We are united by our democratic values, and our commitment to a free, open and inclusive Indo-Pacific: PM
We will work together, closer than ever before, for advancing our shared values and promoting a secure, stable and prosperous Indo-Pacific: PM

মাননীয় মহোদয়,

ৰাষ্ট্ৰপতি বাইডেন,

প্ৰধানমন্ত্ৰী মৰিছন আৰু প্ৰধানমন্ত্ৰী ছুগা,

আপোনালোক বন্ধুসকলৰ মাজত উপস্থিত হৈ সুখী অনুভৱ কৰিছো৷ উক্ত পদক্ষেপটোৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনাইছো৷

 

মহোদয়,

আমি গণতান্ত্ৰিক মূল্যবোধ, এখন মুক্ত, সামূহিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিশ্ৰুতিৰ সৈতে দায়ৱদ্ধ৷ আমাৰ আজিৰ এজেণ্ডা হ’ল- প্ৰতিষেধক, জলবায়ু পৰিৱৰ্তন আৰু উদ্ভাসিত প্ৰযুক্তি যিয়ে বিশ্বৰ কল্যাণৰ বাবে দায়ৱদ্ধ, এই আটাইবোৰ বিষয় সামৰি লোৱা৷ 

মই এই ইতিবাচক সঁহাৰি ভাৰতৰ প্ৰাচীনতম দৰ্শন বসুধৈৱ কুটুম্বকমৰ জৰিয়তে দেখা পাইছো য’ত সমগ্ৰ বিশ্বখনেই এটা পৰিয়াল হৈ পৰিছে৷ আমি পূৰ্বতকৈও সংবদ্ধ ধৰণে কাম কৰিম যাতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক সুৰক্ষিত, স্থিৰ আৰু উন্নত পৰিবেশৰ সৃষ্টি হয়৷

আজিৰ বৈঠকখনত তেনে এক ৰূপৰেখা ফুটি উঠিছে৷ অঞ্চলটোত সুস্থিৰতা বিৰাজ কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হ’ব৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi