প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে মহাৰাষ্ট্ৰৰ য়াভাতমল আৰু ধুলে পৰিভ্ৰমণ কৰিব৷ তাতে তেওঁ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷

য়াভাতমলত

প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি নন্দেদত একলব্য মডেল আৱাসিক বিদ্যালয় মুকলি কৰিব৷ ৪২০জন শিক্ষাৰ্থীৰ সামৰ্থযুক্ত এই বিদ্যালয়খনত ষ্টেট-অব্-আৰ্টৰ সুবিধা প্ৰদান কৰা হ’ব৷ ইয়াৰ দ্বাৰা জনজাতীয় শিক্ষাৰ্থীসকল উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ অধীনত নিৰ্মাণ হোৱা গৃহসমূহৰ চাবি নিৰ্বাচিত হিতাধিকাৰীসকলক ই-গৃহ প্ৰৱেশৰ জৰিয়তে প্ৰদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকযোগে আজনি (নাগপুৰ)-পুণে ৰে’লৰ ফ্লেগ-অফ কৰিব৷ এই ৰে’লখনত থ্ৰী-টায়াৰৰ দবা প্ৰদান কৰা হৈছে যি নাগপুৰৰ পৰা পুণেলৈ নিশা যাত্ৰা কৰিব৷ কেন্দ্ৰীয় পথ পুঁজি (চিআৰএফ)ৰ অধীনত পথসমূহৰ বুটাম টিপি আধাৰশিলা স্থাপন কৰা হ’ব৷

তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (এমএছআৰএলএম)ৰ অধীনত মহিলাৰ আত্মসহায়ক গোটসমূহলৈ স্বীকৃতিপত্ৰ/চেক প্ৰদান কৰিব৷ এমএছআৰএলএমৰ দ্বাৰা সামাজিক ম’বিলাইজেছনৰ জৰিয়তে বিত্তীয় সমাপন কৰি জীৱিকাৰ সুবিধা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

ধুলেত

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ধুলে ভ্ৰমণ কৰিব৷ তাতে তেওঁ পিএমকেএছৱাইৰ অধীনত ল’ৱাৰ পানাজাৰা মজলীয়া প্ৰকল্প মুকলি কৰিব৷ এই প্ৰকল্পটো ২০১৬-১৭ চনত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা (পিএমকেএছৱাই)ৰ অধীনত গ্ৰহণ কৰা হৈছিল৷ ইয়াৰ ১০৯.৩১ মেট্ৰিক ঘনমিটাৰৰ সামৰ্থৰ সৈতে ধুলে জিলাৰ ২১খন গাঁৱত ৭৫৮৫ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাৰ ক্ষমতা আছে৷

প্ৰধানমন্ত্ৰীয়ে ছুলৱাড়ে জামফাল কানলি লিফ্ট জলসিঞ্চন আঁচনিৰো আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ বাৰিষাৰ ঋতুৰ ১২৪ দিনত টাপি নদীৰ পৰা ৯.২৪ টিএমচি বানপানী সিঁচাৰ ক্ষমতা আছে৷ ইয়াৰ দ্বাৰা ধুলে জিলাৰ ১০০খন গাঁৱৰ ৩৩৩৬৭ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে অমৃত যোজনাৰ অধীনত ধুলে চিটী পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা উদ্যোগ তথা বাণিজ্যিক উত্তৰণৰ বাবে প্ৰয়োজনীয় পানীৰ ব্যৱস্থাপনা সম্ভৱ হ’ব৷

প্ৰধানমন্ত্ৰীয়ে ধুলে-নাৰদানা ৰে’লৱে লাইন আৰু জলগাঁও-মানমাড় তৃতীয় ৰে’লৱে লাইনৰ আধাৰশিলাও স্থাপন কৰিব৷ তেওঁ ভিডিঅ’ লিংকযোগে ভুশাৱাল-বান্দ্ৰা খান্দেশ এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ-অফ্ কৰিব৷ ই মুম্বাই আৰু ভুশাৱালৰ মাজত নৈশ ৰে’লযাত্ৰাৰ সুবিধা প্ৰদান কৰিব৷ এই ৰে’লখন সপ্তাহত তিনি দিন চলিব৷

প্ৰধানমন্ত্ৰীয়ে জলগাঁও-উধানা দ্বৈতকৰণ আৰু বৈদ্যুতিক ৰে’ল প্ৰকল্পৰ মুকলি কৰিব৷ এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী কঢ়িওৱা সামৰ্থ বৃদ্ধি হ’ব৷ ই নন্দুবাৰ, ব্যাৰা, ধাৰণগাঁও আৰু অন্য স্থানসমূহৰ উন্নয়নৰ অনুঘটক হিচাপে বিবেচিত হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."