৃতিক বিপদেই হওক অথবা পানীৰ সংকটতেই হওক৷ আমি গৰ্বিত যে ভাৰতে প্ৰতিটো সমস্যাত আপোনালোকৰ প্ৰতিটো প্ৰয়াসত, প্ৰতিটো পদক্ষেপতে আপোনালোকৰ সৈতে থিয় হৈছে, আপোনালোকৰ সৈতে আগবাঢ়িছে৷ আৰু এতিয়া আমাৰ দুয়োখন দেশৰ বিকাশ, সমৃদ্ধি আৰু স্থিৰতাৰ পক্ষত সবল জনাদেশে পাৰস্পৰিক সহযোগিতাৰ নতুন পথ মুকলি কৰিছে৷

ৰাষ্ট্ৰপতি ছ’লিহৰ শেহতীয়া যাত্ৰাত ১.৪ বিলিয়ন ডলাৰৰ অৰ্থনৈতিক পেকেজৰ বাবে সহমতি প্ৰকাশ কৰা হৈছিল৷ সেই পদক্ষেপ প্ৰণয়নৰ উৎসাহজনক প্ৰগতি হৈছে৷ মালদ্বীপৰ বিকাশৰ বাবে ভাৰতৰ সহযোগিতাৰ লক্ষ্য হ’ল- মালদ্বীপৰ জনতাৰ সামাজিক আৰু আৰ্থিক বিকাশ৷ সেয়া লাগিলে দ্বীপসমূহত পানী আৰু স্বচ্ছতাৰ বিষয়েই হওক অথবা আন্তঃগাঁথনিৰ নিৰ্মাণেই হওক, স্বাস্থ্য সেৱাই হওক অথবা শিক্ষাই হওক৷ ভাৰতৰ সহযোগিতাৰ আধাৰ হ’ব লোক কল্যাণ আৰু মালদ্বীপৰ প্ৰয়োজনীয়তা তথা প্ৰাথমিকতা৷

আমাৰ বহুতো সামাজিক প্ৰভাৱ প্ৰকল্প আৰু অন্য সহযোগিতা কাৰ্যসূচীয়ে মালদ্বীপৰ জনতাৰ জীৱনক প্ৰভাৱিত কৰিছে৷ আৰু তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ আপোনালোকৰ প্ৰয়াসৰ পৰিপূৰক হিচাপে কাম কৰিছে৷ মালদ্বীপত গণতন্ত্ৰ আৰু সমৃদ্ধিৰ বাবে ভাৰত এক বিশ্বাসযোগ্য, শক্তিশালী আৰু অগ্ৰণী সহযোগী হিচাপে পৰিচিত হ’ব৷ আৰু আমাৰ এই সহযোগে আপোনালোক সকলো জন-প্ৰতিনিধিৰ হাত শক্তিশালী কৰিব৷

অধ্যক্ষ মহোদয়,

দেশৰ সম্বন্ধ কেৱল চৰকাৰৰ মাজতেই নহয়৷ জনতাৰ মাজত সম্পৰ্কই হ’ল সেই সম্বন্ধৰ চালিকা শক্তি৷ সেইবাবে, মই সেই সকলো উপায়ক গুৰুত্ব প্ৰদান কৰো যাৰ দ্বাৰা people-to-people exchanges ৰ প্ৰগতি হয়৷ সেয়ে মই আজি বিশেষভাৱে সন্তোষিত হৈছো কিয়নো আজি আমি দুয়োখন দেশৰ মাজত ফেৰী সেৱাৰ চুক্তি কৰিছো৷ মই এই কথাত সুখী হৈছো যে শিক্ষা, স্বাস্থ্য, ব্যৱসায় অদিৰ বাবে ভাৰতলৈ অহা মালদ্বীপবাসীক ভিজা সুবিধা চুক্তিৰ দ্বাৰা অধিক সুবিধা প্ৰদান কৰা হৈছে৷

অধ্যক্ষ মহোদয়,

পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰি আমি আজি বিশ্বৰ গম্ভীৰ অনিশ্চয়তা তথা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব৷ প্ৰযুক্তিৰ সবল উত্তৰণৰ দ্বাৰা উৎপন্ন বিশৃংখলতা, বহুধ্ৰুবীয় বিশ্বত আৰ্থিক আৰু সামাজিক পৰিবৱ্তন, প্ৰতিদ্বন্ধিতা আৰু প্ৰতিস্পৰ্ধা, চাইবাৰ স্পেচ আদিৰ সৈতে সম্বন্ধীয় বহু বিষয় আছে৷ কিন্তু মই সেই তিনিটা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰিবলৈ বিচাৰিম যি আমাৰ দুয়োখন দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ৷

অধ্যক্ষ মহোদয়,

সন্ত্ৰাসবাদৰ সমস্যা আমাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান৷ এই বিপদ এখন দেশ অথবা ক্ষেত্ৰৰ বাবে নহয়, সমগ্ৰ মানৱতাৰ বাবে৷ এনেকুৱা এটা দিন নাই য’ত সন্ত্ৰাসবাদে নিজৰ ভয়ংকৰ ৰূপ প্ৰদৰ্শন কৰি কোনো নিৰ্দোষীৰ প্ৰাণ লোৱা নাই৷ সন্ত্ৰাসবাদীসকলৰ বেংকো নাথাকে, টকাশালো নাথাকে আৰু অস্ত্ৰ-শস্ত্ৰৰ কাৰখানাও নাথাকে৷ তথাপিও তেওঁলোকৰ ধন আৰু অস্ত্ৰ-শস্ত্ৰৰ অভাৱ নহয়৷ ক’ৰ পৰা পায় তেওঁলোকে? কোনে এই সুবিধা প্ৰদান কৰে? সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাই হ’ল আটাইতকৈ বৃহৎ বিপদ৷ এয়া দুৰ্ভাগ্যৰ বিষয় যে জনতাই এতিয়াও ভাল সন্ত্ৰাসবাদী আৰু বেয়া সন্ত্ৰাসবাদীৰ পাৰ্থক্য বাহিৰ কৰাৰ ভুল কৰি আছে৷ কৃত্ৰিম মতভেদত আমি বহু সময় নষ্ট কৰিছো৷ পানী এতিয়া মূৰৰ ওপৰেৰে বৈ গৈছে৷ সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানৰ সৈতে ভালদৰে মোকাবিলা কৰিবলৈ সকলো মানৱতাবাদী শক্তিসমূহ একত্ৰিত হোৱা আৱশ্যক৷ সন্ত্ৰাসবাদ আৰু মৌলবাদৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ বিশ্বৰ নেতৃত্বসকল একত্ৰিত হ’ব লাগিব৷ যিদৰে বিশ্ব সম্প্ৰদায়ে জলবায়ু পৰিৱৰ্তনৰ বিপদৰ পৰিপ্ৰেক্ষিতত সক্ৰিয় ৰূপত বিশ্বব্যাপী সন্মিলনত অংশগ্ৰহণ কৰিছে, ঠিক সেইদৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধেও এইদৰে সন্মিলনত সন্মিলিত হ’ব নোৱাৰিনে?

মই বিশ্ব-সংগঠন আৰু সকলো প্ৰধান দেশসমূহক আহ্বান জনাইছো যে এক সময়সীমাৰ ভিতৰত সন্ত্ৰাসবাদৰ ওপৰত এক বিশ্বজনীন সন্মিলনৰ আয়োজন কৰা হওক৷ যাতে সন্ত্ৰাসবাদীসকল আৰু তেওঁলোকৰ সমৰ্থকসকলক স্তব্ধ কৰাৰ সাৰ্থক চিন্তা কৰিব পাৰি৷ যদি আমি অধিক পলম কৰো তেন্তে অনাগত প্ৰজন্মই আমাক ক্ষমা নকৰিব৷

অধ্যক্ষ মহোদয়,

মই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিলো৷ ইয়াত কোনো সন্দেহ নাই যে এই সত্যৰ সৈতে প্ৰতিপল আমি জীয়াই আছো৷ শুকাই যোৱা নদী আৰু বতৰৰ অনিশ্চয়তাই আমাৰ কৃষকসকল প্ৰভাৱিত কৰিছে৷ গলিত হিমখণ্ড আৰু সমুদ্ৰৰ বৰ্ধিত স্তৰে মালদ্বীপৰ দৰে দেশসমূহলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ কোৰল দ্বীৰ আৰু সমুদ্ৰৰ সৈতে জড়িত আজীৱিকাসমূহৰ ওপৰত প্ৰদূষণে ছানি ধৰিছে৷

অধ্যক্ষ মহোদয়, আপুনি সমুদ্ৰৰ গভীৰতাত বিশ্বৰ প্ৰথমখন কেবিনেট বৈঠক আয়োজিত কৰি এই বিপদৰ প্ৰতি বিশ্বৰ ধ্যান আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল৷ সেয়া কোনে পাহৰিব পাৰে?

মালদ্বীপে বহনক্ষম বিকাশৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে৷ মই সুখী যে মালদ্বীপে আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতাত অংশগ্ৰহণ কৰিছে৷ ভাৰতৰ এই যৌথ পদক্ষেপে পৰিবেশৰ সংৰক্ষণৰ বাবে বিশ্বৰ দেশসমূহক এক ব্যৱহাৰিক মঞ্চ প্ৰদান কৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিণামসমূহৰ সমাধান পুনৰ নৱীকৰণ শক্তিৰ সশক্ত বিকল্পৰ দ্বাৰা সম্ভৱ৷

২০২২ চন পৰ্যন্ত ১৭৫ গিগাবাইট পুনৰ নৱীকৰণ শক্তিৰ বাবে ভাৰতৰ লক্ষ্য আৰু সেয়া প্ৰাপ্ত কৰাত হোৱা আশাতীত প্ৰগতিৰ বিষয়ে এই সন্মানীয় সদন ভালদৰেই পৰিচিত৷ আৰু এতিয়া ভাৰতৰ সহযোগিতাত মালেৰ পথসমূহ আঢ়ৈহাজাৰ এলইডি পথৰ লাইটৰ দ্বাৰা জকমকাই আছে৷ আৰু ২ লাখ এলইডি বাল্ব মালদ্বীৰবাসীৰ ঘৰ তথা দোকানসমূহ জিলিকাবলৈ আহি পাইছে৷

ইয়াৰ দ্বাৰা বিদ্যুতো ৰাহি হ’ব আৰু খৰচো হ্ৰাস হ’ব৷ এয়া পৰিবেশ অনুকূলো হ’ব৷ পৰিবেশৰ সম্বন্ধত সৰু দ্বীপসমূহৰ বিষয়ে ভাৰতে বিশেষভাৱে চিন্তা কৰিছে৷ তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ বাবেই আমি কেৱল সহযোগিতা প্ৰকাশ কৰা নাই আনকি বিশ্বৰ বিভিন্ন মঞ্চত এই বিষয়ে উত্থাপনো কৰিছো৷ কিন্তু ইয়াক সন্মিলিত প্ৰয়াস আৰু বৃহৎ পৰিসৰত কৰা আৱশ্যক৷

কিন্তু যদি কোনোবাই এয়া ভাবে যে কেৱল প্ৰযুক্তিৰ দ্বাৰাই সমস্যা সমাধান হ’ব তেন্তে এয়া সত্য নহয়৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকাৰ মূল্যত, চিন্তাত, জীৱন-শৈলীত আৰু সমাজৰ পৰিৱৰ্তন অবিহনে এয়া সম্ভৱ নহয়৷ প্ৰাচীন ভাৰতীয় দৰ্শনত কোৱা হৈছে যে ‘‘মাতা ভূমিঃ, পুত্ৰোহঃ পৃথ্বীয়াঃ’’৷ যদি আমি পৃথিৱীক নিজৰ মাতৃ হিচাপে জ্ঞান কৰো তেন্তে তেওঁৰ সন্মান আৰু সংৰক্ষণ কৰিম, লোকচান নহয়৷ আমি লক্ষ্য ৰাখিব লাগিব যে এই পৃথিৱী হ’ল অনাগত প্ৰজন্মৰ ধৰোহৰ৷ আমি ইয়াৰ স্বামী নহয়, আমি ন্যাসৰক্ষীহে৷

অধ্যক্ষ মহোদয়,

তৃতীয় বিষয়টো হ’ল ভাৰত-প্ৰশান্ত (ইণ্ডো-পেচিফিক) ক্ষেত্ৰ যি আমাৰ বিনিময় ক্ষেত্ৰ৷ ইয়াত বিশ্বৰ ৫০% জনসংখ্যাই বাস কৰে৷ আৰু ই ধৰ্ম, সংস্কৃতি, ভাষা, ইতিহাস তথা ৰাজনৈতিক আৰু আৰ্থিক ব্যৱস্থাৰ সমাহাৰ ক্ষেত্ৰ৷ কিন্তু এই ক্ষেত্ৰত বৰ্তমানে বিবদমান বিষয় হৈ পৰিছে৷ ভাৰত-প্ৰশান্ত ক্ষেত্ৰ আমাৰ জীৱনৰেখা স্বৰূপ আৰু ব্যৱসায়ৰ ৰাজমাৰ্গৰ দৰে৷ ইয়াত সম্পাদন কৰা বিভিন্ন সহযোগিতা ভৱিষ্যতৰ কুঞ্জীস্বৰূপ৷ সেইবাবে মই ২০১৮ চনত জুন মাহত ছিংগাপুৰত ভাৰত-প্ৰশান্ত ক্ষেত্ৰৰ মুকলি, একীকৰণ তথা সন্তুলন বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলোৰে সৈতে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিলো৷ ইয়াৰ জৰিয়তেহে ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাসৰ জন্ম হ’ব৷ আৰু নিয়মসন্মত ব্যৱস্থা তথা বহুপক্ষীয় ব্যৱস্থা বাহাল থাকিব৷

অধ্যক্ষ মহোদয়,

চাৰি বছৰ পূৰ্বে মই ভাৰত মহাসাগৰ ক্ষেত্ৰৰ বাবে SAGAR ৰ পৰিকল্পনা সংৰেখিত কৰিছিলো৷ SAGAR ৰ অৰ্থ হিন্দীত সমুদ্ৰ৷ SAGAR অৰ্থাৎ Security And Growth for All in the Region হ’ল আমাৰ বাবে ভাৰত-প্ৰশান্ত অঞ্চলত সহযোগিতাৰ এক ব্লুপ্ৰিণ্ট৷ সমাবেশিতাৰ এই সিদ্ধান্তৰ ওপৰত আজি মই আকৌ গুৰুত্ব প্ৰদান কৰিবলৈ বিচাৰিম৷ মই এয়াও ক’ব বিচাৰিছো যে ভাৰতে নিজৰ শক্তি আৰু ক্ষমতাসমূহৰ ব্যৱহাৰ কেৱল নিজৰ সমৃদ্ধি আৰু সুৰক্ষাৰ বাবে নকৰে৷ তাৰ পৰিৱৰ্তে অন্য দেশৰ ক্ষমতাৰ বিকাশত, বিপদৰ সময়ত মানৱীয় সহায় তথা সকলো দেশ সহযোগিতা সুৰক্ষা, সম্পন্নতা আৰু উজ্বল ভৱিষ্যতৰ বাবে কৰিব৷ সমৰ্থ, সশক্ত আৰু সমৃদ্ধ ভাৰত কেৱল দক্ষিণ এছিয়া আৰু ভাৰত-প্ৰশান্ত অঞ্চলতেই নহয়, সমগ্ৰ বিশ্বতে শান্তি, বিকাশ আৰু সুৰক্ষাৰ আধাৰ স্তম্ভ হিচাপে বিবেচিত হ’ব৷

অধ্যক্ষ মহোদয়,

এই বীক্ষণক বাস্তৱায়িত কৰাৰ বাবে আৰু নীলা অৰ্থনীতিৰ সহযোগিতাৰ বাবে ভাৰতে মালদ্বীপতকৈ অধিক সহযোগিতা আন কাৰোৰে পৰা নাপায়৷ কাৰণ আমি সামুদ্ৰিক ওচৰ চুবুৰীয়া৷ কাৰণ আমি বন্ধু৷ আৰু বন্ধুৰ মাজত কোনো ডাঙৰ-সৰু, দুৰ্বলী-শক্তিশালী নাথাকে৷ শান্ত আৰু সমৃদ্ধ ওচৰ চুবুৰীয়াৰ ভেঁটি বিশ্বাস, সদ্ভাৱনা আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে৷ আৰু এই বিশ্বাস আমি পৰস্পৰে পৰস্পৰৰ চিন্তা তথা হিতৰ ধ্যান ৰখাৰ জৰিয়তেহে আহে৷ যাৰ দ্বাৰা আমি দুয়োৱে অধিক সমৃদ্ধ আৰু অধিক সুৰক্ষিত হ’ব পাৰো৷ এয়া তেতিয়াহে সম্ভৱ যেতিয়া আমি ভাল সময়ত আৰু বেয়া সময়তো নিজৰ বিশ্বাস সুদৃঢ় ৰাখিম৷

অধ্যক্ষ মহোদয়,

আমাৰ দৰ্শন আৰু আমাৰ নীতি হ’ল বসুধৈৱ কুটুম্বকম৷ অৰ্থাৎ সমগ্ৰ বিশ্বই হ’ল এটা পৰিয়াল৷ যুগপুৰুষ মহাত্মা গান্ধীয়ে কৈছিলঃ ‘‘There is no limit to extending our services to our neighbours.” ভাৰতে নিজৰ উপলব্ধিসমূহ সদায়েই বিশ্বৰ সৈতে আৰু বিশেষকৈ ওচৰ চুবুৰীয়াৰ সৈতে বিনিময় কৰি আহিছে৷ সেইবাবে ভাৰতৰ বিকাশ সহযোগী লোকসমূহৰ সশক্ত কৰাৰ বাবেহে, তেওঁলোকক দুৰ্বল প্ৰতিপন্ন কৰাৰ বাবে নহয় বা আমাৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰতা বৃদ্ধিৰ বাবে নহয় বা ভৱিষ্যতৰ প্ৰজন্মৰ কান্ধত ঋণৰ অসম্ভৱ বোজা দিয়াৰ বাবে নহয়৷

অধ্যক্ষ মহোদয়,

এই সময় প্ৰত্যাহ্বানেৰে ভৰা এক জটিল সংক্ৰান্তিকাল৷ কিন্তু প্ৰত্যাহ্বানে অৱকাশৰো সৃষ্টি কৰে৷ আজি ভাৰত আৰু মালদ্বীপৰ সন্মুখত অৱকাশৰ সৃষ্টি হৈছেঃ

·         ওচৰ চুবুৰীয়াসকলৰ লগত মিত্ৰতাপূৰ্ণ সম্বন্ধৰ আদৰ্শ প্ৰস্তুতৰ বাবে;

·         পাৰস্পৰিক সহযোগিতাৰ দ্বাৰা আমাৰ জনসাধাৰণৰ আৰ্থিক, সামাজিক তথা ৰাজনৈতিক আকাংক্ষা পূৰণ কৰাৰ বাবে;

·         নিজৰ ক্ষেত্ৰত স্থায়িত্ব, শান্তি আৰু সুৰক্ষা স্থাপিত কৰাৰ বাবে মিলিজুৰি কাম কৰাৰ;

·         বিশ্বৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ সামুদ্ৰিক ভূমিক সুৰক্ষিত কৰাৰ বাবে;

·         সন্ত্ৰাসবাদক হৰুৱাৰ বাবে;

·         সন্ত্ৰাসবাদ আৰু মৌলবাদৰ পোষক শক্তিক বিদূৰত ৰখাৰ বাবে;

·         আৰু স্বাস্থ্য তথা স্বচ্ছ পৰিবেশৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন অনাৰ বাবে৷

ইতিহাস আৰু আমাৰ নাগৰিকসকলে এয়াই আশা কৰিব যে এই অৱকাশ যাতে আমি অথলে যাবলৈ নিদিও, ইয়াৰ সম্পূৰ্ণ লাভ যাতে আমি উঠাব পাৰো৷ এই প্ৰয়াসত সম্পূৰ্ণ সহযোগিতাৰ বাবে আৰু মালদ্বীপৰ সৈতে আমাৰ অমূল্য মৈত্ৰীক অধিক গাঢ় কৰাৰ বাবে ভাৰত দৃঢ় প্ৰতিজ্ঞ৷

এই পবিত্ৰ সংকল্পৰ মই আজি আপোনালোকৰ সন্মুখত দোহাৰিছো৷ আপোনালোকে মোক আজি নিজৰ মাজত উপস্থিত থকাৰ সুবিধা প্ৰদান কৰিলে৷ পুনৰ বাৰ এই বৃহৎ সন্মানৰ বাবে ধন্যবাদ৷ আপোনালোকৰ মিত্ৰতাৰ বাবে ধন্যবাদ৷

বহু বহু ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.