প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটিছ প্ৰধানমন্ত্ৰী মিঃ বৰিছ জনছনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

আসন্ন গণতন্ত্ৰ দিৱসৰ প্ৰধান অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী জনছনে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে যদিও বৃটেইনত ক’ভিড-১৯ ৰ কাৰণে পৰিৱৰ্তিত পৰিস্থিতিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি তেওঁ দুঃখ প্ৰকাশ কৰে। অদূৰ ভৱিষ্যতে তেওঁ ভাৰত ভ্ৰমণৰ বাবে তেওঁৰ আগ্ৰহ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনায় যে বৃটেইনৰ পৰিৱৰ্তিত এই ব্যতিক্ৰমী পৰিস্থিতিৰ কথা তেওঁ বুজিব পাৰিছে আৰু এই মহামাৰী দ্ৰুতভাৱে নিয়ন্ত্ৰণ কৰিূ পৰা যাব বুলি আশা প্ৰকাশ কৰে। শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হ’লে শ্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক ভাৰতলৈ স্বাগতম জনাব পাৰিব বুলিও আশা প্ৰকাশ কৰে।

সমগ্ৰ বিশ্বৰ বাবেই ক’ভিড-১৯ টীকাৰ ব্যৱস্থাৰ লগতে অন্যান্য বিভিন্ন বিষয়ত দুই দেশৰ মাজৰ সহযোগিতাৰ প্ৰসঙ্গত উভয় নেতাই মত বিনিময় কৰে। ক’ভিডৰ পৰবৰ্তী সময়ত ব্ৰেক্সিটৰ পিছৰ সময়ছোৱাত তেওঁলোকে ভাৰত আৰু বৃটেইনৰ মাজত অংশীদাৰীত্বৰ বিভিন্ন সম্ভাৱনাৰ বিষয়ে তেওঁৰ বিশ্বাস পুনৰ্ব্যক্ত কৰে আৰু এই সম্ভাৱনাক কামত লগোৱাৰ বাবে এক সৰ্বাঙ্গীণ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ একত্ৰিত হৈ কাম কৰাৰ প্ৰসঙ্গতো সহমত পোষণ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch