দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি শ্রী ছিৰিল ৰামাফোছাৰ আমন্ত্রণত মই ২২-২৪ আগষ্টত দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিম। ভ্ৰমণকালত দক্ষিণ আফ্রিকাৰ  নেতৃত্বত জোহান্সবার্গত পঞ্চদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্রহণ কৰিম।

ব্রিকছ গোষ্ঠী বিভিন্ন ক্ষেত্রত শক্তিশালী সহযোগিতা গঢ়ি তুলি উদ্যোগী হৈছে। এই গোষ্ঠী বিভিন্ন উন্নয়নশীল উদ্যোগ আৰু বহুস্তৰীয় ব্যৱস্থাৰ সংস্কাৰসহ বিকাশশীল ৰাষ্ট্রসমূহৰ নানা সমস্যাক লৈ আলোচনা তথা সিবিলাকৰ সমাধানৰ পথ সন্ধান কৰাৰ এখন মঞ্চ হৈ উঠিছেআমি ইয়াক মান্যতা দিওঁ। ভৱিষ্যতে কোন কোন ক্ষেত্রত সহযোগিতা গঢ়ি তুলিব লাগিব আৰু এই সংগঠনৰ নানা প্রতিষ্ঠানিক উন্নয়ন সন্দৰ্ভত এই শীর্ষ সন্মিলনত আলোচনা হ'ব।

জোহান্সবার্গ ভ্ৰমণকালত মই ব্রিকছ শীর্ষ সন্মিলনৰ অঙ্গ হিচাপে ব্রিকছআফ্রিকা আউটৰিচ তথা ব্রিকছ প্লাছ ডায়েলগত অংশগ্রহণ কৰিম। সন্মিলনত আমন্ত্রিত অতিথি ৰাষ্ট্রসমূহৰ সদস্যসকলৰ সৈতে মতবিনিময়ৰ বাবে অপেক্ষাৰত মই।

জোহান্সবার্গত বিভিন্ন দেশৰ পৰা অহা কেইবাজনো নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবেও মই অপেক্ষা কৰি আছোঁ।

দক্ষিণ আফ্রিকাৰ পৰা ২৫ আগষ্টত মই যাম গ্রীচৰ এথেন্সলৈ। গ্রীচৰ প্রধানমন্ত্রী শ্রী কিৰিয়াকোছ মিতছোটাকিছৰ আমন্ত্রণত মোৰ এই ভ্ৰমণ। প্রাচীন এই ভূমিলৈ ইয়াৰ আগতে মই কেতিয়াও যোৱা নাই। ৪০ বছৰৰ পাছত গ্রীচত এই প্রথম কোনো ভাৰতীয় প্রধানমন্ত্রীয়ে ভ্ৰমণ কৰিব যি মোৰ বাবে অত্যন্ত সন্মানজনক।

২০০০ বছৰৰো বেছি সময় ধৰি আমাৰ দুই সভ্যতাৰ মাজত যোগাযোগ আছে। বর্তমান সময়কালত অভিন্ন গণতান্ত্রিক মূল্যবোধআইনৰ শাসন আৰু বহুত্ববাদৰ পথ অনুসৰণ কৰি আমাৰ সম্পর্ক আৰু শক্তিশালী হৈছে। ব্যৱসায়-বাণিজ্য তথা বিনিয়োগপ্রতিৰক্ষাসংস্কৃতি আৰু মানুহৰ মাজত যোগাযোগৰ ফলত দুয়োখন দেশ অধিক ওচৰচাপি আহিছে।

গ্রীচ ভ্ৰমণকালত আমাৰ বহুপাক্ষিক সম্পর্কৰ এক নতুন অধ্যায় লিখা হ'ব বুলি মই আশাবাদী।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force

Media Coverage

Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Shilpa’s personal best throw made the achievement even more remarkable.

Shri Modi congratulated her on the accomplishment.

The Prime Minister wrote on X;

“A brilliant performance by Shilpa Kanchugarakoppalu Shyla at the Commonwealth Games 2026!

Congratulations to Shilpa for having won the Bronze Medal in the Women's Shot Put F57 Final and that too with a personal best throw. This is indeed a remarkable accomplishment.

#CWG2026”