“আপোনালোকে যোৱা ২৫ দিনত লাভ কৰা অভিজ্ঞতা, আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ”
“ক্ৰীড়া আৰু খেলুৱৈৰ বিকাশ সমাজৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ”
“সমগ্ৰ দেশখনে আজি খেলুৱৈসকলৰ দৰে চিন্তা কৰিছে, ৰাষ্ট্ৰখনক প্ৰথম স্থান প্ৰদান কৰিছে”
“আজি বহু বিখ্যাত ক্ৰীড়া প্ৰতিভা সৰু চহৰৰপৰা আহিছে”
“সাংসদ খেল প্ৰতিযোগিতা হৈছে প্ৰতিভাধৰসকলক আৱিষ্কাৰ আৰু ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ দক্ষতাক নিপুণকৰণৰ এখনি গুৰুত্বপূৰ্ণ মঞ্চ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমেথি সাংসদ খেল প্ৰতিযোগিতা, ২০২৩ত অংশগ্ৰহণ কৰাসকলক লগ পাই সন্তোষ লভিছোঁ। এই মাহটো দেশখনৰ ক্ৰীড়াৰ বাবে শুভ সময় বুলি উল্লেখেৰে তেখেতে কয় যে ভাৰতীয় খেলুৱৈসকলে এছিয়ান গেমছত শতকৰো অধিক পদক অৰ্জন কৰিছে। তেখেতে উল্লেখ কৰে যে আমেথিৰ বহু খেলুৱৈয়ে আমেথি সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণেৰে স্বকীয় ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিছে। তেখেত কয় যে এই প্ৰতিযোগিতাৰপৰা খেলুৱৈসকলে যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সেয়া অনুভৱ কৰিব পাৰি আৰু এতিয়া এই উৎসাহেৰে উত্তম ফলাফলৰ বাবে ইয়াক প্ৰয়োগৰ সময় আহি পৰিছে। “আপোনালোকে যোৱা ২৫ দিনত লাভ কৰা অভিজ্ঞতা আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে এই সুযোগতে যিসকল শিক্ষক, প্ৰশিক্ষক, বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে এই মহান অভিযানত যোগদানেৰে এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰিলে, তেওঁলোকক অভিনন্দন জনায়। এক লাখৰো অধিক খেলুৱৈ সমাগম হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা বুলি আলোকপাতেৰে বিশেষকৈ এই অনুষ্ঠানটোক ইমান সফল কৰি তোলা আমেথিৰ সাংসদ স্মৃতি ইৰানীক অভিনন্দন জনায়। 

 

“ক্ৰীড়া আৰু খেলুৱৈৰ বিকাশ সমাজৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে ক্ৰীড়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ব্যক্তিত্বৰ বিকাশ ঘটে। তেওঁলোকে লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰে, পৰাস্তৰ পিছতো পুনৰ চেষ্টা কৰে আৰু দলীয় মনোভাৱেৰে আগবাঢ়ি যায়। শ্ৰী মোদীয়ে পুনৰ কয় যে বৰ্তমান চৰকাৰৰ শতাধিক সাংসদে নিজ-নিজ সমষ্টিত ক্ৰীড়া প্ৰতিযোগিতা আয়োজনেৰে সমাজৰ উন্নয়নৰ বাবে এক নতুন পথ প্ৰস্তুত কৰিছে আৰু আগন্তুক বছৰকেইটাত ইয়াৰ ফলাফল স্পষ্টকৈ দেখা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে আগন্তুক বছৰকেইটাত আমেথিৰ যুৱ খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিশ্চিতভাৱে পদক লাভ কৰিব আৰু এনে প্ৰতিযোগিতাৰপৰা লাভ কৰা অভিজ্ঞতা অতিশয় কামত আহিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “খেলুৱৈ এজনে খেলপথাৰত ভৰি দিয়াৰ লগে-লগে তেওঁলোকৰ এটাই লক্ষ্য থাকে- নিজকে আৰু দলটোক বিজয়ী কৰা।” তেখেতে কয় যে সমগ্ৰ দেশখনে আজি খেলুৱৈসকলৰ দৰে চিন্তা কৰিছে, ৰাষ্ট্ৰখনক প্ৰথম স্থান প্ৰদান কৰিছে। খেলুৱৈৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেওঁলোকে দেশৰ হৈ খেলে আৰু এই সময়ত দেশেখনেও এটা গুৰুত্বপূৰ্ণ লক্ষ্য অনুসৰণ কৰিছে। ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত দেশৰ প্ৰতিখন জিলাৰ প্ৰতিজন নাগৰিকৰ ভূমিকা আছে বুলি তেখেতে কয়। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো খণ্ডই এটা অনুভৱ, এটা লক্ষ্য আৰু এটা সংকল্প লৈ আগবাঢ়িব লাগিব। তেখেতে যুৱক-যুৱতীসকলৰ বাবে টপছ (TOPS) আৰু খেল’ ইণ্ডিয়া গেমছৰ দৰে আঁচনিৰ কথা উল্লেখ কৰে। তেখেতে অৱগত কৰে যে টপছ আঁচনিৰ অধীনত দেশ-বিদেশত শ-শ খেলুৱৈক প্ৰশিক্ষণ প্ৰদানেৰে কোটি-কোটি টকাৰ সাহায্য আগবঢ়োৱা হৈছে। তেখেতে লগতে জনায় যে খেল’ ইণ্ডিয়া গেমছৰ অধীনত ৩ হাজাৰৰো অধিক খেলুৱৈক প্ৰতিমাহে ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হৈছে যিয়ে তেওঁলোকক প্ৰশিক্ষণ, খাদ্য, প্ৰশিক্ষক, কিট, প্ৰয়োজনীয় সঁজুলি আৰু আন-আন খৰচৰ প্ৰয়োজনীয়তা পূৰণত সহায় কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ পৰিৱৰ্তিত ভাৰতত ক্ষুদ্ৰ চহৰৰ প্ৰতিভাই মুকলিকৈ আগবাঢ়ি অহাৰ সুযোগ পোৱাৰ ওপৰত গুৰুত্ব আৰোপেৰে ভাৰতক ষ্টাৰ্টআপ হাব হিচাপে গঢ়ি তোলাত ক্ষুদ্ৰ চহৰৰ অৱদান সন্দৰ্ভত আলোকপাত কৰে। আজি বহু বিখ্যাত ক্ৰীড়া প্ৰতিভা সৰু চহৰৰপৰা অহা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ স্বচ্ছ পন্থা অৱলম্বনৰ কথা উল্লেখ কৰে, য’ত যুৱক-যুৱতীসকলে আগবাঢ়ি আহি নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। তেখেতে এছিয়ান গেমছৰ উদাহৰণেৰে কয় যে ইয়াত পদক লাভ কৰা বেছিভাগ খেলুৱৈয়েই সৰু চহৰৰ আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰি কয় যে চৰকাৰে তেওঁলোকৰ প্ৰতিভাক সন্মান জনোৱা আৰু সম্ভৱপৰ সকলো সা-সুবিধা প্ৰদানৰ ফল আজি প্ৰত্যক্ষ হৈছে। উত্তৰ প্ৰদেশৰ অন্নু ৰাণী, পাৰুল চৌধুৰী আৰু সুধা সিঙৰ প্ৰদৰ্শনৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাংসদ খেল প্ৰতিযোগিতা এনে প্ৰতিভাৱান খেলুৱৈসকলক আৱিষ্কাৰৰ লগতে ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ দক্ষতাক নিপুণকৰণৰ এখনি গুৰুত্বপূৰ্ণ মঞ্চ।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে অনাগত সময়তো সকলো খেলুৱৈয়ে কঠোৰ পৰিশ্ৰমেৰে সৰ্বোচ্চ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব তথা বহু খেলুৱৈয়ে দেশ আৰু জাতীয় পতাকাৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Move from endless war to end of war': PM Modi to Russian President Putin

Media Coverage

Move from endless war to end of war': PM Modi to Russian President Putin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates the nation on achieving 7.8% GDP growth; highlights surging economic confidence
September 01, 2026

Prime Minister Shri Narendra Modi today congratulated the nation on achieving a Gross Domestic Product (GDP) growth rate of 7.8% in the first quarter of the financial year. Sharing a video message, the Prime Minister highlighted the strong economic numbers, emphasizing that these figures reflect a surging economic confidence.

In a post on X, the Prime Minister shared:

"7.8% growth.

Strong numbers.

Even stronger confidence."