শুভাৰম্ভণিৰ সময়ছোৱাত ভাৰ্চুৱেলী সংযোজিত হ’ব সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০০০ ৰোধিক ছাইট
শুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰী, ২০২১ ৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ টিকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এয়া হ’ব বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম যিয়ে দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ সামৰি ল’ব। শুভাৰম্ভণিৰ সময়ছোৱাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩০০৬ ছেচন ছাইট ভাৰ্চুৱেলী সংযোজিত হ’ব। শুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছেচন ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হ’ব।

এই টিকাদান কাৰ্যসূচী অগ্ৰাধিকাৰমূলক গ্ৰুপক টিকাদানৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু আইচিডিএছ কৰ্মীকে ধৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়ৰে হেল্থ কেয়াৰ কৰ্মীয়ে এই পৰ্যায়ত ভেকচিন লাভ কৰিব।

এই টিকাদান কাৰ্যসূচীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যুগুত কৰি উলিওৱা অনলাইন ডিজিটেল প্লেটফৰ্ম ক’-উইন (Co-WIN) ব্যৱহাৰ কৰা হ’ব, যিয়ে ভেকচিনৰ মজুত, মজুত তাপমান আৰু ক’ভিড-১৯ৰ ভেকচিনৰ অৰ্থে হিতাধিকাৰীসকলৰ স্বতন্ত্ৰ ট্ৰেকিঙৰ সময়োচিত তথ্য লাভ সহজতৰ কৰি তুলিব। এই ডিজিটেল প্লেটফৰ্মে টিকাদান ছেচনসমূহ পৰিচালনাৰ সময়ছোৱাত সকলো স্তৰৰ প্ৰগ্ৰেম মেনেজাৰসকলক সহায় কৰিব।

তদুপৰি ক’ভিড-১৯ মহামাৰী, ভেকচিন প্ৰদান আৰু ক’-উইন ছফ্টৱেৰ সম্পৰ্কীয় প্ৰশ্নৰে মোকাবিলাৰ অৰ্থে এটা সমৰ্পিত ২৪X৭ কল চেন্টাৰ- ১০৭৫ স্থাপন কৰা হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সক্ৰিয় সহযোগিতাত সমগ্ৰ দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিচিল্ড আৰু ক’ভাক্সিন উভয়ৰে যথোচিত পালি ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। এইসমূহ জিলা/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে জিলাসমূহলৈ হস্তান্তৰ কৰিব। জন ভাগিদাৰী মন্ত্ৰৰে এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra
July 03, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra from today:

“वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥"

The Subhashitam says, "I daily worship the merciful Lord Amarnath, whose nature cannot be comprehended through speech, intellect, mind, the senses, or even through severe finances, who is easily attainable through devotion, and who is the refuge of those who bow before him."

The Prime Minister wrote on X;

समस्त शिवभक्तों को पावन-पुनीत श्री अमरनाथ यात्रा के शुभारंभ की अनंत शुभकामनाएं! बाबा बर्फानी के दिव्य दर्शन की यह यात्रा आप सभी के जीवन में सुख-समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आए।

जय बाबा बर्फानी!

वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥