প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত-জাৰ্মানীৰ দ্বিপাক্ষিক সম্পৰ্ক, গণতন্ত্ৰ আৰু আইনৰ প্ৰতি মৌলিক বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল৷

আন্তঃচৰকাৰী আলোচনাৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ব্যতিক্ৰমী ব্যৱস্থাই নতুন আৰু উন্নত প্ৰযুক্তি, ই-মোবিলিটী, ফুৱেল চেল প্ৰযুক্তি, স্মাৰ্ট চিটী, আভ্যন্তৰীণ জল পৰিবহন, সমুদ্ৰীয় ব্যৱস্থাপনা, নদী পৰিষ্কাৰ, পৰিৱেশ সুৰক্ষা আদিৰ দৰে ক্ষেত্ৰত ভাৰত আৰু জাৰ্মানীৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাত সহায় কৰিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি জাৰ্মান চেঞ্চেলৰৰ সৈতে যুটীয়া সংবাদ মেলত আৰম্ভণি বিবৃতি আগবঢ়ায়৷

জাৰ্মানী চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে ভাৰত-জাৰ্মানীৰ সম্পৰ্ক শক্তিশালী কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰপ্তানি নিয়ন্ত্ৰণ ব্যৱস্থা আৰু আন আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সদস্যভুক্তিৰ ক্ষেত্ৰত জাৰ্মানীৰ সহযোগিতাৰ বাবে ভাৰত কৃতজ্ঞ৷

তেওঁ কয় যে সুৰক্ষা পৰিষদ, ৰাষ্ট্ৰসংঘ আৰু আন আন্তঃৰাষ্ট্ৰীয় সংস্থাত সংশোধনৰ ক্ষেত্ৰত উভয় দেশে সহযোগিতা অব্যাহত ৰাখিব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi