যোৱা বছৰ নেপালী প্ৰধানমন্ত্ৰীৰ ফলপ্ৰসূ ভ্ৰমণৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতিত এক বিশেষ অংশীদাৰ হৈ আছে নেপাল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় পুষ্প কমল দাহাল 'প্ৰচণ্ড'ৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী প্ৰচণ্ডই প্ৰধানমন্ত্ৰী মোদীক ভাৰতৰ শেহতীয়াকৈ সামৰণি পৰা সাধাৰণ নিৰ্বাচনত তৃতীয়টো কাৰ্যকালৰ বাবে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত-নেপালৰ সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব বুলিও তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী 'প্ৰচণ্ড'ক শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ যোৱা বছৰ নেপালৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ কথা আনন্দেৰে স্মৰণ কৰি কয় যে তেওঁলোকে তেতিয়া দুয়োখন দেশৰ মাজত পৰম্পৰাগত, বন্ধুত্বপূৰ্ণ আৰু বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল।

নেপালে ভাৰতৰ সৈতে গভীৰ সাংস্কৃতিক আৰু সভ্যতাপ্ৰসূত সম্পৰ্ক অব্যাহত ৰাখি আহিছে আৰু ভাৰতৰ 'চুবুৰীয়া প্ৰথম' নীতিত এক বিশেষ অংশীদাৰ হৈ আছে। টেলিফোনযোগে হোৱা এই বাৰ্তালাপেও দুয়োখন দেশৰ মাজত চলি অহা উচ্চ-পৰ্যায়ৰ মত বিনিময়ৰ পৰম্পৰা অব্যাহত ৰাখিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post launches drone delivery pilot across Himachal, Assam

Media Coverage

India Post launches drone delivery pilot across Himachal, Assam
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity