প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত আছিয়ান-ভাৰত সন্মিলনৰ আজৰি সময়ত ম্যানমাৰৰ ষ্টেচ কাউন্সিলৰ আন ছান ছ্যু কীক সাক্ষাৎ কৰে৷ নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পূবলৈ চোৱা নীতি আৰু চুবুৰীয়া প্ৰথম নীতিৰ সহযোগী হিচাপে ম্যানমাৰক সংলগ্ন কৰাৰ ওপৰত জোৰ দিয়ে৷ ম্যানমাৰলৈ আৰু ম্যানমাৰৰ মাজেৰে দক্ষিণ-পূব এছিয়ালৈ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত ভাৰকৰ দায়বদ্ধতাকো প্ৰধানমন্ত্ৰীয়ে উনুকিয়ায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ম্যানমাৰৰ আৰক্ষী, সেনা আৰু অসামৰিক সেৱকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকৰ সক্ষমতা বৃদ্ধি কৰিবলৈ সহযোগিতা অব্যাহত ৰাখিব৷ বৈঠকত নেতা দুগৰাকীয়ে সন্মত হয় যে জনসাধাৰণৰ মাজত সংযোগ স্থাপনে দুয়ো ৰাষ্ট্ৰৰ সম্পৰ্কৰ ভেটি অধিক মজবুত কৰিব, সেয়ে ভাৰত আৰু ম্যানমাৰৰ মাজত উৰণ যোগাযোগ সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে৷

ষ্টেট কাউন্সিলৰ ছ্যু কীয়ে কয় যে ভাৰতৰ সৈতে তেওঁৰ চৰকাৰৰ সম্পৰ্ক অত্যন্ত গুৰুত্বপূৰ্ণ৷ ম্যানমাৰত গণতন্ত্ৰ সম্প্ৰসাৰিত কৰা আৰু উন্নয়ন প্ৰক্ৰিয়া তৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ধাৰাবাহিক সহযোগিতাকো তেওঁ প্ৰশংসা কৰে৷

নেতা দুগৰাকীয়ে সন্মতি প্ৰকাশ কৰে যে এক সুস্থিৰ আৰু শান্তিপূৰ্ণ সীমান্ত হ’ল আমাৰ সম্পৰ্ক সম্প্ৰসাৰণৰ গুৰুত্বপূৰ্ণ ভেটি৷ ভাৰত-ম্যানমাৰ সীমান্তত বিদ্ৰোহী সংগঠনে যাতে কাৰ্যকলাপ চলাব নোৱাৰে, তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷

ভাৰতে ম্যানমাৰৰ ৰাখিন অঞ্চলত ২৫০টা আৱাসগৃহ পুনৰ নিৰ্মাণ কৰিবলৈ হাতত লোৱা প্ৰথমটো প্ৰকল্প সম্পূৰ্ণ হৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ৰাজ্যখনত অধিক আৰ্থ-সামাজিক প্ৰকল্প ৰূপায়ন কৰিবলৈ সাজু আছে৷
নেতা দুগৰাকীয়ে অনাগত দিনতো উচ্চ পৰ্যায়ৰ মতবিনিময়ৰ আগ্ৰহ অটুট ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA

Media Coverage

India’s electric PV retail sales jump 44% in February; Tata Motors leads: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মাৰ্চ 2026
March 07, 2026

Reform, Perform and Transform: PM Modi’s Mantra for India’s Growth