"ৰাষ্ট্ৰীয় কল্যাণ আৰু জনকল্যাণ আছিল শিৱাজী মহাৰাজৰ শাসনৰ মৌলিক উপাদান "
"শিৱাজী মহাৰাজে সদায় ভাৰতৰ ঐক্য আৰু অখণ্ডতা বজাই ৰখাত সৰ্বাধিক গুৰুত্ব দিছিল"
"এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনত ছত্ৰপতি শিৱাজী মহাৰাজৰ চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়"
"শিৱাজী মহাৰাজে দাসত্বৰ মানসিকতা সমাপ্ত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মানুহক অনুপ্ৰাণিত কৰিছিল"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ছত্ৰপতি শিৱাজী মহাৰাজৰ ‘ৰাজ্যাভিষেক দিৱস’ৰ ৩৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত ভাষণ দিয়ে।
তেওঁ উল্লেখ কৰে যে স্বৰাজ্যৰ প্ৰথম ৰাজধানীৰ ৰায়গড় দুৰ্গৰ প্ৰাংগণত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সমগ্ৰ মহাৰাষ্ট্ৰতে এই দিৱসক উলহ-মালহেৰে উৎসৱ হিচাপে উদযাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত গোটেই বছৰজুৰি এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আৰু লগতে এনে অনুষ্টানৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক অভিনন্দন জনায়
তেওঁ উল্লেখ কৰে যে শ শ বছৰৰ দাসত্বৰ বাবে নাগৰিকসকলৰ আত্মবিশ্বাস সৰ্বনিম্ন পৰ্যায়ত আছিল য'ত আক্ৰমণকাৰীৰ আক্ৰমণ আৰু শোষণৰ লগতে দৰিদ্ৰতাই সমাজখন দুৰ্বল কৰি তুলিছিল

শিৱজী মহাৰাজৰ ৩৫০ তম বাৰ্ষিক ৰাজঅভিষেক অনুষ্ঠান - 'শিৱ ৰাজ্যভিষেক'ৰ শুভ লগনত আপোনালোক সকলোকে পুনৰ এবাৰ আন্তৰিক অভিনন্দন! ছত্রপতি শিৱাজী মহাৰাজৰ দ্বাৰা শোভিত মহাৰাষ্ট্ৰৰ পৱিত্ৰ ভূমি আৰু মহাৰাষ্ট্ৰত থকা মোৰ ভাই-ভনীসকলকো শুভেচ্ছা জনাইছো।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেক অনুষ্ঠানে আমাৰ সকলোৰে বাবে এক নতুন চেতনা আৰু শক্তি কঢ়িয়াই আনিছে। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তিনিশ পঞ্চাশ বছৰ আগতে আৰম্ভণি হোৱা সেই যুগৰ এক উল্লেখযোগ্য আৰু সুকীয়া অধ্যায়ৰ প্ৰতীক চিহ্ন হৈছে ছত্রপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেক।

ইতিহাসৰ সেই অধ্যায়ৰ পৰা উদ্ভৱ হোৱা ‘স্বৰাজ’, সুশাসন, আৰু ‘সমৃদ্ধি’ৰ মহান কাহিনীবোৰে আজিও আমাক অনুপ্ৰাণিত কৰি ৰাখিছে। জাতীয় কল্যাণ আৰু জনকল্যাণৰ নীতি শিৱাজী মহাৰাজৰ শাসনৰ ভেটি হৈয়েই থাকিল। ছাত্ৰপতি শিৱাজী মহাৰাজৰ চৰণত গভীৰ শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। আজি স্বৰাজ্যৰ প্ৰথম ৰাজধানী ৰায়গড় দুৰ্গৰ চোতালত এক ভব্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমগ্ৰ মহাৰাষ্ট্ৰই এই দিনটো এক বৃহৎ উৎসৱ হিচাপে পালন কৰিছে। গোটেই বছৰজুৰি মহাৰাষ্ট্ৰত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। এই প্ৰচেষ্টাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

তিনিশ পঞ্চাশ বছৰ আগতে যেতিয়া ছত্রপতি শিৱাজী মহাৰাজৰ ৰাজঅভিষেক ঘটিছিল, তেতিয়া ই স্বশাসনৰ আকাংক্ষা আৰু জাতীয়তাবাদৰ বিজয় গীতৰ প্ৰতীক আছিল। তেওঁ সদায় ভাৰতৰ ঐক্য আৰু অখণ্ডতাক অগ্ৰাধিকাৰ দিছিল। আজি আমি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীত ছত্ৰপতি শিৱাজী মহাৰাজৰ আদৰ্শৰ প্ৰতিফলন দেখিবলৈ পাওঁ।

বন্ধুসকল,

ইতিহাসৰ বীৰৰ পৰা আৰম্ভ কৰি আজিৰ যুগত নেতৃত্বৰ ওপৰত গৱেষণা কৰা মেনেজমেণ্ট গুৰুলৈকে প্ৰতিটো যুগত যিকোনো নেতাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ’ল নিজৰ দেশবাসীক অনুপ্ৰাণিত আৰু আত্মবিশ্বাসী কৰি ৰখা। ছাত্ৰপতি শিৱাজী মহাৰাজৰ যুগত দেশৰ পৰিস্থিতি কেনেকুৱা আছিল আপুনি কল্পনা কৰিব পাৰে। শতিকাজুৰি চলি থকা দাসত্ব আৰু ধাৰাবাহিক আক্ৰমণে জনসাধাৰণৰ আত্মবিশ্বাস নাইকিয়া কৰি পেলাইছিল। বহিৰাগত আক্ৰমণকাৰীয়ে ধাৰাবাহিকভাৱে কৰি অহা শোষণ আৰু দৰিদ্ৰতাই সমাজখন দুৰ্বল কৰি তুলিছিল।

আমাৰ সাংস্কৃতিক কেন্দ্ৰবোৰক আক্ৰমণ কৰি ৰাইজৰ মনোবল ভংগ কৰাৰ প্ৰয়াস কৰা হৈছিল। এনে সময়তে মানুহৰ মনত আত্মবিশ্বাস জগাই তোলাটো আছিল এক প্ৰত্যাহ্বানমূলক কাম। কিন্তু ছাত্রপতি শিৱাজী মহাৰাজে কেৱল আক্রমণকাৰীৰ সৈতে মুখামুখি হোৱাই নহয়, স্বশাসন সম্ভৱ বুলি জনসাধাৰণৰ অন্তৰআত্মাত প্ৰত্যয় যোগাইছিল৷ তেওঁ দাসত্বৰ মানসিকতা নাইকিয়া কৰি মানুহক জাতি-নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিছিল।

বন্ধুসকল,

সামৰিক ক্ষমতাত পাৰদৰ্শিতা দেখুৱাই যদিও প্ৰশাসনিক ক্ষমতাৰ অভাৱত থকা বহু শাসক আমি ইতিহাসত দেখিবলৈ পাইছো। একেদৰে এনে শাসকো আছে যিসকল উৎকৃষ্ট শাসন ব্যৱস্থাৰ বাবে পৰিচিত আছিল যদিও তেওঁলোকৰ সামৰিক নেতৃত্ব দুৰ্বল আছিল। অৱশ্যে ছত্রপতি শিৱাজী মহাৰাজৰ আছিল এক উল্লেখযোগ্য ব্যক্তিত্ব। তেওঁ কেৱল ‘স্বৰাজ’ (আত্মশাসন) প্ৰতিষ্ঠা কৰাই নহয়, ‘সুশাসন’কো মূৰ্তমান কৰি তুলিছিল। তেওঁ বীৰত্বৰ লগতে শাসন ক্ষমতাৰ বাবেও পৰিচিত আছিল। অতি কম বয়সতে তেওঁ দুৰ্গ জয় কৰি শত্ৰুক পৰাস্ত কৰি সামৰিক নেতা হিচাপে নিজৰ সুনাম প্ৰতিষ্ঠা কৰিছিল। আনহাতে, ৰজা হিচাপেও তেওঁ ৰাজহুৱা প্ৰশাসনত সংস্কাৰ আনিছিল আৰু সুশাসনৰ পথ প্ৰদৰ্শন কৰিছিল।

এফালে তেওঁ নিজৰ ৰাজ্য আৰু সংস্কৃতিক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল, আনহাতে আনফালে তেওঁ জাতি নিৰ্মাণৰ বাবেও এক ব্যাপক দৃষ্টিভংগী দাঙি ধৰিছিল। তেওঁৰ দৃষ্টিভংগীৰ বাবেই তেওঁ ইতিহাসৰ আন নায়কসকলৰ পৰা পৃথক হৈ থিয় দিছে। তেওঁ শাসন ব্যৱস্থাৰ কল্যাণমুখী চৰিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি মানুহৰ মনত আত্মসন্মানেৰে জীয়াই থকাৰ আত্মবিশ্বাস জগাই তুলিছিল। ইয়াৰ লগতে ছত্ৰপতি শিৱাজী মহাৰাজে আত্মশাসন, ধৰ্ম, সংস্কৃতি, ঐতিহ্যক ভেঙুচালি কৰিব বিচৰাসকলকো উচিত শিক্ষা দিছিল। ইয়াৰ ফলত জনসাধাৰণৰ মাজত এক দৃঢ় বিশ্বাসৰ সৃষ্টি হৈছিল, আত্মনিৰ্ভৰশীলতা ভাৱৰ পোষকতা হৈছিল আৰু জাতিটোৰ মৰ্যাদাও উন্নীত হৈছিল। কৃষকৰ কল্যাণ, নাৰী সৱলীকৰণ, সাধাৰণ ব্যক্তিৰ বাবে শাসন ব্যৱস্থা সুলভ কৰি তোলা, বা তেওঁৰ প্ৰশাসনিক ব্যৱস্থাই হওক, আজিও তেওঁৰ কাৰ্য্য, শাসন ব্যৱস্থা, নীতি প্ৰাসংগিক হৈয়েই আছে।

বন্ধুসকল,

ছত্ৰপতি শিৱাজী মহাৰাজৰ ব্যক্তিত্বৰ ইমানবোৰ দিশ আছে যে তেওঁৰ জীৱনে নিঃসন্দেহে আমাক কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱিত কৰে। ভাৰতৰ সামুদ্ৰিক শক্তিক চিনি পোৱা, নৌসেনা সম্প্ৰসাৰণ কৰা, প্ৰশাসনিক দক্ষতা প্ৰদৰ্শন কৰা পদ্ধতিয়ে সকলোকে অনুপ্ৰাণিত কৰি আহিছে। তেওঁ নিৰ্মাণ কৰা সাগৰীয় দুৰ্গবোৰ সাগৰৰ তীব্ৰ ঢৌ আৰু উত্তাল ধুমুহাৰ মাজতো গৌৰৱেৰে থিয় হৈ আছে আৰু আজিও ভব্য ৰূপত থিয় হৈ আছে। তেওঁ সাগৰৰ পাৰৰ পৰা পৰ্বতলৈকে দুৰ্গ নিৰ্মাণ কৰি নিজৰ ৰাজ্য বিস্তাৰ কৰিছিল। সেই সময়ত তেওঁ স্থাপন কৰা জল ব্যৱস্থাপনা ব্যৱস্থাই বিশেষজ্ঞসকলকো বিমোৰত পেলাইছিল। ভাৰতবৰ্ষই ছাত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ যোৱা বছৰ নিজৰ নৌসেনাক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰাটো আমাৰ চৰকাৰৰ সৌভাগ্য৷ আমি ভাৰতীয় নৌসেনাৰ পতাকাৰ পৰা ব্ৰিটিছ শাসনৰ চিনাকি আঁতৰাই তাৰ ঠাইত শিৱাজী মহাৰাজৰ প্ৰতীক লগাইছো। এতিয়া এই পতাকাখনেই সমূদ্ৰই, আকাশে উৰি ফুৰা নতুন ভাৰতৰ ভৱিষ্যৎ আৰু গৌৰৱক প্ৰতিনিধিত্ব কৰে।

বন্ধুসকল,

ছত্ৰপতি শিৱাজী মহাৰাজৰ বীৰত্ব, মতাদৰ্শ, ন্যায়বোধে অসংখ্য প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ সাহসী দৃষ্টিভংগী, সামৰিক দক্ষতা আৰু শান্তিপূৰ্ণ ৰাজনৈতিক ব্যৱস্থা আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈয়েই আছে। আমি গৌৰৱ কৰো যে আজিও বিশ্বৰ বহু দেশত ছাত্ৰপতি শিৱাজী মহাৰাজৰ নীতিৰ ওপৰত আলোচনা আৰু গৱেষণা চলি থাকে। মাত্ৰ এমাহ পূৰ্বে মৰিচাছত স্থাপন কৰা হৈছিল ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি। স্বাধীনতাৰ ‘অমৃত কাল’ৰ সময়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰ সম্পূৰ্ণ হোৱাটো এক প্ৰেৰণাদায়ক অনুষ্ঠান। ইমান বছৰৰ পাছতো তেওঁ প্ৰতিষ্ঠা কৰা মূল্যবোধে আমাক প্ৰগতিৰ পথ দেখুৱাইছে। এই মূল্যবোধৰ ওপৰত ভিত্তি কৰি আমি স্বাধীনতাৰ ‘অমৃত কাল’ৰ ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব। এই যাত্ৰাত ছত্ৰপতি শিৱাজী মহাৰাজৰ দূৰদৃষ্টিৰে ভাৰত গঢ়াৰ সপোন বাস্তৱায়িত কৰা হ'ব। এই যাত্ৰা ‘স্বৰাজ’, ‘সুশাসন’, আৰু ‘আত্মনিৰ্ভৰশীলতা’ ভিত্তিক হ’ব। এই যাত্ৰা এখন উন্নত ভাৰতৰ প্ৰতি হ’ব।

পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰি আপোনালোক সকলোকে ৩৫০ তম বৰ্ষৰ ৰাজ অভিষেক অনুষ্ঠান - 'শিৱ ৰাজ্যভিষেক'ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

জয় হিন্দ, ভাৰত মাতা কি জয়!

টোকা: এইটো প্ৰধানমন্ত্ৰীৰ ভাষণৰ আনুমানিক অনুবাদ। মূল ভাষণটো হিন্দী ভাষাত ভাষণ প্ৰদান কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s mutual fund industry grows over twice as fast as global peers

Media Coverage

India’s mutual fund industry grows over twice as fast as global peers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the values of compassion and contentment
August 24, 2026

The Prime Minister, Shri Narendra Modi, said that compassion brings self-respect and contentment brings true happiness. He noted that this spirit further strengthens the bonds of cooperation and harmony in society.

The Prime Minister shared a Sanskrit Subhashitam-

“कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”

The Subhashitam conveys that self-respect is achieved by showing kindness or compassion to others. Greed is overcome by being satisfied at one's fortune in life. One must conquer laziness, dubious reasoning and indecisiveness by exertion and entrepreneurship.

The Prime Minister wrote on X;

“करुणा से आत्म-सम्मान और संतोष से सच्ची खुशी मिलती है। इसी भाव से समाज में सहयोग और सद्भाव की डोर और सशक्त होती है।

कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”