প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ ছেপ্টেম্বৰ, ২০২০ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নমামী গংগা অভিযানৰ অধীনত উত্তৰাখণ্ডত ছটা বৃহৎ প্ৰকল্পৰ উদ্বোধন কৰিব।

এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ এটা ৬৮ এমএলডি এছটিপিৰ নিৰ্মাণ, হৰিদ্বাৰৰ জগজিৎপুৰত বৰ্তমানে থকা ২৭ এমএলডিৰ উন্নীতকৰণ আৰু হৰিদ্বাৰৰ চাৰাইত এটা ১৮ এমএলডি এছটিপিৰ নিৰ্মাণ। একেদৰে উদ্বোধন কৰিব ৬৮ এমএলডি জগজিৎপুৰ প্ৰকল্প। যি হৈছে পিপিপিৰ হাইব্ৰিড এনুইটি ম’ডত সম্পূৰ্ণ হৈ উঠা প্ৰথমটো চেৱেৰেজ প্ৰকল্প।

হৃষীকেশৰ লাক্কাদঘাটত এটা ২৬ এমএলডি এছটিপি উদ্বোধন কৰা হ’ব।

হৰিদ্বাৰ-হৃষীকেশ মণ্ডলে গংগা নদীলৈ প্ৰায় ৮০% লেতেৰা পানীৰ ল’ড আগবঢ়ায়। সেয়েহে, গংগা নৈক স্বচ্ছ কৰি ৰখাত এই এছটিপিসমূহৰ উদ্বোধনে এটা বিশেষ ভূমিকা পালন কৰিব।

মুনি কী ৰেতি টাউনৰ চন্দ্ৰেশ্বৰ নগৰৰ ৭.৫ এমএলডি এছটিপি হ’ব দেশখনৰ প্ৰথমটো ৪ মহলীয়া চেৱেৰেজ ট্ৰিটমেন্ট প্লান্ট য’ত ভূমিৰ উপলব্ধতাৰ সীমাবদ্ধতাক সুযোগলৈ ৰূপান্তৰিত কৰা হৈছে। এই এছটিপিটো ৯০০ বৰ্গ মিটাৰতকৈয়ো কম এলেকাত নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য কথাটো হৈছে ই এনে ক্ষমতাৰ এছটিপিৰ অৰ্থে সচৰাচৰ প্ৰয়োজনীয় এলেকাৰ ৩০%।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি চৰপানীত এটা ৫ এমএলডি এছটিপি আৰু বদ্ৰীনাথত ১ এমএলডি আৰু ০.০১ এমএলডি ক্ষমতাৰ দুটা এছটিপি উদ্বোধন কৰিব।

গংগা নৈৰ পাৰৰ ১৭ খন গংগা টাউনৰপৰা প্ৰদূষণ নিৰ্মূল কৰিবলৈ উত্তৰাখণ্ডত ৩০ টা প্ৰকল্প (১০০%) এতিয়া সম্পূৰ্ণ কৰিব পৰাটো এটা উল্লেখযোগ্য সফলতা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি “গংগা অৱলোকন” উদ্বোধন কৰিব, যি হৈছে গংগা নদীৰ সংস্কৃতি, জৈৱ্য বৈচিত্ৰ আৰু সম্পন্ন কৰা পুনৰুজ্জীৱিতকৰণ কামৰ থূপাই প্ৰদৰ্শন কৰিবলৈ গংগা সন্দৰ্ভত প্ৰথমটো সংগ্ৰহালয়। হৰিদ্বাৰৰ চান্দি ঘাটত সংগ্ৰহালয়টো স্থাপন কৰা হৈছে।

নেশ্যনেল মিশ্যন ফৰ ক্লীন গংগা ও ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াই যুটীয়াভাৱে প্ৰকাশ কৰি উলিওৱা ‘ৰ’ৱিং ডাউন দ্য গংগা’ শীৰ্ষক এখনি গ্ৰন্থ এই কাৰ্যসূচীতে উন্মোচন কৰা হ’ব। এই ৰঙীণ গ্ৰন্থখনিৰ জৰিয়তে গংগা নৈৰ জৈৱ বৈচিত্ৰ আৰু সংস্কৃতিক দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। ই গংগাৰ কাহিনীৰ ওপৰত এটা ধাৰণা আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীৰদ্বাৰা জল জীৱন অভিযান আৰু ‘মাৰ্গদৰ্শিকা ফৰ গ্ৰাম পঞ্চায়ত এণ্ড পানী সমিতি আণ্ডাৰ জলজীৱন মিশ্যন’ৰ প্ৰতীকটো মুকলি কৰা হ’ব।

অনুগ্ৰহ কৰি যোগ দিয়কঃ https://pmevents.ncog.gov.in/

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New farm-sector scheme gives thrust to 100 laggard districts

Media Coverage

New farm-sector scheme gives thrust to 100 laggard districts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Shri Biju Patnaik Ji on his birth anniversary
March 05, 2026

The Prime Minister, Shri Narendra Modi paid tributes to former Chief Minister of Odisha, Shri Biju Patnaik on his birth anniversary and remembered him for his passion towards furthering the progress of Odisha.

The Prime Minister wrote on X;

“On his birth anniversary today, I pay tributes to Shri Biju Patnaik Ji and remember his passion towards furthering the progress of Odisha.”