প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ জুলাই, ২০২২ ৰ বিয়লি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰয়াত হৰমোহন সিং যাদৱৰ ১০ম মৃত্যু বাৰ্ষিকী পালনৰ কাৰ্য্যসূচী সম্বোধন কৰিব।

হৰমোহন সিং যাদৱ (১৮ অক্টোবৰ, ১৯২১ - ২৫ জুলাই, ২০১২) ৰ আছিল অসাধাৰণ ব্যক্তিত্ব আৰু তেওঁ যাদৱ সম্প্ৰদায়ৰ নেতা আছিল। সমাজখনৰ কৃষক, পিছপৰা শ্ৰেণী আৰু অন্যান্য শ্ৰেণীৰ বাবে প্ৰয়াত নেতাগৰাকীৰ অৱদানৰ স্বীকৃতি জনাবলৈ প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব।

সুদীৰ্ঘদিনে ৰাজনীতিত সক্ৰিয় হৈ থকা হৰমোহন সিং যাদৱে এমএলচি, বিধায়ক, ৰাজ্যসভাৰ সাংসদ আৰু ‘অখিল ভাৰতীয় যাদৱ মহাসভা’ ৰ অধ্যক্ষৰ দৰে একাধিক পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁৰ পুত্ৰ শ্ৰী সুখৰাম সিঙৰ সহায়ত কানপুৰ আৰু ইয়াৰ আশে-পাশে বহুতো শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাত আগ-ভাগ হৈছিল।

হৰমোহন সিং যাদৱক ১৯৮৪ ৰ শিখ-বিৰোধী গোলমালৰ সময়ত কেইবাগৰাকীও শিখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সাহসিকতা প্ৰদৰ্শনৰ বাবে ১৯৯১ ত শৌৰ্য্য চক্ৰৰে সন্মানিত কৰা হৈছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth