প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ভেন ডেৰ বেলেনে প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যি সময়ত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰি আছিল, সেই সময়ত তেওঁৰ অষ্ট্ৰিয়া ভ্ৰমণে ইয়াক ঐতিহাসিক আৰু বিশেষ কৰি তুলিছে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁলোকে পৰিৱেশৰ বহনক্ষমতা আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিষয়ে চিন্তা-চৰ্চা ভাগ-বতৰা কৰে।

এই সন্দৰ্ভত দুয়োগৰাকী নেতাই নবীকৰণযোগ্য শক্তি, বিশেষকৈ সৌৰ, জল আৰু জৈৱ ইন্ধনৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ পাৰস্পৰিক লাভজনক সুযোগৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভেন ডেৰ বেলেনক তেওঁৰ সুবিধা অনুসৰি ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ পুনৰবাৰ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s healthcare sector seeing a fundamental digital transformation: Report

Media Coverage

India’s healthcare sector seeing a fundamental digital transformation: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11ফেব্ৰুৱাৰী 2026
February 11, 2026

Empowering India: PM Modi's Policies Fueling Innovation, Jobs, and Sustainability