GoI is in regular touch with the manufacturers to enhance production of medicines & extend all help needed
Production of all drugs including Remdesivir have been ramped up significantly in the last few weeks
Supply of oxygen is now more than 3 times the supply during the peak of first wave

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি অক্সিজেন আৰু ঔষধৰ সহজলভ্যতা আৰু সৰবৰাহৰ সন্দৰ্ভত এক উচ্চ পর্যায়ৰ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷

বৈঠকত প্রধানমন্ত্রীক ক’ভিড আৰু মিউকৰমাইক’ছিছৰ বাবে যিবোৰ ঔষধৰ প্রয়োজন হয়, সেইবোৰৰ সৰবৰাহ প্রসংগত অৱগত কৰা হয়৷ মন্ত্ৰালয়ে প্রধানমন্ত্রীক জনায় যে তেওঁলোকে ঔষধ উৎপাদক সংস্থাসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছে৷ ঔষধৰ উৎপাদন বৃদ্ধিত সকলো ধৰণৰ সহযোগিতা কৰা হৈছে। প্রধানমন্ত্রীক ঔষধৰ গুৰুত্বপূর্ণ উপাদানসমূহৰ উৎপাদন আৰু মজুত সম্পৰ্কীয় বর্তমান পৰিস্থিতি সম্পর্কে জনোৱা হয়৷ ৰাজ্যসমূহক যথেষ্ট পৰিমাণে ঔষধ প্ৰদান কৰা হৈছে। ৰেমডেছিভিৰকে ধৰি সকলো ধৰণৰ ঔষধৰ উৎপাদন বিগত সপ্তাহসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰা হৈছে। প্রধানমন্ত্রীয়ে জনাই যে ঔষধ উৎপাদন উদ্যোগৰ ক্ষেত্ৰত ভাৰতবর্ষ যথেষ্ট শক্তিশালী আৰু সকলো ঔষধ যাতে উপযুক্তভাবে লাভ কৰিব পৰা যায়, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিছে।

প্রধানমন্ত্রীয়ে দেশত অক্সিজেনৰ সহজলভ্যতা আৰু সৰবৰাহৰ শেহতীয়া পৰিস্থিতি সম্পর্কে বুজ লয়৷ বৈঠকত জনোৱা হৈছে যে ক’ভিড মহামাৰীৰ প্রথম লহৰৰ সৰ্বাধিক প্ৰাদুৰ্ভাৱৰ সময়ৰ তুলনাত বর্তমানে তিনিগুণ অধিক অক্সিজেন সৰবৰাহ কৰা হৈছে। অক্সিজেন এক্সপ্ৰেছ আৰু ভাৰতীয় বায়ুসেনাৰ বিমানসমূহক অক্সিজেন সৰবৰাহেৰ কামত লগোৱা হৈছে। প্রধানমন্ত্রীক অক্সিজেন কনচেনট্রেটৰ, অক্সিজেন চিলিণ্ডাৰ আৰু দেশজুৰি পিএছএ প্লাণ্ট স্থাপনৰ কামৰ অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হৈছে।

প্রধানমন্ত্রীয়ে নির্দিষ্ট সময়ৰ ভিতৰত ভেণ্টিলেটৰক কামত লগোৱাৰ বাবে ৰাজ্যসমূহক পৰামর্শ আগবটোৱাৰ লগতে ভেণ্টিলেটৰ উৎপাদক সংস্থাসমূহৰ কাৰিকৰী তথা সকলো সমস্যাৰ সমাধান আৰু প্রশিক্ষণ সম্পৰ্কীয় দিশত সহায় কৰা হৈছে বুলি উল্লেখ কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi

Media Coverage

'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of diversity in innovation and entrepreneurship
June 15, 2026

The Prime Minister, Shri Narendra Modi said that in the fields of innovation and entrepreneurship, every individual has a distinct way of thinking and a unique creative vision, and it is this diversity that gives rise to new possibilities. He noted that just as every source of water has a different taste, every talent possesses its own unique identity and contribution. The Prime Minister added that innovation and progress become possible through the convergence of diverse ideas and capabilities.

The Prime Minister shared a Sanskrit Subhashitam-

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”

The Subhashitam conveys that in the field of innovation and enterprise, each person has a different way of thinking and a unique creative vision, and this diversity gives rise to new possibilities. Just as the taste of water differs from one source to another, every talent has its own distinct identity and contribution. It is through the combination of these different ideas and abilities that innovation and progress become possible.

The Prime Minister wrote on X;

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”