ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১২ আৰু ১৩ জুনত ভাৰ্চুৱেলী জি৭ আউটৰীচ্চ পৰ্বত অংশগ্ৰহণ কৰিব৷ ব্ৰিটেইনৰ অধ্যক্ষতাত এইবাৰ জি৭ সন্মিলন অনুষ্ঠিত হ’ব আৰু এই সন্মিলনত ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, কোৰিয়া আৰু দক্ষিণ আফ্ৰিকাই অতিথি দেশ হিচাপে অংশগ্ৰহণ কৰিব৷ এই সন্মিলন হাইব্ৰিড ম’ডত অনুষ্ঠিত হ’ব৷

সন্মিলনৰ মুল বিষয়বস্তু হৈছে ‘বিল্ড বেক বেটাৰ’ আৰু ব্ৰিটেইনে চাৰিটা দিশত অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ সেইবোৰ হৈছে ভৱিষ্যতে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ ক’ৰোনা ভাইৰাছৰ পৰা বিৰুদ্ধে বিশ্ববাসীক মুক্ত কৰাত নেতৃত্ব বহন কৰা; চেম্পিয়নমুক্ত আৰু সুস্থ বাণিজ্যৰ জৰিয়তে সমৃদ্ধিশালী ভৱিষ্যতৰ প্ৰসাৰ কৰা; জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰা আৰু পৃথিৱীৰ জৈৱ-বৈচিত্ৰতা সুৰক্ষা কৰা; আৰু মিলিত মূল্যবোধ আৰু মুক্ত সমাজ ব্যৱস্থাৰ শ্বেয়াৰ কৰা৷ স্বাস্থ্য আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহামাৰীৰ পৰা মুক্ত হোৱাৰ ক্ষেত্ৰত নেতৃবৃন্দই তেওঁলোকৰ দৃষ্টিভংগী বিনিময় কৰাৰ আশা আছে৷

দ্বিতীয় বাৰলৈ প্ৰধানমন্ত্ৰীয়ে জি৭ সন্মিলনত অংশগ্ৰহণ কৰিব৷ ২০১৯ চনত ফ্ৰান্সৰ অধ্যক্ষতাত অনুষ্ঠিত জি৭ সন্মিলনত ভাৰতক ‘শুভচিন্তক’ হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে ‘জলবায়ু, জৈৱ-বৈচিত্ৰ আৰু মহাসাগৰ’ আৰু ‘ডিজিটেল পৰিৱৰ্তনশীলতা’ পৰ্বত অংশগ্ৰহণ কৰিছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch