“নাগৰিকে সন্মুখীন হোৱা সমস্যাৰাজিৰ স্থায়ী সমাধান আৰু তেওঁলোকৰ সবলীকৰণেই হৈছে আমাৰ চৰকাৰৰ লক্ষ্য”
“এখনি আধুনিক ভাৰত গঢ়িবলৈ আন্তঃগাঁথনি, মাত্ৰা আৰু গতিৰ গুৰুত্ব আমি অনুধাৱন কৰিছো”
“আমাৰ চিন্তাধাৰা খণ্ডিত নহয়, আমি প্ৰতীকবাদক বিশ্বাস নকৰো”
“আমি সাধাৰণ নাগৰিকৰ সবলীকৰণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছো আৰু আমি সফল হৈছো”
“ডিজিটেল ইণ্ডিয়াৰ সফলতাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে”
“আমি ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছো”
“২০৪৭ৰ ভিতৰত ভাৰত ‘বিকশিত ভাৰত’ হোৱাটো আমাৰ সংকল্প”

আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক তেওঁৰ ভাষণত ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী দাঙি ধৰি উভয় সদনকে পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনায়।

পূৰ্বৰ সময়ৰ বিপৰীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ চৰকাৰৰ লক্ষ্য হৈছে নাগৰিকসকলৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ সবলীকৰণ।” জনসাধাৰণৰ সমস্যাৰাজিৰ সমাধানৰ ব্যৱস্থা কৰাটো পূৰ্বৰ সময়তো চৰকাৰৰ দায়িত্ব আছিল যদিও তেওঁলোকৰ অগ্ৰাধিকাৰ আৰু উদ্দেশ্য বেলেগ আছিল বুলিও তেখেতে কয়। তেখেতে লগতে কয়, “আজি আমি সমস্যাসমূহৰ স্থায়ী সমাধানৰ দিশত অগ্ৰসৰ হৈছো।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে জল সমস্যাৰ উদাহৰণ দাঙি ধৰি কয় যে প্ৰতীকবাদ (tokenism) ৰ পৰিৱৰ্তে পানীৰ আন্তঃগাঁথনি সৃষ্টি, জল শাসন, গুণগত নিয়ন্ত্ৰণ, জল সংৰক্ষণ, জলসিঞ্চনৰ ক্ষেত্ৰত উদ্ভাৱন আদি এক সামগ্ৰিক সংহত পদ্ধতি প্ৰয়োগ কৰা হৈছে। একেধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা হৈছে বিত্তীয় অন্তৰ্ভুক্তি, জন ধন – আধাৰ – ম’বাইলৰ জৰিয়তে ডিবিটিৰ ক্ষেত্ৰত, পিএম গতিশক্তি মাষ্টাৰপ্লেন, ২০২০ৰ জৰিয়তে আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত স্থায়ী সমাধানত গুৰুত্ব আৰোপ কৰা হৈছে।“

“এখনি আধুনিক ভাৰত নিৰ্মাণৰ বাবে আন্তঃগাঁথনি, মাত্ৰা আৰু গতিৰ গুৰুত্ব আমি অনুধাৱন কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে প্ৰযুক্তিৰ শক্তিৰ জৰিয়তে দেশখনৰ কৰ্ম সংস্কৃতিৰ ৰূপান্তৰ ঘটিছে তথা চৰকাৰে গতি বৃদ্ধি আৰু ইয়াৰ মাত্ৰাৰ বৰ্ধনত মনোনিৱেশ কৰিছে।

“মহাত্মা গান্ধীয়ে ‘শ্ৰেয়’ (merit) আৰু ‘প্ৰিয়’ (dear) ৰ কথা কৈছিল। আমি ‘শ্ৰেয়’ (merit)ৰ পথ বাছি লৈছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বাছি লোৱা পথ হৈছে জিৰণিক অগ্ৰাধিকাৰ প্ৰদানৰ বিপৰীতে সাধাৰণ জনতাৰ আকাংক্ষা পূৰণৰ বাবে প্ৰতিদিন-প্ৰতিপল অক্লান্তভাৱে কাম কৰা পথ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজাদী কা অমৃত কালত সংপৃক্ততা লাভৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে। তেখেতে চৰকাৰৰ প্ৰচেষ্টাক পুনৰবাৰ উল্লেখ কৰি কয় যে ১০০ শতাংশ সুবিধা দেশখনৰ প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিছে। “এয়া প্ৰকৃত ধৰ্মনিৰপেক্ষতা। ইয়াৰদ্বাৰা বৈষম্য আৰু দুৰ্নীতি নাইকিয়া হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “দশক-দশক ধৰি জনজাতীয় সমাজখনৰ উন্নয়নক উপেক্ষা কৰি অহা হৈছিল। আমি তেওঁলোকৰ কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো।” প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ কাৰ্য্যকালত জনজাতি লোকসকলৰ কল্যাণৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠনেৰে জনজাতীয় কল্যাণৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা হাতত লোৱাৰ কথা তেখেতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ক্ষুদ্ৰ কৃষকসকল ভাৰতৰ কৃষি খণ্ডটোৰ মেৰুদণ্ড। আমি তেওঁলোকৰ হাত সবল কৰিবলৈ কাম কৰি আছো।” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ষুদ্ৰ কৃষকসকল দীৰ্ঘদিনে অৱহেলিত হৈ আহিছিল। বৰ্তমান চৰকাৰে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপেৰে ক্ষুদ্ৰ বিক্ৰেতা আৰু শিপিনীৰ লগতে ক্ষুদ্ৰ কৃষকসকলৰ বাবেও বহু সুযোগ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কেও বিশদভাৱে উল্লেখৰ লগতে ভাৰতৰ এগৰাকী মহিলাৰ জীৱনৰ প্ৰতিটো পৰ্য্যায়তে সবলীকৰণ, মৰ্য্যাদা নিশ্চিতকৰণ আৰু ইজ অৱ লিভিঙৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কেও কয়।

“আমাৰ বিজ্ঞানী আৰু উদ্ভাৱকসকলৰ বিশেষজ্ঞতাৰে ভাৰত বিশ্বৰ ফাৰ্মা হাব হৈ পৰিছে”, এইদৰে কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিজ্ঞানী, উদ্ভাৱক আৰু ভেকচিন নিৰ্মাতাসকলক একাংশ লোকে নিৰাশ কৰিবলৈ চেষ্টাৰ দৰে দুৰ্ভাগ্যজনক পৰিঘটনাসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল ইন’ভেচন মিছন আৰু টিংকাৰিং লেবৰ দৰে ব্যৱস্থাৰ জৰিয়তে বিজ্ঞানসন্মত মানসিকতা জগাই তোলাৰ কথা কয়। চৰকাৰে সৃষ্টি কৰা সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰেৰে ব্যক্তিগত উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত যুৱক-যুৱতী আৰু বিজ্ঞানীসকলক প্ৰশংসা কৰে। “সাধাৰণ নাগৰিকৰ সবলীকৰণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছো আৰু আমি সফল হৈছো”, তেখেতে কয়।

“ডিজিটেল লেনদেনৰ ক্ষেত্ৰত আজি দেশখন বিশ্বৰ অগ্ৰদূত হৈ পৰিছে। ডিজিটেল ইণ্ডিয়াৰ সফলতাই আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে ভাৰতে ম’বাইল ফোন আমদানি কৰা সময়ৰ কথা উল্লেখ কৰি কয়, “আজি আমি আন দেশলৈ ম’বাইল ফোন ৰপ্তানি কৰিছো।“

“২০৪৭ৰ ভিতৰত ভাৰত ‘বিকশিত ভাৰত’ হোৱাটো আমাৰ সংকল্প”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে পুনৰ কয় যে আমি আগ্ৰহী সুযোগৰাজিৰ ক্ষেত্ৰত চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। “ভাৰত দীঘল খোজ দিবলৈ আৰু পিছলৈ ঘূৰি নাচাবলৈ সাজু হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কৈ সামৰণি মাৰে।

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.