সংযুক্ত আৰৱ এমিৰেটছ(ইউএই)ৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক মোৰ ভাতৃস্বৰূপ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ আমন্ত্ৰণত ২০২৩ চনৰ ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া চিঅ’পি-২৮ৰ বিশ্ব জলবায়ু কাৰ্য্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাই অভিমুখে যাত্ৰা কৰিছো৷ মই দেখি আনন্দিত হৈছো এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো সংযুক্ত আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত অনুষ্ঠিত হৈছে, যি জলবায়ু কাৰ্য্যৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে।

 

আমাৰ সভ্যতা সম্পৰ্কীয় নীতি-নিয়মৰ লগত খাপ খুৱাই আনকি আমি সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পথতো ভাৰতে সদায় জলবায়ু কাৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷

 

আমাৰ জি-২০ অধ্যক্ষতাৰ সময়ত জলবায়ু সম্পৰ্কে আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিলো৷ নতুন দিল্লী নেতা ঘোষণাপত্ৰত জলবায়ু কাৰ্য্য আৰু বহনক্ষম উন্নয়নৰ ওপৰত অসংখ্য সুনিৰ্দিষ্ট পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে। এই বিষয়সমূহৰ ওপৰত চিঅ’পি-২৮এ সহমতৰ বাবে মই আগ্ৰহী।

 

চিঅ’পি-২৮-এ পেৰিছ চুক্তিৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ সুযোগো প্ৰদান কৰিব আৰু জলবায়ু ব্যৱস্থাৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব। ভাৰতে আহ্বান কৰা ভইচ অৱ গ্ল’বেল ছাউথ শীৰ্ষ সন্মিলনত গ্ল’বেল ছাউথে সমতা, জলবায়ু ন্যায় আৰু সাধাৰণ কিন্তু পৃথক দায়িত্বৰ নীতিৰ ওপৰত ভিত্তি কৰি জলবায়ু কাৰ্য্যৰ প্ৰয়োজনীয়তাৰ লগতে অভিযোজনৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা কয়। উন্নয়নশীল বিশ্বৰ প্ৰচেষ্টাসমূহক পৰ্যাপ্ত জলবায়ু বিত্তীয় সাহায্য আৰু প্ৰযুক্তি হস্তান্তৰৰ দ্বাৰা সমৰ্থন কৰাটো গুৰুত্বপূৰ্ণ। বহনক্ষম উন্নয়ন সাধন কৰিবলৈ তেওঁলোকৰ ন্যায্য কাৰ্বন আৰু উন্নয়নৰ স্থানৰ সুবিধা থাকিব লাগিব।

 

জলবায়ু কাৰ্য্যৰ কথা আহিলে ভাৰতে আগ্ৰহেৰে আগভাগ লয়৷ নবীকৰণযোগ্য শক্তি, শক্তি দক্ষতা, বনানীকৰণ, শক্তি সংৰক্ষণ, মিছন লাইফ আদি বিভিন্ন খণ্ডত আমাৰ সাফল্যই মা ধৰিত্ৰীৰ প্ৰতি আমাৰ জনসাধাৰণৰ দায়বদ্ধতাৰ প্ৰমাণ।

 

জলবায়ু বিত্ত, গ্ৰীণ ক্ৰেডিট পদক্ষেপ আৰু লিডআইটিকে ধৰি বিশেষ অনুষ্ঠানত যোগদান কৰিবলৈ মই আগ্ৰহী।

ডুবাইত উপস্থিত থকা আন নেতাসকলক লগ পাবলৈ মই আগ্ৰহী হোৱাৰ লগতে বিশ্ব জলবায়ুৰ পদক্ষেপসমূহ ত্বৰান্বিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Emerging cities see 42% growth in GCC jobs, outpacing metros: Report

Media Coverage

Emerging cities see 42% growth in GCC jobs, outpacing metros: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মে’ 2026
May 27, 2026

Strategic, Sustainable, Self-Reliant: How PM Modi is Building Viksit Bharat