ভাৰতীয় সামগ্ৰীৰ শুল্ক ১৮% লৈ হ্ৰাস কৰাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত  ১৮% পৰ্যন্ত শুল্ক হ্ৰাস কৰাৰ ঘোষণাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে যেতিয়া দুখন বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰই একেলগে কাম কৰে তেতিয়া ই আমাৰ জনসাধাৰণক উপকৃত কৰে আৰু পাৰস্পৰিক লাভ অৰ্জন কৰিব পৰাকৈ সহযোগিতাৰ অপৰিসীম সুযোগ মুকলি কৰে।

”গোলকীয় শান্তি, স্থিতিশীলতা, আৰু সমৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্ব অতি প্ৰয়োজনীয়।শান্তিৰ বাবে তেওঁ গ্ৰহণ কৰা  প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে”, শ্ৰী মোদীয়ে কয়।

শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"আজি মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পাই আহ্লাদিত হৈছো। মই আনন্দিত যে মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ শুল্ক এতিয়া ১৮% হ্ৰাস পাব।এই ঘোষণাৰ বাবে ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক বহুত বহুত ধন্যবাদ।

যেতিয়া দুখন বৃহৎ অৰ্থনীতি আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰই একেলগে কাম কৰে, তেতিয়া ই আমাৰ জনসাধাৰণক উপকৃত কৰে আৰু পাৰস্পৰিকভাৱে উপযোগী সহযোগিতাৰ অপৰিসীম সুযোগ মুকলি কৰে।

বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্ব অতি প্ৰয়োজনীয়। শান্তিৰ বাবে তেওঁৰ প্ৰচেষ্টাক ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰে।তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আমাৰ অংশীদাৰিত্বক অভূতপূৰ্ব উচ্চতালৈ লৈ যোৱাৰ বাবে মই আগ্ৰহী।”

@POTUS

@realDonaldTrump

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India