এই তিনিটা প্ৰকল্প ভাৰতৰ সাহায্যৰ সহায়ত সম্পাদন কৰা হৈছে
প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰেল সংযোগ; খুলনা - মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট
এই প্ৰকল্পসমূহে অঞ্চলটোত যাতায়াত ব্যৱস্থা আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১ নৱেম্বৰ ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ সাহায্যত নিৰ্মাণ কৰা তিনিটা উন্নয়নমূলক প্ৰকল্প যুটীয়াভাৱে উদ্বোধন কৰিব। প্ৰকল্প তিনিটা হৈছে আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ; খুলনা- মংগলা বন্দৰগাহ ৰেল লাইন; আৰু মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ দ্বিতীয় ইউনিট।

 

আখাউৰা-আগৰতলা ক্ৰছ-বৰ্ডাৰ ৰে'ল সংযোগ প্ৰকল্পটো ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশক প্ৰদান কৰা ৩৯২.৫২ কোটি টকাৰ সাহায্যৰ অধীনত নিৰ্মাণ কৰা হৈছে। বাংলাদেশত ৬.৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত গজ ৰেল লাইন আৰু ত্ৰিপুৰাত ৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেল লাইনৰ সৈতে ৰেল সংযোগৰ মুঠ দৈৰ্ঘ্য হৈছে ১২.২৪ কিলোমিটাৰ।

 

খুলনা-মংগলা বন্দৰগাহ ৰে'ল লাইন প্ৰকল্পটো ভাৰত চৰকাৰৰ ৰেহাই ঋণ সুবিধাৰ অধীনত মুঠ ৩৮৮.৯২ নিযুত আমেৰিকান ডলাৰ প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।। প্ৰকল্পটোত মংগলা বন্দৰ আৰু খুলনাৰ বিদ্যমান ৰেল নেটৱৰ্কৰ মাজত প্ৰায় ৬৫ কিলোমিটাৰ ব্ৰডগজ ৰেল পথ নিৰ্মাণ কৰা হ'ব। ইয়াৰ সৈতে, বাংলাদেশৰ দ্বিতীয় বৃহত্তম বন্দৰগাহ মংগলা ব্ৰডগজ ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ পৰিল।

 

১.৬বিলিয়ন আমেৰিকান ডলাৰৰ ভাৰতীয় ৰেহাইমূলক বিত্তীয় আঁচনি ঋণৰ অধীনত মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প হৈছে বাংলাদেশৰ খুলনা ডিভিজনৰ ৰামপালত অৱস্থিত ১৩২০ মেগাৱাট (২x৬৬০)ৰ চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট (এমএছটিপিপি)। এই প্ৰকল্পটো বাংলাদেশ-ভাৰত মৈত্ৰী শক্তি কোম্পানী (প্ৰাইভেট) লিমিটেড (বিআইএফপিচিএল)ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে, যি হৈছে ভাৰতৰ এনটিপিচি লিমিটেড আৰু বাংলাদেশ পাৱাৰ ডেভেলপমেণ্ট ব'ৰ্ডৰ (বিপিডিবি) মাজত ৫০:৫০ৰ যুটীয়া উদ্যোগ কোম্পানী। ২০২২ চনৰ ছেপ্টেম্বৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ ইউনিট ১ উন্মোচন কৰে আৰু ২০২৩ চনৰ ১ নৱেম্বৰত ইউনিট ২ উদ্বোধন কৰা হ'ব। মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ কাৰ্যকৰীকৰণে বাংলাদেশত শক্তি সুৰক্ষা বৃদ্ধি কৰিব।

 

এই প্ৰকল্পসমূহে অঞ্চলটোত সংযোগ আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুন 2026
June 23, 2026

Holistic Development under the Modi Government: Delivering Positive Transformation Across Every Sector