কৃষকসকলৰ কৃষি, উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰতি থকা আগ্ৰহ উল্লেখযোগ্যঃ প্ৰধানমন্ত্ৰী
ধানৰ ক্ষেত্ৰত তামিলনাডুৱে কৰা কাম বিশ্বজুৰি অতুলনীয় হৈ আছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে পৰিষ্কাৰ গাঁও আৰু পশুধনৰ ফলপ্ৰসূ যত্নৰ বাবে গুজৰাটৰ কেটেল হোষ্টেলৰ ধাৰণাত আলোকপাত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰাকৃতিক কৃষিকাৰ্য্যৰ সৈতে জড়িত কৃষকসকলক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে কলৰ উৎপাদন পৰ্য্যবেক্ষণ কৰে আৰু কলৰ আৱৰ্জনাৰ ব্যৱহাৰৰ বিষয়ে জানিব খোজে। কৃষক এজনে তেওঁক কয় যে প্ৰদৰ্শিত সকলো সামগ্ৰী হৈছে কলৰ আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা মূল্য-সংযোজিত সামগ্ৰী। প্ৰধানমন্ত্ৰীয়ে সোধে যে তেওঁলোকৰ সামগ্ৰীসমূহ সমগ্ৰ ভাৰতত অনলাইনযোগে বিক্ৰী কৰা হৈছে নেকি, ইয়াৰ উত্তৰত কৃষকজনে হয় বুলি কয়। কৃষকজনে লগতে কয় যে তেওঁলোকে কৃষক উৎপাদক সংগঠন (FPO)-ৰ লগতে ব্যক্তিগত অৱদানকাৰীৰ জৰিয়তে সমগ্ৰ তামিলনাডুক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অৱগত কৰে যে তেওঁলোকৰ সামগ্ৰীসমূহ অনলাইনত বিক্ৰী কৰা হৈছে, ৰপ্তানি কৰা হৈছে আৰু সমগ্ৰ ভাৰতৰ স্থানীয় বজাৰ তথা ছুপাৰমাৰ্কেটতো উপলব্ধ হৈছে। শ্ৰী মোদীয়ে প্ৰতিটো এফপিঅ'ত কিমানজন লোকে একেলগে কাম কৰে বুলি সোধে আৰু ইয়াৰ উত্তৰত কৃষকজনে প্ৰায় এক হাজাৰ ব্যক্তি জড়িত আছে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ শলাগ লয় আৰু লগতে কলৰ খেতি কেৱল এটা অঞ্চলতে কৰা হয় নে আন শস্যৰ সৈতে মিশ্ৰিত কৰা হয়, সেই সম্পৰ্কে জানিব খোজে। তেতিয়া কৃষকজনে কয় যে ভিন্ন অঞ্চল বিভিন্ন বিশেষ সামগ্ৰীত আগৰণুৱা আৰু তেওঁলোক জিআই সামগ্ৰীৰো অধিকাৰী।

 

আন এজন কৃষকে কয় যে চাৰি প্ৰকাৰৰ চাহ আছে— ক'লা চাহ, বগা চাহ, উলং চাহ আৰু সেউজীয়া চাহ। তেওঁ উলং চাহৰ ৪০ শতাংশ সংসাধিত বুলি বিশদভাৱে কয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বগা চাহৰ আজিকালি এখন গুৰুত্বপূৰ্ণ বজাৰ আছে। এই সন্দৰ্ভত কৃষকজনে হয় বুলি কয়। কৃষকসকলে ভিন্ন বতৰত প্ৰাকৃতিক কৃষিকাৰ্যৰ জৰিয়তে কৰা বেঙেনা আৰু আমৰ দৰে ভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল প্ৰদৰ্শন কৰে।

তাৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে চজিনা সন্দৰ্ভত এইবুলি সোধে যে এই পাচলিৰ বৰ্তমান বজাৰতো ব্যাপক চাহিদা আছে নেকি, ইয়াৰ প্ৰতি কৃষকজনে সঁহাৰি জনায়। শ্ৰী মোদীয়ে ইয়াৰ পাতৰ ব্যৱহাৰৰ বিষয়ে সোধাত কৃষকজনে কয় যে চজিনাৰ পাতসমূহ পাউডাৰলৈ সংসাধন কৰা হয় আৰু এয়া ৰপ্তানি কৰা হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চজিনা পাউডাৰৰ বৰ্তমান সময়ত যথেষ্ট চাহিদা বৃদ্ধি পাইছে আৰু কৃষকজনে হয় বুলি কয়। শ্ৰী মোদীয়ে আৰু জানিব খোজে যে কোন-কোন দেশে প্ৰধানতঃ এয়া আমদানি কৰে? কৃষকজনে কয় যে প্ৰধান বজাৰসমূহৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, আফ্ৰিকাৰ দেশসমূহ, জাপান আৰু দক্ষিণ-পূব এছিয়াৰ কিছুমান অংশ।

 

কৃষকজনে তেতিয়া অৱগত কৰে যে সমগ্ৰ প্ৰদৰ্শনীত তামিলনাডুৰ জিআই সামগ্ৰীসমূহ প্ৰদৰ্শিত কৰা হৈছে। ইয়াত ২৫ বিধ সামগ্ৰী প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত আছে কুম্ভকোণমৰ পান আৰু মাদুৰাইৰ জেছমিন। শ্ৰী মোদীয়ে বজাৰৰ প্ৰসাৰ সম্পৰ্কে সোধাত কৃষকজনে কয় যে এই সামগ্ৰীসমূহ সমগ্ৰ ভাৰতত উপলব্ধ আৰু তামিলনাডুৰ প্ৰতিটো অনুষ্ঠান তথা দিৱসৰ কাৰ্য্যসূচীত বিশিষ্টভাৱে প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে সোধে, "বাৰাণসীও পানৰ উৎস নেকি?" কৃষকজনে হয় বুলি কয়।

শ্ৰী মোদীয়ে উৎপাদন বৃদ্ধি সম্পৰ্কে সোধে, কৃষকজনে কয় যে তেওঁলোকৰ বৰ্তমান ১০০-ৰো অধিক সামগ্ৰী আছে, ইয়াৰ ভিতৰত মৌ হৈছে এক গুৰুত্বপূৰ্ণ সামগ্ৰী। প্ৰধানমন্ত্ৰীয়ে বজাৰ সম্ভাৱনা সম্পৰ্কে জানিব খোজে আৰু কৃষকজনে কয় যে তেওঁলোকৰ মৌ-জাত সামগ্ৰী বিশ্ব বজাৰত উপনীত হৈছে আৰু ইয়াৰ চাহিদা অতিশয় বেছি।

প্ৰধানমন্ত্ৰীক তদুপৰি জনোৱা হয় যে তেওঁলোকৰ প্ৰায় এক হাজাৰ পৰম্পৰাগত ধানৰ প্ৰকাৰ আছে, যাৰ পুষ্টি মূল্যক বাজৰাৰ সৈতে তুলনা কৰিব পাৰি। শ্ৰী মোদীয়ে কয় যে তামিলনাডুৱে ধানৰ ক্ষেত্ৰত কৰা কাম বিশ্বৰ অন্য যিকোনো ঠাইতকৈ অতুলনীয় হৈ আছে। কৃষকজনে সন্মতি প্ৰকাশ কৰে আৰু কয় যে ৰপ্তানি কৰা সকলো ধান, চাউল আৰু সম্পৰ্কীয় মূল্য-সংযোজিত সামগ্ৰী ইয়াত প্ৰদৰ্শন কৰা হৈছে।

 

এজন কৃষকৰ সৈতে বাৰ্তালাপৰ সময়ত শ্ৰী মোদীয়ে প্ৰশ্ন কৰে যে যুৱ কৃষকসকলে প্ৰশিক্ষণৰ বাবে আগবাঢ়ি আহিছে নে? কৃষকজনে কয় যে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পিএইচডি হ'ল্ডাৰসহ এনে উচ্চ শিক্ষিত ব্যক্তিসকলে প্ৰথমতে এই কামৰ মূল্য বুজি নাপাব পাৰে, কিন্তু যেতিয়া তেওঁলোকে লাভালাভসমূহ প্ৰত্যক্ষ কৰিব, তেতিয়া তেওঁলোকে ইয়াক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে। কৃষকজনে কয় যে আগতে এনে ব্যক্তিসকলক তাচ্ছিল্য কৰা হৈছিল, কিন্তু এতিয়া তেওঁলোকে প্ৰতি মাহে ২ লাখ টকা উপাৰ্জন কৰে আৰু তেওঁলোক অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। কৃষকজনে লগতে কয় যে তেওঁলোকে ৩,০০০ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে এক প্ৰাকৃতিক কৃষি আঁচনিৰ অধীনত তেওঁলোকৰ আদৰ্শ ফাৰ্মত ৭,০০০ কৃষকক প্ৰশিক্ষণ দিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বজাৰ প্ৰৱেশৰ সুবিধা সম্পৰ্কে জানিব খোজে। কৃষকজনে কয় যে তেওঁলোকে পোনপটীয়াকৈ বজাৰত প্ৰৱেশ কৰে আৰু আন দেশলৈ ৰপ্তানি কৰে, লগতে হেয়াৰ অইল আৰু চাবোনৰ দৰে সামগ্ৰীৰ জৰিয়তে মূল্য সংযোজন কৰে।

শ্ৰী মোদীয়ে কয় যে গুজৰাটত তেওঁৰ কাৰ্যকালত, তেওঁ "কেটেল হোষ্টেল"ৰ ধাৰণাটো বিকশিত কৰিছিল। তেওঁ কয় যে সকলো গাঁৱৰ গৰুবোৰক এটা সাধাৰণ সুবিধাত ৰাখিলে, গাওঁখন পৰিষ্কাৰ হৈ থাকে আৰু ব্যৱস্থাটোক কাৰ্যকৰী ৰক্ষণাবেক্ষণৰ বাবে মাত্ৰ এজন চিকিৎসক তথা চাৰিৰ পৰা পাঁচজন সহায়ক কৰ্মচাৰীৰ প্ৰয়োজন হয়। কৃষকজনে সঁহাৰি জনাই আৰু কয় যে এনে ব্যৱস্থাই জীৱমৃতৰ উৎপাদন বৃদ্ধি কৰে, তাৰ পিছত ইয়াক ওচৰৰ কৃষকসকলক যোগান ধৰা হয়।

 

ইয়াত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি আৰু কেন্দ্ৰীয় মন্ত্ৰী ডঃ এল. মুৰুগানেও অংশগ্ৰহণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi