“দেশৰ ক্ৰীড়া পৰম্পৰাক আগুৱাই নিয়াত উত্তৰ-পূৱ আৰু মণিপুৰে যথেষ্ট অৰিহণা যোগাইছে”
“উত্তৰ-পূৱে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যত নতুন ৰং সংযোজন কৰাৰ লগতে দেশৰ ক্ৰীড়া বৈচিত্ৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে”
“যিকোনো চিন্তান শিৱিৰ আৰম্ভ হয় সুচিন্তা, সুপৰিকল্পনাৰে আগবাঢ়ি যায় আৰু কাৰ্যকৰীকৰণেৰে অন্ত পৰে”
“আমি ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু প্ৰতিখন প্ৰতিযোগিতা অনুসৰি প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব দিব লাগিব। আমি হ্ৰস্বম্যাদী, মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যও নিৰ্ধাৰণ কৰিব লাগিব”
“ক্রীড়া আন্তঃগাঁথনিৰ সৈতে জড়িত ৪০০ কোটিৰো অধিক মূল্যৰ প্রকল্পই আজি উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত ভিডিঅ’ কনফাৰেন্সযোগে যুৱ পৰিক্ৰমা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ সম্বোধন কৰে।

আজি এই সভাত ভাষণ দি চলিত বৰ্ষত মণিপুৰত ‘চিন্তন শিবিৰ’ অনুষ্ঠিত হোৱা আৰু উত্তৰ-পূৱৰ বহু ক্ৰীড়াবিদে দেশৰ বাবে পদক লাভ কৰি জাতীয় পতাকাৰ সৌষ্ঠৱ আৰু গৌৰৱ বৃদ্ধি কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ থলুৱা খেল যেনে সাগোল কাংজাই, থাং-টা, য়ুবি লাকপি, মুকনা আৰু হিয়াং তন্নাবা আদিৰ ওপৰত আলোকপাত কৰি কয় যে এইবোৰ খেল নিজস্ব অটুট ৰাখিয়েই অতি আকৰ্ষণীয়। শ্ৰী মোদীয়ে লগতে কয়, “উত্তৰ-পূৱ আৰু মণিপুৰে দেশৰ ক্ৰীড়া পৰম্পৰাক আগুৱাই নিয়াত যথেষ্ট অৰিহণা যোগাইছে”। তেওঁ থলুৱা খেলৰ বিষয়ে অধিক ব্যাখ্যা কৰি মণিপুৰৰ উ-লাৱাবীৰ কথা উল্লেখ কৰে। উল্লেখ্য যে এই খেলবিধ কাবাডীৰ সৈতে যথেষ্ট মিল আছে, আনফালে হিয়াং তন্নাবাই কেৰেলাৰ নৌকা ৰেচিংৰ কথা মনত পেলায়। তেওঁ মণিপুৰৰ প’লোৰ সৈতে ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে উত্তৰ-পূৱে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যত নতুন ৰং সংযোজন কৰে আৰু দেশৰ ক্ৰীড়া বৈচিত্ৰ্যক নতুন মাত্ৰা প্ৰদান কৰে। ‘চিন্তন শিবিৰ’ৰ শেষত দেশৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া মন্ত্ৰীসকলে এক সুন্দৰ শিক্ষণ অভিজ্ঞতা লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে।

আজিৰ চিন্তন শিবিৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “যিকোনো চিন্তন শিবিৰ আৰম্ভ হয় সুচিন্তাৰ দ্বাৰা, সুপৰিকল্পনাৰে আগবাঢ়ি যায় ই আৰু কাৰ্যকৰীকৰণৰ দ্বাৰা শেষ হয়।” তেওঁ দেশৰ ক্ৰীড়াখণ্ডৰ ভৱিষ্যতৰ লক্ষ্যৰ ওপৰত আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে আৰু লগতে পূৰ্বৰ সন্মিলনসমূহ পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ২০২২ চনত কেৱাড়িয়াত অনুষ্ঠিত হোৱা পূৰ্বৰ বৈঠকৰ কথা সোঁৱৰাই দি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে সেই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল আৰু ক্ৰীড়াৰ উন্নতিৰ বাবে এটা পৰিৱেশ তন্ত্ৰৰ বাবে ৰোড মেপ প্ৰস্তুত কৰিবৰ বাবে চুক্তি কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া খণ্ডত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত অংশগ্ৰহণ বৃদ্ধিৰ কথা উল্লেখ কৰে। বিশেষভাৱে যিবোৰ দিশত অগ্ৰগতি সম্ভৱ হৈছে সেইবোৰৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ আৰু কয় যে এই পৰ্যালোচনা, নীতি আৰু কাৰ্যসূচীৰ পৰ্যায়ত নহয়, বৰং আন্তঃগাঁথনি উন্নয়ন আৰু বিগত বৰ্ষবোৰৰ ক্ৰীড়া কৃতিত্বৰ ওপৰতহে কৰা উচিত।

বিগত এটা বৰ্ষত ভাৰতীয় খেলুৱৈ আৰু ক্ৰীড়াবিদসকলৰ প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানত তেওঁলোকৰ অসাধাৰণ প্ৰচেষ্টাক প্ৰশংসা কৰে। এই কৃতিত্বসমূহ সকলোৱেই একেলগে উদযাপন কৰাৰ সমান্তৰালকৈ খেলুৱৈসকলক অধিক সহায় আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আগন্তুক সময়ত স্কোৱাছ বিশ্বকাপ, হকী এছিয়ান চেম্পিয়নছ ট্ৰফী, এছিয়ান য়ুথ এণ্ড জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ দৰে ইভেণ্টত ক্ৰীড়া মন্ত্ৰালয় আৰু ইয়াৰ বিভাগসমূহৰ প্ৰস্তুতি পৰীক্ষা কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে খেলুৱৈসকলে নিজকে প্ৰস্তুত কৰি থকাৰ সময়তে, এতিয়া মন্ত্ৰালয়সমূহে ক্ৰীড়া প্ৰতিযোগিতা সন্দৰ্ভত এক বেলেগ দৃষ্টিভংগীৰে কাম কৰাৰ সময় আহি পৰিছে। ফুটবল আৰু হকীৰ দৰে খেলত ‘মেন টু মেন মাৰ্কিং’ৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন প্ৰতিযোগিতাৰ বাবে বিভিন্ন কৌশল ৰূপায়ণ কৰা আৰু ‘মেচ টু মেচ মাৰ্কিঙ’ৰ পন্থা অনুসৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “আমি ক্ৰীড়াৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু প্ৰতিখন প্ৰতিযোগিতা অনুসৰি ক্ৰীড়া প্ৰশিক্ষণৰ ওফৰতো আমি গুৰুত্ব দিব লাগিব। তাৰ লগে লগে আমি হ্ৰস্বম্যাদী, মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যও নিৰ্ধাৰণ কৰিব লাগিব।”

প্ৰধানমন্ত্ৰীয়ে কয় যে এজন খেলুৱৈয়ে কেৱল ফিটনেছহে লাভ কৰিব পাৰে, কিন্তু ধাৰাবাহিকতাই অনবদ্য প্ৰদৰ্শনৰ পথ মুকলি কৰে। তেওঁ স্থানীয় পৰ্যায়ত অধিক ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰা আৰু অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে, যাতে খেলুৱৈসকলে ইয়াৰ পৰা বহু কথা শিকিব, বহু অভিজ্ঞতা অৰ্জন কৰিব পাৰে। শ্ৰী মোদীয়ে ক্ৰীড়া মন্ত্ৰীসকলক কয় যে কোনো ক্ৰীড়া প্ৰতিভাক উপেক্ষা নকৰাটো নিশ্চিত কৰক।

প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিগৰাকী প্ৰতিভাৱান খেলুৱৈক গুণগত ক্ৰীড়াৰ আন্তঃগাঁথনি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব বুলি আলোকপাত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। খেলো ইণ্ডিয়া আঁচনিৰ কথা উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা জিলা পৰ্যায়ত ক্ৰীড়া আন্তঃগাঁথনি নিশ্চিতভাৱে উন্নত হৈছে আৰু এই উন্নতিক ব্লক পৰ্যায়লৈ লৈ যাব লাগিব। ব্যক্তিগত খণ্ডকে ধৰি সকলো অংশীদাৰৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱক অধিক ফলপ্ৰসূ কৰি তুলিবলৈ পুনৰ চিন্তা কৰাৰ পৰামৰ্শ আগবঢ়াই কয় যে ৰাজ্যসমূহত অনুষ্ঠিত হোৱা এনে কাৰ্যসূচী কেৱল আনুষ্ঠানিকতা হ’ব নালাগে। তেওঁ কয়, “ভাৰতে এনে প্ৰচেষ্টা চৌদিশে কৰিব পাৰিলেহে নিজকে আগশাৰীৰ ক্ৰীড়া দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।”

উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ক্ৰীড়া বিকাশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটো সমগ্ৰ জাতিটোৰ বাবে এক বৃহৎ প্ৰেৰণা। তেওঁ কয় যে ক্ৰীড়া আন্তঃগাঁথনিৰ সৈতে জড়িত ৪০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পই আজি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এক নতুন মাত্ৰা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইম্ফলৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উদাহৰণ দাঙি ধৰি কয় যে আগন্তুক সময়ত দেশৰ যুৱক-যুৱতীসকলক ই ন ন সুযোগ প্ৰদান কৰিব, আৰু খেলো ইণ্ডিয়া আঁচনি আৰু ট’পছ (TOPS) ৰ দৰে প্ৰচেষ্টাই ইয়াত ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। উত্তৰ-পূৱৰ প্ৰতিখন জিলাত কমেও ২টা খেলো ইণ্ডিয়া কেন্দ্ৰ, আৰু প্ৰতিখন ৰাজ্যতে খেলো ইণ্ডিয়া ৰাজ্যিক উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হৈছে বুলিও অৱগত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে এই প্ৰচেষ্টাসমূহ ক্ৰীড়া জগতত এক নৱ ভাৰতৰ ভেটি হ’ব আৰু দেশক নতুন পৰিচয় দিব। ভাষণৰ সামৰণিত শ্ৰী মোদীয়ে নিজ নিজ ৰাজ্যত এনেধৰণৰ কাম-কাজ ক্ষিপ্ৰ কৰাৰ বাবে সকলো অংশীদাৰক আহ্বান জনায় আৰু চিন্তন শিবিৰে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও আস্থা প্ৰকাশ কৰে।

পটভূমি

বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা ১০০ৰো অধিক আমন্ত্ৰিত লোকে আজিৰে পৰা আৰম্ভ হোৱা দুদিনীয়া অনন্য চিন্তন শিবিৰত অংশগ্ৰহণ কৰি জাতিটোক অধিক ফিট কৰি তোলা আৰু ভাৰতবৰ্ষক বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ ক্ৰীড়া শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ মতামত আৰু ধাৰণা আগবঢ়াব বুলি আশা কৰা হৈছে। লগতে ব্যক্তিত্ব-নিৰ্মাণ আৰু জাতি-নিৰ্মাণৰ উদ্দেশ্যৰ দিশতো কাম কৰাৰ বাবে অৰ্থাৎ যুৱক-যুৱতীসকলক বিভিন্ন জাতি-নিৰ্মাণৰ কামত জড়িত কৰি ব্যক্তিত্ব বিকাশৰ বাবে আলোচনা কৰা হ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions

Media Coverage

India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.