সুধীবৃন্দ,

ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বত এক অভূতপূর্ব বিঘিনি ঘটাইছে। এই মহামাৰী এতিয়াও শেষ হোৱা নাই। পৃথিৱীৰ বেছিভাগ অংশতেই টীকাকৰণ হোৱা নাই। আৰু সেয়ে ৰাষ্ট্রপতি বাইডেনৰ উদ্যোগ অত্যন্ত সময়োচিত আৰু আমি ইয়াক স্বাগতম জনাইছো।

সুধীবৃন্দ, 

ভাৰতে মানৱ জাতিক এটা পৰিয়াল হিচাপে বিবেচনা কৰে। ভাৰতৰ ঔষধ শিল্পই স্বল্প মূল্যৰ বিভিন্ন নমুনা পৰীক্ষাৰ কিট, ঔষধ, চিকিৎসাৰ কামত ব্যৱহৃত সৰঞ্জাম আৰু পিপিই কিট উৎপাদন কৰিছে। এইবিলাক উন্নয়নশীল ৰাষ্ট্রসমূহলৈ স্বল্পমূল্যত পঠোৱা হৈছে। আৰু আমি ১৫০খনৰ বেছি দেশলৈ ঔষধ আৰু চিকিৎসাৰ কামত ব্যৱহৃত সৰঞ্জাম পঠিয়াইছো। জৰুৰী পৰিস্থিতিৰ বাবে ব্যৱহাৰৰ অনুমতি দিয়া হৈছে এই ধৰণৰ দুটা টীকা ভাৰতে উদ্ভাবন কৰিছে। ইয়াৰ ভিতৰত এটা  বিশ্বৰ প্রথম ডিএনএ ভিত্তিক টীকা। 

বিভিন্ন ঔষধ উৎপাদনৰ বাবে নানা ভাৰতীয় সংস্থা যুক্ত হৈছে।

এই বছৰৰ আৰম্ভণিতে আমি ৯৫খন দেশলৈ আৰু ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বাহিনীলৈ আমাৰ টীকা পঠিয়াইছো। আমাৰ দেশত যেতিয়া কৰোণাৰ দ্বিতীয় লহৰ বিয়পি পৰিছিল তেতিয়া এটা পৰিয়াল হিচাপে সমগ্ৰ বিশ্ব ভাৰতৰ কাষত থিয় দিয়ে।

ভাৰতৰ প্রতি সহযোগিতা আৰু সহমর্মিতা দেখুউৱাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো।



সুধীবৃন্দ,

ভাৰতত বিশ্বৰ বৃহত্তম টীকাকৰণ অভিযান চলিছে। সম্প্রতি আমি এদিনত আঢ়ৈ কোটি মানুহক টীকা দিছো। তৃণমূল স্তৰত আমাৰ স্বাস্থ্যকর্মীসকলে ৮০ কোটিৰ বেছি টীকাৰ ডোজ দিছে।

২০ কোটিৰ বেছি ভাৰতীয়ই টীকাৰ দুটা ডোজেই পাইছে। আমি কোউইন নামে এটা ডিজিটেল প্লেটফর্ম উদ্ভাবন কৰিছো। এই প্লেটফর্মৰ কাৰণে টীকাকৰণৰ কামত সুবিধা হৈছে।

সকলোৰে মাজত ভাগ কৰি লোৱাৰ মানসিকতাৰ বাবে ভাৰতে কোউইন আৰু বিভিন্ন ডিজিটেল প্লেটফর্মক বিনামূল্যে ব্যৱহাৰৰ বাবে অ'পেন ছ'ৰ্চ ছফ্টৱেৰ হিচাপে প্ৰস্তুত কৰিছে।

সুধীবৃন্দ,

ভাৰতত নতুন নতুন টীকা উদ্ভাবন হৈছে, আমি যিসমূহ টীকা আছে সেইসমূহৰ উৎপাদনো বৃদ্ধি কৰিছো।

আমাৰ উৎপাদন বৃদ্ধি পালে আমি বিভিন্ন দেশলৈ টীকা সৰবৰাহ আকৌ আৰম্ভ কৰিম। ইয়াৰ বাবে কেচামালৰ সৰবৰাহ শৃঙ্খল মুক্ত ৰখা প্রয়োজন।

আমাৰ কোৱাড সঙ্গীসকলৰ সৈতে আমি এছীয় প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে টীকা উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিছো।

কোউইন টীকা, নমুনা পৰীক্ষাৰ কিট আৰু ঔষধৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাই বিশ্ব বাণিজ্য সংস্থাত ‘ট্রিপছ’ৰ অনুমোদন দিয়াৰ প্রস্তাৱ কৰিছে।

ইয়াৰ ফলত মহামাৰীৰ বিৰুদ্ধে যুঁজে আৰু গতি পাব। আমি মহামাৰীৰ ফলত আর্থিক প্রভাবৰ বিষয়টোৰ দিশতো গুৰুত্ব দিব লাগিব।

আৰু সেয়ে আন্তর্জাতিক পর্যায়ত যাতায়াত আৰু সহজ কৰি তুলিব লাগিব, এই কাৰণে টীকাৰ শংসাপত্রৰ পাৰস্পৰিক স্বীকৃতি দানৰ প্রয়োজন।

সুধীবৃন্দ, 

আকৌ এবাৰ মই ৰাষ্ট্রপতি বাইডেনৰ পৰিকল্পনা আৰু এই শীর্ষ সন্মিলনৰ উদ্দেশ্যক স্বাগতম জনাইছো।

ভাৰতে সমগ্ৰ বিশ্বৰ সৈতে এই মহামাৰীৰ অবসান ঘটাবলৈ একেলগে কাম কৰিবলৈ প্রস্তুত।

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Renewables up 24%, emissions up just 0.9%: India charts a different energy path

Media Coverage

Renewables up 24%, emissions up just 0.9%: India charts a different energy path
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari