India is the land of 'Buddha', not 'Yuddha' (war): PM Modi at #UNGA
Terrorism is the biggest threat to humanity, world needs to unite and have a consensus on fighting it: PM at #UNGA
India is committed to free itself from single-use plastic: PM Modi at #UNGA

নমস্কাৰ

সন্মানীয় সচিব,
১.৩ বিলিয়ন ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশনত ভাষণ দিয়াৰ সুযোগ লাভ কৰাটো মোৰ বাবে সন্মানৰ বিষয়৷
এয়া এক অত্যন্ত বিশেষ উপলক্ষ, কাৰণ চলিত বৰ্ষত সমগ্ৰ বিশ্বই মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিব৷

তেওঁৰ সত্য আৰু অহিংসাৰ বাণী বিশ্বৰ শান্তি, উন্নয়ন আৰু প্ৰগতিৰ বাবে এতিয়াও অত্যন্ত প্ৰাসংগিক৷

সন্মানীয় সচিব,

এই বছৰ বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত হৈ যায়৷ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত সৰ্বাধিক সংখ্যক ভোটাৰে মোক ভোট দিছে আৰু মোৰ চৰকাৰে পূৰ্বতকৈ অধিক শক্তিৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে ক্ষমতালৈ আহে৷

আৰু এই জনাদেশৰ বাবেই আজি মই আপোনালোকৰ সন্মুখত পুনৰ এবাৰ থিয় হৈ আছো৷
সন্মানীয় সচিব, যেতিয়া এখন উন্নয়নশীল ৰাষ্ট্ৰই মাত্ৰ ৫ বছৰৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ অনাময় অভিযান সফলতাৰে ৰূপায়ন কৰিব পাৰে, ১১০ মিলিয়ন শৌচালয় নিৰ্মাণ কৰিব পাৰে, তেতিয়া এই সকলো সফলতা আৰু ফলাফল সমগ্ৰ বিশ্বৰ বাবে এক প্ৰেৰণাদায়ী বাৰ্তা হৈ পৰে৷

এখন উন্নয়নশীল ৰাষ্ট্ৰই বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি সফলতাৰে ৰূপায়ন কৰা, ৫০০ মিলিয়ন লোকক চিকিৎসাৰ বাবে বছৰি ৫লাখৰ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা আদিয়ে বিশ্বৰ সন্মুখত এক নতুন পথ প্ৰদৰ্শন কৰে৷

যেতিয়া এখন উন্নয়নশীল ৰাষ্ট্ৰই মাত্ৰ পাঁচ বছৰৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তিমূলক আঁচনি ৰূপায়ন কৰি প্ৰায় ৩৭০ মিলিয়ন বেংক একাউণ্ট মুকলি কৰিব পাৰে, তেতিয়া সেই ব্যৱস্থাই সমগ্ৰ বিশ্বৰ দৰিদ্ৰ জনগণৰ মাজত আত্মবিশ্বাস গঢ়ি তুলে৷

 

যেতিয়া এখন উন্নয়নশীল ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা কৰি তেওঁলোকক বায়’মেট্ৰিক পৰিচয় পত্ৰ দিব পাৰে আৰু দুৰ্নীতি ৰোধ কৰি ২০ বিলিয়ন ডলাৰৰো অধিক ধন ৰাহি কৰিব পাৰে, তেতিয়া এই ব্যৱস্থাই বিশ্বক এক নতুন আশা দিব পাৰে৷

শ্ৰীমান সচিব,
মই ইয়ালৈ আহি থাকোতে এই ভৱনৰ এখন দেৱালত লিখি থোৱা এটা বাক্যলৈ লক্ষ্য কৰিলো, তাত লিখা আছে—‘এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক’৷ মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে ভাৰতক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ পৰা মুক্ত কৰিবলৈ এই মুহূৰ্ততো দেশৰ চৌদিশে এক বৃহৎ অভিযান চলি আছে৷

পৰৱৰ্তী পাঁচ বছৰত জল সংৰক্ষণৰ প্ৰসাৰৰ লগতে আমি দেশৰ ১৫০ মিলিয়ন পৰিয়ালক খোৱা পানী যোগান নিশ্চিত কৰিবলৈ গৈ আছো৷

পৰৱৰ্তী পাঁচ বছৰত আমি ১২৫,০০০ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰিবলৈ গৈ আছো৷

২০২২ৰ ভিতৰত অৰ্থাৎ ভাৰতে যেতিয়া ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব, তেতিয়ালৈ আমি দৰিদ্ৰৰ বাবে ২০ মিলিয়ন আৱাসগৃহ নিৰ্মাণৰ লক্ষ্য লৈছো৷

টিবিমুক্ত হোৱাৰ বাবে বিশ্বই যদিওবা ২০৩০ক লক্ষ্যবৰ্ষ হিচাপে গ্ৰহণ কৰিছে, ভাৰতে কিন্তু ২০২৫ৰ ভিতৰত টিবিমুক্ত হোৱাৰ দিশে কাম কৰি আছে৷

এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন উদ্ৰেক হৈছে যে এই সকলোবোৰ অৰ্জন কৰাটো কেনেকৈ সম্ভৱ হৈছে? ভাৰতত কিদৰে এইধৰণৰ দ্ৰুত পৰিৱৰ্তন সাধন হৈছে?

শ্ৰীমান সচিব,
ভাৰতবৰ্ষ হ’ল হাজাৰ বছৰ পুৰণি এক মহান সংস্কৃতি, যাৰ এক নিজস্ব পৰম্পৰা আছে৷ আমাৰ মূল্যবোধ আৰু সংস্কৃতিয়ে সকলোকে দেৱত্ব জ্ঞান কৰে আৰু সকলোৰে সামগ্ৰিক কল্যাণৰ হকে কাম কৰে৷

সেয়ে, আমাৰ দৃষ্টিভংগীৰ মূল বিষয়বস্তু হ’ল জনসাধাৰণৰ অংশগ্ৰহণৰ মাধ্যমেৰে ৰাজহুৱা কল্যাণ আৰু এই ৰাজহুৱা কল্যাণ কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ বাবে৷

আৰু সেয়াই হ’ল আমাৰ প্ৰেৰণাৰ উৎসঃ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস৷

এয়া কেৱল ভাৰতৰ সীমাৰ ভিতৰত আৱদ্ধ হৈ নাথাকে৷

আমাৰ পদক্ষেপ ১.৩ বিলিয়ন ভাৰতীয়ক লৈ কেন্দ্ৰিত৷ কিন্তু এই পদক্ষেপৰ জৰিয়তে ভাৰতে যি সপোন পূৰণ কৰিব বিচৰিছে, সেই একেই সপোন সমগ্ৰ বিশ্বই দেখিছে, সকলো দেশে আৰু সকলো সমাজে দেখিছে৷

পদক্ষেপসমূহ আমাৰ কিন্তু ইয়াৰ ফল সকলোৰে বাবে, সমগ্ৰ বিশ্বৰ বাবে৷
মোৰ এই বিশ্বাস প্ৰতিদিনে শক্তিশালী হয়, যেতিয়া মই সেই দেশসমূহৰ কথা চিন্তা কৰো, যিয়ে নিজৰ নিজৰ ধৰণেৰে ভাৰতৰ দৰে উন্নয়নৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে৷

যেতিয়া মই তেওঁলোকৰ আনন্দ আৰু দুখ দেখিবলৈ পাও, যেতিয়া মই তেওঁলোকৰ সপোনৰ বিষয়ে জানিব পাৰো, তেতিয়া দেশক প্ৰগতিৰ পথত আগুৱাই নিয়াৰ মোৰ সংকল্প অধিক দৃঢ় হৈ পৰে৷ ভাৰতৰ অভিজ্ঞতা এই দেশসমূহৰ বাবে উপযোগী হ’ব পাৰে৷

শ্ৰীমান সচিব,

৩০০০ বছৰ পূৰ্বে ভাৰতৰ এগৰাকী মহান কবি কাৰিয়ান পাংগান-ড্ৰা-নাৰে বিশ্বৰ সবাতোকৈ পুৰণি ভাষা তামিলত লিখিছিল—

“য়া-ডাম, অ’ৰে’, য়াভ-ৰাম কেই-ৰীৰ”
ইয়াৰ অৰ্থ হ’ল—আমি সকলো স্থান আৰু সকলো লোকক প্ৰতিনিধিত্ব কৰো৷
এয়া ভাৰতৰ অনন্যতাৰ প্ৰতীক৷

যোৱা পাঁচ বছৰত ভাৰতে ৰাষ্ট্ৰসংঘৰ মূখ্য উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাষ্ট্ৰৰ সৈতে ভ্ৰাতৃত্বৰ শতিকা পুৰণি মহান ঐতিহ্য শক্তিশালী কৰা আৰু বিশ্ব কল্যাণৰ হকে কাম কৰি আছে৷

ভাৰতে গুৰুতৰ গোলকীয় প্ৰত্যাহ্বান আৰু সমস্যাৰ মোকাবিলা কৰিবলৈ সন্মিলিত প্ৰচেষ্টা হাতত লোৱাত সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷

শ্ৰীমান সচিব,
আপোনালোকে যদি মন কৰে, গোলকীয় উষ্ণতাৰ ক্ষেত্ৰত ভাৰতৰ জনমূৰি নিৰ্গমণৰ অৱদান অতি নিম্ন৷ কিন্তু এই সমস্যৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে সদায় সন্মুখৰ পৰা নেতৃত্ব দি আহিছে৷

অন্যহাতে, আমি ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰি আছো৷ একেদৰে, আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠনৰ প্ৰচেষ্টা হাতত লৈছে৷

গোলকীয় উষ্ণতাৰ এটা অন্যতম প্ৰভাৱ হ’ল ক্ৰমবৰ্ধমান প্ৰাকৃতিক দুৰ্যোগ৷ ইয়ে নতুন নতুন ক্ষেত্ৰক সাঙুৰি লোৱা দেখা গৈছে৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰতবৰ্ষই ‘দুৰ্যোগ প্ৰতিৰোধক আন্তঃগাথনিৰ বাবে উমৈহতীয়া মঞ্চ’ গঠনৰ কাম হাতত লৈছে৷ এই উমৈহতীয়া মঞ্চই প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ কৰিব পৰা আন্তঃগাথনি নিৰ্মাণত সহায় কৰিব৷

শ্ৰীমান সচিব,

ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত বিশ্বৰ সকলো দেশৰ ভিতৰত অধিক আত্মবলিদান দিয়া সেনা হ’ল ভাৰতীয় সেনা৷

আমি এনেকুৱা এখন দেশ, যিয়ে কেতিয়াও বিশ্বক যুদ্ধ দিয়া নাই, বৰং বুদ্ধৰ শান্তিৰ বাণীহে বিয়পাইছো৷

আৰু সেইবাবেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ কন্ঠ সদায় বলিষ্ঠ৷

আমি বিশ্বাস কৰো যে, এয়া কোনো এখন দেশৰ বাবেই নহয়, সমগ্ৰ বিশ্ব আৰু মানৱ জাতিৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান৷

মই বিশ্বাস কৰো যে, মানৱতাৰ স্বাৰ্থত সমগ্ৰ বিশ্বই সন্ত্ৰাবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হোৱা উচিত৷

শ্ৰীমান সচিব,

বিশ্বৰ প্ৰতিচ্ছবি এতিয়া সলনি হৈছে৷
২১ শতিকাত আধুনিক প্ৰযুক্তিয়ে সামাজিক জীৱন, ব্যক্তিগত জীৱন, অৰ্থনীতি, সুৰক্ষা, সংযোগ ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে৷

এনেকুৱা এক পৰিস্থিতিত খণ্ডিত বিশ্ব কাৰো আগ্ৰহৰ বিষয়বস্তু হ’ব নোৱাৰে৷ আমি আমাৰ সীমাৰ ভিতৰত আৱদ্ধ হৈ থকাৰো কোনো বিকল্প নাই৷

এই নতুন যুগত আমি বহুপক্ষীয়তাবাদ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতি নতুন দিশ নিৰ্ণয় কৰিব লাগিব৷

শ্ৰীমান সচিব,

১২৫ বছৰ পূৰ্বে মহান আধ্যাত্মিক গুৰু স্বামী বিবেকানন্দই চিকাগোত বিশ্ববাসীক এই বাৰ্তা প্ৰদান কৰিছিল৷

এই বাৰ্তা আছিল—শান্তি আৰু সম্প্ৰীতিৰ …. অশান্তি আৰু মতানৈক্যৰ নহয়৷

আজি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতেও বিশ্বক একেই ‘শান্তি আৰু সম্প্ৰীতি’ বাৰ্তা দিব বিচাৰে৷
 বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the qualities of an ideal and truly excellent individual
July 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of an ideal and truly excellent individual in fulfilling personal, social, and national duties.

The Prime Minister wrote on X;


"परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम्।

सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः ।। "

The person who devotes themselves wholeheartedly to the tasks of others, completes their own personal duties with speed and efficiency, carries out tasks for friends selflessly, and demonstrates their full valor and courage in fulfilling national duties, only such a person is truly excellent.