প্ৰধানমন্ত্রীৰ প্ৰধান সচিব ড০ পি. কে. মিশ্ৰই আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ)ৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়ায়৷

ভাষণ প্ৰসংগত ড০ মিশ্ৰই এনডিএমএৰ সৈতে তেওঁৰ যোগসূত্রৰ কথা উল্লেখ কৰে৷ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এনডিএমএৰ বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে তেওঁ সন্তোষ প্ৰকাশ কৰে৷ প্ৰতিটো পৰ্যায়ত আমাৰ উন্নয়নৰ সৈতে সংগতি ৰাখি যিকোনো দুৰ্যোগ হ্রাস কৰাত বিভিন্ন অংশীদাৰদৰ সৈতে এনডিএমএৰ সমন্বয়ৰ ভূমিকাও তেওঁ প্ৰশংসা কৰে৷

ড০ পি. কে. মিশ্ৰই দুৰ্যোগ মোকাবিলাৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ এটি ৰূপৰেখা প্ৰকাশ কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ দৃষ্টিভংগীৰ অংগ হিচাপে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। দুৰ্যোগৰ সময়ক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোসকলকৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ বিভিন্ন ক্ষতিশংতা এৰাই চলিবলৈ তেওঁ এনডিএমএক বিভিন্ন পদ্ধতি গ্ৰহণ কৰৰ লক্ষ্যৰে নিয়মীয়া প্ৰচেষ্টা হাতত ল’বলৈ আহ্বান জনায়৷ দুৰ্যোগৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোকসকৰ কল্যাণাৰ্থে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব৷

এই বছৰৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ মূল বিষয় ‘অগ্নি নির্বাপণ ব্যৱস্থা’। তেওঁ কয় যে শেহতীয়া আমাজন অৰণ্য বনজুই আৰু চুৰাট অগ্নিকাণ্ডৰ পৰিপ্রেক্ষিতত সমগ্ৰ বিশ্বই এই বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ চহৰাঞ্চলত পৰিকল্পনাৰ ক্ষেত্রত অগ্নি নির্বাপণ ব্যৱস্থা উপযুক্ত হোৱা উচিৎ বুলি তেওঁ বিশ্বাস কৰে৷ তেওঁ তেওঁ কয় যে আবাসিক, বাণিজ্যিক, গাওঁ, চহৰ, উদ্যোগ প্ৰতিষ্ঠানত সুত্ৰপাত হোৱা জুঁয়ে প্ৰতিটো ক্ষেত্রত বেলেগ বেলেগ প্ৰত্যাহ্বান আছে৷ তেওঁ অগ্নিনিৰ্বাপক বাহিনীক ইয়াৰ বাবে উপযুক্ত প্ৰশিক্ষণ দিয়া প্ৰয়োজন বুলি কয়৷

প্ৰধানমন্ত্রীৰ প্ৰধান সচিবগৰাকীয়ে উল্লেখ কৰে যে সকলো গুৰুত্বপূর্ণ আন্তঃগাঁথনি, শ্বপিং কমপ্লেক্স, বাণিজ্যিক ভৱন আৰু চৰকাৰী ভৱনসমূহত অগ্নি নির্বাপণ ব্যৱস্থাৰ নিয়মীয়া পৰীক্ষা কৰা প্ৰয়োজন৷ এই ক্ষেত্রত অগ্নিকাণ্ডৰ পূৰ্বে উপযুক্ত ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব দিয়া হয়।

ছুৰাটৰ দৰে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পৌৰসভাসমূহে বিভিন্ন আইন মানি চলাটো অতি জৰুৰী৷ ছুৰাটত এটি বাণিজ্যিক কমপ্লেক্সৰ মাজত কোচিং চেণ্টাৰত অগ্নিকাণ্ডত বহু শিক্ষাৰ্থীৰ প্ৰাণহানি হৈছিল৷

অগ্নি নির্বাপণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত মুম্বাই চহৰত অত্যাধুনিক প্ৰযুক্তি আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰা হয়। ড০ পি. কে. মিশ্ৰই এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷ মুম্বাই চহৰত ড্রোন, হস্তচালিত লেজাৰ ইনফ্রাৰেড কেমেৰা জুঁই নিৰ্বাপনৰ সময়ত ৰিমোর্ট কন্ট্রোলচালিত ৰবটৰ ব্যৱহাৰ কৰা হয়। তেওঁ অন্যান্য চহৰসমূহকো মুম্বাই আৰ্হি গ্ৰহণ কৰাৰ আহ্বান জনায়৷

অগ্নিকাণ্ডৰ পাছত দ্রুত ব্যৱস্থা ল’বলৈ মুম্বাই, হায়দৰাবাদ আৰু গুৰগাঁওৰ দৰে চহৰত ভ্রাম্যমান অগ্নি নিৰ্বাপক বাহিনী তহল দি থাকে৷ ইয়াৰ ফলত জুঁইৰ সুত্ৰপাত হ’লেই ক্ষিপ্ৰতাৰে পৰিস্থিতিৰ মোকাবিলা কৰা যায়। ড০ মিশ্ৰই এই প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয় যে স্থানীয় প্ৰশাসনে অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে জুঁই নিৰ্বাপনৰ কাম সহযোগ কৰা উচিৎ।

ড০ মিশ্ৰই এই প্ৰসংগ পশ্চিমীয়া দেশসমূহৰ উদাহৰণ দি কয় যে কোনো দুৰ্যোগ অথবা জৰুৰীকালীন পৰিস্থিতিত অগ্নিনিৰ্বাপক বাহিনীক প্ৰেৰণ কৰা হয়৷ তেওঁৰ মতে এই ধৰনৰ দুৰ্যোগৰ ক্ষেত্রত অগ্নিনিৰ্বাপক বাহিনীয়ে যাতে প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সেই লক্ষ্যৰে এই সেৱাৰ আধুনিকীকৰণৰ প্ৰয়োজন আছে। ইয়াৰ বাবে নিয়মীয়া অনুশীলন, সজাগতা কাৰ্যসূচী ইত্যাদি গ্ৰহণ কৰিব লাগিব৷

তেওঁ ২০১২ চনত অগ্নি নিৰ্বাপক বাহিনীৰ বাবে যি ৰাষ্ট্ৰীয় নির্দেশাৱলী প্ৰকাশ কৰা হৈছিল, সেয়া সংশোধনৰ বাবে এনডিএমএৰ প্ৰতি প্ৰস্তাৱ আগবঢ়ায়৷

সামৰণিত তেওঁ কয় যে ‘সকলোৰে বাবে অগ্নি নির্বাপণ ব্যৱস্থা’ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতিনিধিসকলৰ লগতে এনডিএমএ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসূহৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."