Sushma Ji was a multifaceted personality; Karyakartas of the BJP have seen very closely what a great personality she was: PM
Sushma Ji’s speeches were both impactful as well as inspiring: PM Modi
In any ministerial duty she held, Sushma Ji brought about a marked change in the work culture there: PM
One would conventionally associate the MEA with protocol but Sushma Ji went a step ahead and made MEA people-friendly: PM
Sushma Ji never hesitated to speak her mind; she spoke with firmness: PM
Sushma Ji Sushma Ji could even tell the PM what to do: Shri Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা দেশৰ সবাতোকৈ সন্মানীয় নেত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ সোঁৱৰণত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি সভাত অংশগ্ৰহণ কৰে৷ তেওঁ শ্ৰীমতী সুষমা স্বৰাজে ভাৰতৰ বাবে কায়মনোবাক্যে সেৱা প্ৰদান কৰা বুলি মন্তব্য কৰি তেওঁৰ ৰাজহুৱা জীৱনৰ বিভিন্ন কথা উল্লেখ কৰে৷

তেওঁৰ সৈতে কাম কৰা ব্যক্তিসকল আশীৰ্বাদপুষ্ট হৈছিল

সুষমাজীৰ অৱদানসমূহ সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁৰ সান্নিধ্যলৈ আহি আশীৰ্বাদপুষ্ট হৈছিলো৷ তেওঁ কয়, ‘‘সুষমাজী আছিল বহুমুখ্য ব্যক্তিত্বৰ লোক আৰু যিয়েই তেওঁৰ সৈতে কাম কৰিছিল, তেওঁ সুষমাজীৰ মহান ব্যক্তিত্ব অনুধাৱন কৰিবলৈ সমৰ্থ হৈছিল৷’’

শ্ৰীমতী সুষমা স্বৰাজজীয়ে প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ কেতিয়াও পিছ হোঁহকা নাছিল

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীমতী সুষমা স্বৰাজজীয়ে প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ কেতিয়াও পিছ হোঁহকা নাছিল৷ ১৯৯৯ চনত বেলাৰী লোকসভা সমষ্টিত প্ৰতিদ্বন্ধীতা কৰাৰ তেওঁৰ সিদ্ধান্তৰ বিষয়ে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মোৰ মনত আছে, ভেংকয়া নাইডুজী আৰু মই সুষমাজীৰ কাষলৈ গৈ তেওঁক কৰ্ণাটকৰ পৰা নিৰ্বাচন খেলাৰ বাবে অনুৰোধ কৰিছিলো৷ ফলাফল আছিল প্ৰত্যাশিত কিন্ত তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কেতিয়াও পিছ হোঁহকা নাছিল৷’’

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী সুষমা স্বৰাজজীক বাগ্মী বুলি অভিহিত কৰি তেওঁৰ ভাষণসমূহ প্ৰভাৱশালী হোৱাৰ লগতে প্ৰেৰণাদায়ক আছিল বুলিও মন্তব্য কৰে৷

শ্ৰীমতী সুষমা স্বৰাজজীয়ে এম ই এক প্ৰটলতকৈ জন অনুকূল কৰি তুলিছিল

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো মন্ত্ৰালয় সম্পৰ্কীয় কামত শ্ৰীমতী সুষমা স্বৰাজজীয়ে কৰ্ম সংস্কৃতিৰ নমুনা দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ ‘‘পৰম্পৰাগতভাৱে এম ই এ প্ৰট’ক’লৰ সৈতে জড়িত হ’লেও সুষমাজীয়ে ইয়াক জন অনুকূল কৰি তুলিবলৈ সক্ষম হৈছিল,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

শ্ৰীমতী সুষমা স্বৰাজজীৰ সময়ত পাছপোৰ্ট কাৰ্যালয়ৰ সংখ্যা উল্লেখযোগ্য ধৰণে বৃদ্ধি হৈছিল

শ্ৰীমতী সুষমা স্বৰাজজী যোৱা পাঁচ বছৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকাৰ সময়ত পাছপোৰ্ট কাৰ্যালয়ৰ সংখ্যা উল্লেখযোগ্য ধৰণে বৃদ্ধি হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

হাৰিয়ানী উচ্চাৰণ

প্ৰধানমন্ত্ৰীয়ে কয় যে, শ্ৰীমতী সুষমা স্বৰাজজীৰ বিষয়ে বহু কম মানুহে জানে যে তেওঁৰ উচ্চাৰণসমূহত হাৰিয়ানাৰ ঘ্ৰাণ আছিল৷ তেওঁ কয়, ‘‘আমি ৰাজনৈতিকভাৱে উপযুক্ত শব্দ উচ্চাৰণ কৰোঁ কিন্তু সুষমাজী আছিল পৃথক৷ তেওঁ নিজৰ মনৰ কথা ক’বলৈ সংকোচবোধ কৰা নাছিল আৰু উদ্দাত্ত কণ্ঠেৰে নিজৰ বক্তব্য প্ৰদান কৰিছিল৷ এয়াই আছিল তেওঁৰ বিশেষত্ব৷’’

শ্ৰীমতী সুষমা স্বৰাজজীয়ে আনকি প্ৰধানমন্ত্ৰীয়ে কি কৰিব লাগে তাকো কৈছিল

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰীৰ প্ৰথম বক্তৃতা প্ৰদানৰ ঘটনা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই সময়ত শ্ৰীমতী সুষমা স্বৰাজজীয়ে তেওঁ কি কৰিব লাগে সেই বিষয়ে নিৰ্দেশনা প্ৰদান কৰিছিল৷ ৰাষ্ট্ৰসংঘত ভাষণ প্ৰদানৰ প্ৰস্তুতিৰ বাবে নিশাটোৰ ভিতৰতে শ্ৰীমতী সুষমা স্বৰাজজীয়ে তেওঁক সহায় কৰিছিল৷

বাঁসুৰীত শ্ৰীমতী সুষমা স্বৰাজজীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়ঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বাঁসুৰীত শ্ৰীমতী সুষমা স্বৰাজজীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা বুলি অভিহিত কৰি তেওঁৰ প্ৰয়াসসমূহক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে স্বৰ্গীয় শ্ৰীমতী সুষমা স্বৰাজজীৰ স্বামী স্বৰাজ কৌশলজী আৰু জীয়েক বাঁসুৰীৰ সন্মুখত নিজৰ শোক প্ৰকাশ কৰে৷

উল্লেখ্য, শ্ৰদ্ধাঞ্জলি সভাত উপস্থিত আছিল অৱধেষানন্দ গিৰি মহাৰাজ, প্ৰাক্তন মন্ত্ৰী দীনেশ ত্ৰিৱেদী, সাংসদ পিনাকী মিশ্ৰ, মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱান, সাংসদ সতীশ চন্দ্ৰ মিশ্ৰ, সাংসদ ৰাজীৱ ৰঞ্জন, সাংসদ তিৰুচি শিৱা, সাংসদ এ. নৱনীতকৃষ্ণণ, সাংসদ নাম্মা নাগেশ্বৰা ৰাও, প্ৰাক্তন সাংসদ শৰদ যাদৱ, মন্ত্ৰী অৰৱিন্দ সাৱন্ত, সাংসদ প্ৰেমচন্দ গুপ্তা, সাংসদ সুখবীৰ সিং বাদল, সাংসদ অনুপ্ৰিয়া পেটেল, সাংসদ আনন্দ শৰ্মা, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ডঃ কৃষ্ণ গোপাল আৰু শ্ৰী জে পি নাড্ডা প্ৰমুখ্যে ব্যক্তিসকল৷ 

पूरा भाषण पढ़ने के लिए यहां क्लिक कीजिए

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Big Relief For Flyers: Centre Mandates 60% Seats On Flights To Be Free Of Selection Fee

Media Coverage

Big Relief For Flyers: Centre Mandates 60% Seats On Flights To Be Free Of Selection Fee
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on occasion of Navratri
March 19, 2026
PM shares a Sanskrit Subhashitam and a Hymn on this occasion

Prime Minister Shri Narendra Modi has extended his warmest greetings to everyone on the auspicious occasion of Navratri, praying for prosperity, health, and the fulfillment of the resolve for a Viksit Bharat.

The Prime Minister shared a Sanskrit Subhashitam on this occasion, highlighting the divine and benevolent grace of Goddess Shailaputri as the holy festival of Navratri commences. PM Modi also shared a devotional hymn dedicated to the Goddess on this occasion, noting that through the boundless mercy of the Goddess, the welfare of all citizens would be ensured, providing a powerful impetus to the collective goal of a developed India.

In a series of posts, the Prime Minister wrote on X:

"देशभर के मेरे परिवारजनों को नवरात्रि की हार्दिक मंगलकामनाएं। शक्ति की आराधना का यह दिव्य अवसर आप सभी के लिए सुख, सौभाग्य, समृद्धि और उत्तम स्वास्थ्य लेकर आए। शक्तिस्वरूपा मां दुर्गा की असीम कृपा से सबका कल्याण हो, जिससे विकसित भारत के हमारे संकल्प को भी नई ऊर्जा मिले। जय अंबे जगदंबे मां!"

"नवरात्रि के पहले दिन मां दुर्गा के प्रथम स्वरूप देवी शैलपुत्री की पूजा का विधान है। उनके आशीर्वाद से हर किसी के जीवन में संयम, शांति और सकारात्मक ऊर्जा का संचार हो, यही कामना है।

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम्॥"

I bow to Goddess Shailaputri, who fulfills all the wishes of her devotees, who is adorned with a crescent moon on her forehead, who rides a bull and who holds a trident in her hand. She is a glorious and revered goddess.

"जगतजननी मां दुर्गा के चरणों में कोटि-कोटि देशवासियों की ओर से मेरा नमन और वंदन! नवरात्रि के पावन पर्व पर देवी मां से विनती है कि वे हर किसी को अपने स्नेह और अनुकंपा का आशीर्वाद प्रदान करें। जय माता दी!"