সন্মানীয় প্ৰধানমন্ত্ৰী ইছিবা জী,
ভাৰত আৰু জাপানৰ ব্যৱসায়িক নেতৃবৰ্গ,
মহিলা আৰু ভদ্রলোকসকল,
নমস্কাৰ।

কন্নিচিৱা !

মই আজি পুৱাই টকিঅ’ত উপস্থিত হৈছো। মই বহুত সুখী যে মোৰ যাত্ৰা ব্যৱসায়িক নেতাসকলৰ সৈতে আৰম্ভ হৈছে।

অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।

 

এই মঞ্চৰ সৈতে জড়িত হোৱাৰ বাবে মই বিশেষকৈ প্ৰধানমন্ত্ৰী ইছিবাৰ ওচৰত কৃতজ্ঞ। তেওঁৰ বহুমূলীয়া বক্তৃতাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো।

বন্ধুসকল,

ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায়ে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। মেট্ৰ’ৰ পৰা উৎপাদনলৈকে, ছেমিকণ্ডাক্টৰৰ পৰা ষ্টাৰ্টআপলৈকে- প্ৰতিটো খণ্ডত আমাৰ অংশীদাৰিত্ব পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হৈ উঠিছে।

জাপানী প্ৰতিষ্ঠানসমূহে ভাৰতত ৪০ বিলিয়ন ডলাৰৰো অধিক বিনিয়োগ কৰিছে। কেৱল যোৱা দুবছৰতে ১৩ বিলিয়ন ডলাৰৰ ব্যক্তিগত বিনিয়োগ হৈছে। জে বি আই চিয়ে কয় যে ভাৰত হৈছে আটাইতকৈ "আশাব্যঞ্জক" লক্ষ্যস্থান। জেট্ৰ’ৱে আঙুলিয়াই দিয়া অনুসৰি ৮০ শতাংশ প্ৰতিষ্ঠানে ভাৰতত শাখা সম্প্ৰসাৰণ কৰিব বিচাৰে আৰু ৭৫ শতাংশ প্ৰতিষ্ঠান ইতিমধ্যে উপকৃত হৈছে।

অৰ্থাৎ ভাৰতত কেৱল মূলধনৰ বিকাশেই নহয়, ই বহুগুণে বৃদ্ধি হয়!

বন্ধুসকল,

বিগত এঘাৰ বছৰত ভাৰতৰ অভূতপূৰ্ব পৰিবৰ্তনৰ বিষয়ে আপোনালোক সকলোৱে ভালদৰে অৱগত। আজি ভাৰতত ৰাজনৈতিক সুস্থিৰতা আছে। অৰ্থনৈতিক সুস্থিৰতা আছে। নীতিত স্বচ্ছতা আছে, ভৱিষ্যতৰ সম্ভাৱনা আছে। আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি। আৰু অতি সোনকালে এই দেশ বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে।

আন্তৰ্জাতিক বিকাশৰ ক্ষেত্ৰত ভাৰতে ১৮ শতাংশ অৰিহণা যোগাইছে। ভাৰতৰ মূলধনী বজাৰসমূহত উচ্চ হাৰত অৰ্থ লাভ হৈছে। ইয়াত এক শক্তিশালী বেংকিং খণ্ডও আছে। মুদ্ৰাস্ফীতি আৰু সুদৰ হাৰ নিম্ন। প্ৰায় ৭০০ বিলিয়ন ডলাৰ মূল্যৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আছে।

বন্ধুসকল,

এই পৰিবৰ্তনৰ আঁৰত আছে আমাৰ "সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ" দৃষ্টিভংগী। ২০১৭ চনত আমি এক ৰাষ্ট্ৰ-এক কৰ দৃষ্টিভংগী প্ৰবৰ্তন কৰিছিলো। এতিয়া ইয়াত নতুন আৰু গুৰুত্বপূৰ্ণ সংস্কাৰ সাধনৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত আছে।

 

কেইসপ্তাহমান পূৰ্বে আমাৰ সংসদে নতুন আৰু সৰলীকৃত আয় কৰ সংহিতাত অনুমোদন জনাইছে।

আমাৰ সংস্কাৰসমূহ কেৱল কৰ ব্যৱস্থাৰ মাজতে সীমাবদ্ধ নহয়। আমি ব্যৱসায়িক সূচলতাৰ দিশত গুৰুত্ব আৰোপ কৰিছো। ব্যৱসায়ৰ বাবে একক ডিজিটেল উইণ্ড’ অনুমোদনৰ ব্যৱস্থা কৰা হৈছে। আমি ৪৫,০০০ অনুপালন যুক্তিসংগত কৰিছো। প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ চৰকাৰী হস্তক্ষেপ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে।

প্ৰতিৰক্ষা আৰু মহাকাশৰ দৰে সংবেদনশীল ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছে। এতিয়া আমি পাৰমাণৱিক শক্তি খণ্ডকো মুকলি কৰি দিয়াৰ দিহা কৰিছো।

বন্ধুসকল,

এই সংস্কাৰৰ আঁৰত আছে উন্নত ভাৰত গঢ়ি তোলাৰ আমাৰ সংকল্প। আমাৰ প্ৰতিশ্ৰুতি, দৃঢ় বিশ্বাস আৰু ৰণনীতি আছে। বিশ্বই ইয়াক কেৱল স্বীকৃতি প্ৰদান কৰাই নহয়, প্ৰশংসাও কৰিছে।

এছ এণ্ড পি গ্লোবেলে দুটা দশকৰ পিছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰিছে।

বিশ্বই ভাৰতৰ ওপৰত কেৱল দৃষ্টি নিবদ্ধ কৰাই নহয়, দেশখনৰ ওপৰত নিৰ্ভৰো কৰিছে।

বন্ধুসকল,

ভাৰত-জাপান ব্যৱসায়িক মঞ্চৰ প্ৰতিবেদন প্ৰস্তুত হ’ল। কোম্পানীসমূহৰ মাজত হোৱা ব্যৱসায়িক চুক্তিসমূহ অতি বিশদভাৱে বৰ্ণনা কৰা হৈছে। এই অগ্ৰগতিৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো।

ইয়াৰ উপৰি মই আপোনালোকক আমাৰ অংশীদাৰিত্বৰ বাবে কিছু পৰামৰ্শ দিব বিচাৰো।

 

প্ৰথমটো হ’ল উৎপাদন। অটো ছেক্টৰত আমাৰ অংশীদাৰিত্ব অত্যন্ত সফল হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে ইয়াক অতি বিশদভাৱে বৰ্ণনা কৰিছ্। একেলগে আমি বেটাৰী, ৰবটিক্স, অৰ্ধপৰিবাহী, জাহাজ নিৰ্মাণ আৰু পাৰমাণৱিক শক্তি খণ্ডক একেই যাদুৰে সমৃদ্ধ কৰিব পাৰো। আমি একেলগে গ্লোবেল ছাউথ, বিশেষকৈ আফ্ৰিকাৰ বিকাশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰোঁ।

আপোনালোক সকলোকে মোৰ আহ্বান- আহক, ভাৰতত সামগ্ৰী প্ৰস্তুত কৰক, বিশ্বৰ বাবে প্ৰস্তুত কৰক। ‘চুজুকি’ আৰু ‘ডাইকিন’ৰ সফলতাৰ কাহিনীৰ দৰে আপোনাৰ সফলতাৰ কাহিনীও হ’ব পাৰে।

দ্বিতীয়টো হৈছে প্ৰযুক্তি আৰু উদ্ভাৱন। জাপান হৈছে "প্ৰযুক্তিৰ শক্তি কেন্দ্ৰ" আৰু ভাৰত এখন "প্ৰতিভাৰ শক্তি কেন্দ্ৰ"। ভাৰতে কৃত্ৰিম বুদ্ধিমত্তা, অৰ্ধপৰিবাহী, কোৱাণ্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি আৰু মহাকাশৰ ক্ষেত্ৰত সাহসী আৰু উচ্চাকাংক্ষী পদক্ষেপ গ্ৰহণ কৰিছে। জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ প্ৰতিভাৰ সমন্বয়ে এই শতিকাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিব পাৰে।

তৃতীয় ক্ষেত্ৰটো হ’ল সেউজ শক্তি পৰিবৰ্তন। ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। আমি ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তিৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছো। সৌৰ কোষ হওক বা সেউজ হাইড্ৰ’জেন, অংশীদাৰিত্বৰ অপৰিসীম সম্ভাৱনা আছে।

ভাৰত আৰু জাপানৰ মাজত যুটীয়া ঋণ ব্যৱস্থা সন্দৰ্ভত এখন চুক্তি স্বাক্ষৰিত হৈছে। এক পৰিষ্কাৰ আৰু সেউজীয়া ভৱিষ্যত সৃষ্টি কৰাত সহায় কৰিবলৈ এই চুক্তি ব্যৱহাৰ কৰিব পাৰি।

চতুৰ্থটো হৈছে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি। যোৱা দশকত ভাৰতে পৰৱৰ্তী প্ৰজন্মৰ মটৰ পৰিবহণ আৰু ৰচদ-পাতি পৰিবহণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। আমাৰ বন্দৰৰ ক্ষমতা দুগুণ কৰা হৈছে। ইয়াত ১৬০ টাতকৈও অধিক বিমানবন্দৰ আছে। ১,০০০ কিলোমিটাৰ দীঘল মেট্ৰ’ লাইন নিৰ্মাণ কৰা হৈছে। জাপানৰ সহযোগিতাত মুম্বাই আৰু আহমেদাবাদ দ্ৰুতগতিৰ ৰে’লৰ কাম চলি আছে।

কিন্তু আমাৰ যাত্ৰা ইয়াতেই থমকি ৰোৱা নাই। জাপানৰ উৎকৃষ্টতা আৰু ভাৰতৰ পৰিসৰে এক নিখুঁত অংশীদাৰিত্বৰ সৃষ্টি কৰিব পাৰে।

পঞ্চমটো হৈছে দক্ষতা বিকাশ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক। ভাৰতৰ দক্ষ যুৱ প্ৰতিভাৰ আন্তৰ্জাতিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ সম্ভাৱনা আছে। জাপানেও ইয়াৰ সুবিধা ল'ব পাৰে। আপোনালোকে ভাৰতীয় প্ৰতিভাধৰসকলক জাপানী ভাষা আৰু যোগাযোগৰ কৌশল প্ৰশিক্ষণ দি একেলগে "জাপান-সাজু" কৰ্মশক্তি সৃষ্টি কৰক। এক অংশীদাৰী কৰ্মশক্তিয়ে অংশীদাৰী সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব।

বন্ধুসকল,

শেষত, মই এইটো ক’ব বিচাৰো- ভাৰত আৰু জাপানৰ অংশীদাৰিত্ব কৌশলগত আৰু সুদক্ষ। অৰ্থনৈতিক যুক্তিৰ দ্বাৰা চালিত হৈ আমি অংশীদাৰী স্বাৰ্থক অংশীদাৰী সমৃদ্ধিলৈ ৰূপান্তৰিত কৰিছো।

গ্লোবেল ছাউথত জাপানী ব্যৱসায়ৰ ভাৰতত প্ৰতিফলন হৈছে। আমি একেলগে স্থিৰতা, বিকাশ আৰু সমৃদ্ধিৰ বাবে এছীয় শতিকা গঢ়ি তুলিম।

এইখিনিকে কৈ মই প্ৰধানমন্ত্ৰী ইছিবা জী আৰু আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আৰিগাটো গোজাইমাছু!

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman

Media Coverage

Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates Newly Sworn-in Chief Minister and Ministers of Manipur
February 04, 2026

The Prime Minister, Shri Narendra Modi, today extended congratulations to Shri Yumnam Khemchand Singh Ji on taking oath as the Chief Minister of Manipur.

The Prime Minister also conveyed his best wishes to Smt. Nemcha Kipgen Ji and Shri Losii Dikho Ji on assuming office as the Deputy Chief Ministers of the state. He further congratulated Shri Konthoujam Govindas Singh Ji and Shri Khuraijam Loken Singh Ji on being sworn in as Ministers in the Manipur Government.

Expressing confidence in the new leadership, Shri Narendra Modi stated that they will work diligently towards furthering development and prosperity for the sisters and brothers of Manipur.

In a post on X, Shri Modi said:

“Congratulations to Shri Yumnam Khemchand Singh Ji on taking oath as the Chief Minister of Manipur.

I would like to congratulate Smt. Nemcha Kipgen Ji and Shri Losii Dikho Ji on taking oath as the Deputy Chief Ministers of the state and Shri Konthoujam Govindas Singh Ji as well as Shri Khuraijam Loken Singh Ji on being sworn in as Ministers in the Manipur Government.

I’m confident they will work diligently towards furthering development and prosperity for my sisters and brothers of Manipur.”