প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৭ ছেপ্টেম্বৰত জাকাৰ্টাত অনুষ্ঠিত ২৩সংখ্যক আছিয়ান– ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰে।

আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ডিজিটেল ৰূপান্তৰ, বাণিজ্য আৰু অৰ্থনৈতিক সংযোগ, সমসাময়িক প্ৰত্যাহ্বানসমূহ মোকাবিলা, নাগৰিক-নাগৰিক সংযোগ আৰু কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ দৰে বিভিন্ন ক্ষেত্ৰত ভাৰত-আছিয়ানৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১২ দফীয়া প্ৰস্তাৱ দাখিল কৰে। সেইবোৰ হৈছে-

• বহুপাক্ষিক সংযোগ স্থাপন আৰু দক্ষিণ– পূব এছিয়া– ভাৰত– পশ্চিম এছিয়া– ইউৰোপক সংযোগ কৰা অৰ্থনৈতিক কৰিডৰ গঢ় দিয়া৷

• আছিয়ানৰ অংশীদাৰসকলৰ সৈতে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পৰিসৰ শ্বেয়াৰ কৰা৷

• ডিজিটেল ৰূপান্তৰ আৰু বিত্তীয় সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছিয়ান– ইণ্ডিয়া ফাণ্ড ফৰ ডিজিটেল ফিউচাৰৰ ঘোষণা৷

• সংযোগ বৃদ্ধিৰ বাবে আছিয়ান আৰু পূব এছিয়াৰ অৰ্থনৈতিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক জ্ঞানৰ অংশীদাৰ হিচাপে সহায়ৰ ঘোষণা৷

• বহুপাক্ষিক মঞ্চত দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ বিভিন্ন বিষয়ক সামূহিকভাৱে সম্বোধন কৰা৷

• ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাই স্থাপন কৰা পৰম্পৰাগত ঔষধৰ বিশ্ব কেন্দ্ৰত যোগদান কৰিবলৈ আছিয়ান দেশসমূহক আমন্ত্ৰণ জনোৱা

• মিছন লাইফত একেলগে কাম কৰিবলৈ আহ্বান জনোৱা

• জনঔষধি কেন্দ্ৰৰ জৰিয়তে সাধাৰণ মানুহক সুলভ মূল্যৰ ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা শ্বেয়াৰ কৰা

• সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদক বিত্তীয় সাহায্য আৰু চাইবাৰৰ ভুল তথ্যৰ বিৰুদ্ধে যুটীয়া যুঁজ আহ্বান

• আছিয়ান দেশসমূহক দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনি গঢ়ি তোলাৰ মিত্ৰজোঁটত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা

• দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান

• সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তাৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান জনোৱা

সামুদ্ৰিক সহযোগিতা আৰু খাদ্য সুৰক্ষা সন্দৰ্ভত দুটা যৌথ বিবৃতি জাৰি কৰা হয়।

ভাৰত আৰু আছিয়ানৰ নেতাসকলৰ উপৰিও টিমৰ-লেষ্টে পৰ্যবেক্ষক হিচাপে এই সন্মিলনত যোগদান কৰে।

অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীয়ে এই মঞ্চৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ইয়াক আৰু শক্তিশালী কৰি তুলিবলৈ ভাৰতৰ সমৰ্থন পুনৰ দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে আছিয়ানকেন্দ্ৰিকতাৰ প্ৰতি ভাৰতৰ সমৰ্থন প্ৰকাশ কৰি মুক্ত আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল সুনিশ্চিত কৰাৰ আহ্বান জনায়।

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু আছিয়ানৰ উমৈহতীয়া দৃষ্টিভংগীক আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে আছিয়ানো কোৱাডৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু।

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বৈশ্বিক সমস্যাসমূহ মোকাবিলা কৰাৰ বাবে সমন্বিত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। তেওঁ খাদ্য আৰু ঔষধকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক সজীৱ যোগান শৃংখল গঢ়ি তোলাৰ বাবে সহযোগিতাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ বিভিন্ন পদক্ষেপ আৰু প্ৰচেষ্টা যেনে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (ISA), চিডিআৰই(CDRE), লাইফ (LIFE) আৰু অ’এছঅ’ডব্লিউঅ’জি(OSOWOG)ৰ ওপৰত আলোকপাত কৰে।

নেতাসকলে বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰে।

Click here to read full text of speech at 20th ASEAN-India Summit

Click here to read full text of speech at 18th East Asia Summit

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi