প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ ঋষি সুনাকৰ সৈতে বৈঠকত মিলিত হয়। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীক প্ৰধানমন্ত্ৰী সুনাকে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মিলিত দায়বদ্ধতাক পুনৰ দোঁহাৰে।

 

দুয়োগৰাকী নেতাই ৰোডমেপ, ২০৩০ ৰূপায়ণৰ বিষয়ে আলোচনা কৰি নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনা, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, জটিল আৰু উচ্চ প্ৰযুক্তি খণ্ড আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বকে ধৰি সকলো ক্ষেত্ৰতে অগ্ৰগতিৰ বাবে আনন্দ প্ৰকাশ কৰে। লগতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনাত যি অগ্ৰগতি লাভ কৰিছে তাক লৈয়ো সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰে।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত হ’বলগায়ী সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ব্ৰিটেইনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future