"ভাৰত এটা দশকত একাদশ সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে"
"ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল' হৈছে ভাৰতৰ পৰম্পৰাগত জীৱন শৃংখলাৰ এটা অংশ"
"ভাৰতে প্ৰতিটো অভিযানত স্কেল আৰু গতি, পৰিমাণ আৰু মানদণ্ড আনিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ সভাত ভাষণ দিয়ে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাক প্ৰতিষ্ঠাৰ ৫০ তম বাৰ্ষিকীৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু লগতে এই বৈঠকত সহ-সভাপতিত্ব কৰাৰ বাবে আয়াৰলেণ্ড আৰু ফ্ৰান্সৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

 

শক্তি সুৰক্ষা আৰু নিৰন্তৰ বিকাশৰ বাবে স্থিৰতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেনেকৈ এটা দশকত ১১ তম সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিলৈ গৈছে, যাৰ ফলত ই বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে একে সময়তে ভাৰতৰ সৌৰ শক্তি ক্ষমতা ২৬ গুণ বৃদ্ধি পোৱাৰ লগতে দেশৰ নৱীকৰণযোগ্য শক্তি ক্ষমতাও দুগুণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "আমি এই ক্ষেত্ৰত আমাৰ পেৰিছ প্ৰতিশ্ৰুতিসময়সীমাৰ আগতে অতিক্ৰম কৰিছোঁ।"

 

বিশ্বৰ জনসংখ্যাৰ ১৭% লোক ভাৰতত বাস কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ শক্তি প্ৰৱেশাধিকাৰৰ পদক্ষেপসমূহো ভাৰতে চলাই আছে।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কাৰ্বন নিৰ্গমন বৈশ্বিক মুঠ জনসংখ্যাৰ মাত্ৰ ৪%। তেওঁ এক সামূহিক আৰু সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। "ভাৰতে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ দৰে পদক্ষেপৰ নেতৃত্ব দিছে। আমাৰ মিছন লাইফ-এ এক সামূহিক প্ৰভাৱৰ বাবে গ্ৰহ-অনুকূল জীৱনশৈলীৰ বিকল্পৰ ওপৰত গুৰুত্ব দিয়ে। 'ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল' ভাৰতৰ পৰম্পৰাগত জীৱন শৈলীৰ এক অংশ", প্ৰধানমন্ত্ৰীয়ে কয়। ভাৰতৰ জি-২০ অধ্যক্ষতাৰৰ সময়ত বৈশ্বিক জৈৱ ইন্ধন জোঁটবন্ধন আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই উদ্যোগক সমৰ্থন কৰাৰ বাবে আইইএক ধন্যবাদ জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়েএই দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰে যে সমাৱেশিতাই যিকোনো প্ৰতিষ্ঠানৰ বিশ্বাসযোগ্যতা আৰু সামৰ্থ্য বৃদ্ধিকৰে। তেওঁ এই কথাৰ উল্লেখ কৰে যে ১.৪ বিলিয়ন ভাৰতীয় নাগৰিকে প্ৰতিভা, প্ৰযুক্তি আৰু উদ্ভাৱনত অংশগ্ৰহণ কৰিব পাৰে। "আমি প্ৰতিটো অভিযানত স্কেল আৰু গতি, পৰিমাণ আৰু মানদণ্ড আনিছো", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এক ডাঙৰ ভূমিকা পালন কৰিলে, যিয়ে আইইএ-ক যথেষ্ট লাভান্বিত কৰিব। ভাষণৰঅন্তত প্ৰধানমন্ত্ৰীয়ে আইইএৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু বিদ্যমান অংশীদাৰীত্ব শক্তিশালী কৰাৰ বাবে আৰু নতুন অংশীদাৰীত্ব সৃষ্টিৰ বাবে এই মঞ্চক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে সামৰণিত কয়, "আহক আমি এক পৰিষ্কাৰ, সেউজীয়া আৰু সামগ্ৰিক পৃথিৱী গঢ়ি তোলোঁ"।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's strong growth outlook intact despite global volatility: Govt

Media Coverage

India's strong growth outlook intact despite global volatility: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over mishap in Coimbatore
April 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep anguish over the mishap in Coimbatore, Tamil Nadu.

Shri Modi said that he is distressed to hear about the incident and extended his heartfelt condolences to those who have lost their loved ones. He also prayed for the speedy recovery of those injured in the mishap.

The Prime Minister’s Office posted on X;

“Distressed to hear about the mishap in Coimbatore, Tamil Nadu. I extend my heartfelt condolences to those who have lost their loved ones in the mishap. Prayers for the speedy recovery of those injured: PM @narendramodi”