“First steps towards cleanliness taken with Swachh Bharat Abhiyan with separate toilets built for girls in schools”
“PM Sukanya Samruddhi account can be opened for girls as soon as they are born”
“Create awareness about ills of plastic in your community”
“Gandhiji chose cleanliness over freedom as he valued cleanliness more than everything”
“Every citizen should pledge to keep their surroundings clean as a matter of habit and not because it’s a program”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত কণমানি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে আৰু স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱাত তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

স্বচ্ছতাৰ উপকাৰিতাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে সোধাত ছাত্ৰই ৰোগ প্ৰতিৰোধ আৰু সুস্থ ভাৰতৰ বিষয়ে সজাগতা সৃষ্টিৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে। এজন ছাত্ৰই শৌচাগাৰ নথকাৰ বাবে ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে আগতে বেছিভাগ মানুহেই মুকলিত শৌচ কৰিবলৈ বাধ্য হৈছিল, যাৰ বাবে বহু ধৰণৰ ৰোগ বিয়পি পৰিছিল আৰু ই মহিলাৰ বাবে অত্যন্ত ক্ষতিকাৰক আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত সবাতোকৈ প্ৰথমে পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যাৰ অধীনত বিদ্যালয়ত ছোৱালীৰ বাবে পৃথক শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত তেওঁলোকৰ বিদ্যালয় এৰাৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল।

 

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধী জী আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম জয়ন্তী উপলক্ষেও আলোচনা কৰে। শ্ৰী মোদীয়ে যোগাসনত যুৱক-যুৱতীসকলৰ সংখ্যা বৃদ্ধিক লৈ সন্তুষ্টি প্ৰকাশ কৰে আৰু আসনৰ উপকাৰিতাৰ বিষয়েও কয়। একাংশ শিশুৱে প্ৰধানমন্ত্ৰীৰ সন্মুখত কিছু আসনো প্ৰদৰ্শন কৰে, যাৰ ওপৰত সকলোৱে হাত চাপৰি বজায়। তেওঁ ভাল পুষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম-সুকন্যা আঁচনিৰ বিষয়ে সোধাত, এগৰাকী ছাত্ৰীয়ে আঁচনিখনৰ বিষয়ে বিতংভাৱে বুজাই কয় যে ইয়াৰ দ্বাৰা ছোৱালীয়ে বেংক একাউণ্ট খুলিবলৈ সহায় হয় যাতে তেওঁলোকে প্ৰাপ্তবয়স্ক হ’লে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ছোৱালীৰ জন্মৰ লগে লগে পিএম সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰিব আৰু প্ৰতি বছৰে ১০০০ টকা জমা কৰিবলৈ পৰামৰ্শ দিয়ে, যিটো পিছলৈ শিক্ষা আৰু বিবাহৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। তেওঁ কয় যে ১৮ বছৰৰ পাছত এই জমা ধনৰাশি ৫০ হাজাৰ টকা হ’ব আৰু ইয়াৰ ওপৰত প্ৰায় ৩২ হাজাৰৰ পৰা ৩৫ হাজাৰ টকা পৰ্যন্ত সুত পাব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছোৱালীয়ে ৮.২ শতাংশ পৰ্যন্ত সুত পায়।

 

প্ৰধানমন্ত্ৰীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশুৰ কৰ্মৰাজিৰ এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। তেওঁ গুজৰাটৰ এটা বন্যাৰ্ত অঞ্চলৰ এখন বিদ্যালয়ৰ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত প্ৰতিজন ছাত্ৰক এজোপা গছ দিয়া হৈছিল আৰু প্ৰতিদিনে তেওঁৰ পাকঘৰৰ পৰা পানী আনিবলৈ কৈ তেওঁক পানী দিবলৈ কোৱা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া তেওঁ ৫ বছৰৰ পাছত সেই বিদ্যালয়খনলৈ যায় তেতিয়া তেওঁ সেউজীয়াৰ ৰূপত অভূতপূৰ্ব পৰিৱৰ্তন দেখিছিল। প্ৰধানমন্ত্ৰীয়ে আৱৰ্জনা পৃথক কৰি পচন সাৰ তৈয়াৰ কৰাৰ উপকাৰিতাৰ বিষয়েও কয় আৰু ছাত্ৰ-ছাত্ৰীসকলক ঘৰতো এই প্ৰথা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সমাজত প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি তাৰ পৰিৱৰ্তে কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

 

শিশুসকলৰ লগত কথা পাতি থাকোঁতে শ্ৰী মোদীয়ে এখন ডিছপ্লে বৰ্ডত গান্ধীজীৰ চশমাযোৰৰ ফালে আঙুলিয়াই শিশুসকলক কয় যে গান্ধীজীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা আছে নে নাই সেইটোৰ ওপৰত চকু ৰাখিছিল। তেওঁ কয় যে গান্ধীজীয়ে গোটেই জীৱন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে কাম কৰিছিল। এটা উপাখ্যান শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে শিশুসকলক কয় যে যেতিয়া গান্ধীজীক স্বাধীনতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজৰ পৰা এটা বাছনি কৰিবলৈ দিয়া হৈছিল, তেতিয়া গান্ধীজীয়ে স্বাধীনতাৰ সলনি পৰিষ্কাৰ-পৰিচ্ছন্নতাক বাছি লৈছিল কাৰণ তেওঁ সকলোতকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাক অধিক মূল্য দিছিল। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক চাফাই কৰাটো এটা কাৰ্যসূচী হ’ব লাগে নে অভ্যাস হ’ব লাগে বুলি সোধাত শিশুসকলে কয় যে চাফাই কৰাটো এটা অভ্যাস হ’ব লাগে। তেওঁ শিশুসকলক কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতা এজন ব্যক্তি বা এটা পৰিয়ালৰ বা এককালীন অনুষ্ঠানৰ দায়িত্ব নহয়, বৰঞ্চ ব্যক্তিজন জীয়াই থকালৈকে ই এক প্ৰক্ৰিয়া চলি থাকে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কয়, “মই মোৰ চাৰিওফালে লেতেৰা নকৰোঁ” এই মন্ত্ৰ দেশৰ প্ৰতিজন নাগৰিকে গ্ৰহণ কৰিব লাগে। লগতে প্ৰধানমন্ত্ৰীয়ে শিশুসকলক স্বচ্ছতাৰ শপত গ্ৰহণো কৰায়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.