India’s vibrant democracy and conducive ease of doing business environment make it an attractive investment destination: PM
India is playing the role of the pharmacy to the world. We’ve provided medicines to around 150 countries so far during this pandemic: PM
The Indian story is strong today and will be stronger tomorrow: PM Modi

মোৰ প্ৰিয় বন্ধুসকল, নমস্কাৰ!

সৰ্ব প্ৰথমে, এই ফৰাম প্ৰতিষ্ঠাৰ বাবে মই শ্ৰী প্ৰেম ৱাটছাক অভিনন্দন জনাইছো। ইয়াত কানাডাৰ বহু বিনিয়োগকাৰী আৰু ব্যৱসায়ীক দেখিবলৈ পাই সন্তোষ লভিছো। ভাৰতত অসামান্য বিনিয়োগ আৰু বাণিজ্যিক সুযোগ গ্ৰহণ কৰিবলৈ আপোনালোক আগবাঢ়ি অহাত মই গৌৰৱবোধ কৰিছো।

বন্ধুসকল, ইয়াত উপস্থিত থকা অধিকাংশয়ে হৈছে দৰ্শক। ইয়াত থকা একাংশই বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্তৰ সৈতে দুৰ্ভাৱনাও জড়িত হৈ থাকে। সিদ্ধান্ত অনুসৰি বিনিয়োগৰ পাছত ৰিটাৰ্ণৰ কথা আহি পৰে।

মই আপোনালোকক সুধিব খুজিছোঃ কোনো এখন দেশত বিনিয়োগৰ পূৰ্বে আপোনালোকে কি ভাবে? দেশখনত স্পন্দনশীল গণতন্ত্ৰ বৰ্তি আছেনে? দেশখনৰ ৰাজনৈতিক সুস্থিৰতা আছেনে? দেশখনৰ বিনিয়োগ আৰু ব্যৱসায় অনুকূল নীতি আছেনে? দেশখনৰ শাসন যন্ত্ৰৰ স্বচ্ছতা আছেনে? দেশখনত দক্ষ প্ৰতিভা থূপ খাই আছেনে? দেশখনৰ বৃহৎ বজাৰ আছেনে? এনে ভিন্ন প্ৰশ্ন আপোনালোকৰ মনত উদয় হ’ব পাৰে।

এই সকলোবোৰ প্ৰশ্নৰে উত্তৰ মাথো এটাইঃ আৰু সেয়াই হৈছে ভাৰত।

ইয়াত সকলোৰে বাবে সুযোগ আছে – প্ৰতিষ্ঠানিক বিনিয়োগকৰ্তা, প্ৰস্তুতকৰ্তা, উদ্ভাৱনীমূলক বাতাবৰণৰ সমৰ্থক আৰু আন্তঃগাঁথনিজাত কোম্পানী। ইয়াত বিনিয়োগ, ইউনিট স্থাপ আৰু ব্যৱসায় চালিত কৰাৰ সুযোগ বিদ্যমান। ইয়াত আমাৰ ব্যক্তিগত খণ্ড আৰু চৰকাৰখনেৰে অংশীদাৰিত্বৰ সুযোগ আছে। ইয়াত আছে অৰ্জন একেদৰে শিকাৰ সুযোগ, কেৱল সেয়াই নহয় ইয়াত আছে নেতৃত্ব লোৱাৰ সুযোগ, তদুপৰি আছে বিকাশৰ বাতাবৰণো।

বন্ধুসকল, ক’ভিড-পৰৱৰ্তী বিশ্বখনত, আপোনালোকে ভিন্ন ধৰণৰ সমস্যাৰ কথা প্ৰায়েই শুনিবলৈ পাব –মেনুফেকচাৰিঙৰ সমস্যা, যোগান শৃংখলৰ সমস্যা, পিপিইৰ সমস্যা, ইত্যাদি। সমস্যাসমূহ সাধাৰণ।

যি কি নহওঁক, এই সমস্যাসমূহৰ বাবে ভাৰত ৰৈ নাথাকে। আমি স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছো আৰু সমাধানৰ ভূমি হিচাপে পৰিচয় দাঙি ধৰিছো।

আমি এক সুদীৰ্ঘ সময়ৰ বাবে ৮০০ নিযুত লোকলৈ বিনামূলীয়া খাদ্য শস্য আগবঢ়াইছো, ঠিক সেইদৰে প্ৰায় ৮০ নিযুত পৰিয়াললৈ বিনামূলীয়া ৰন্ধন গেছ আগবঢ়াইছো। লজিষ্টিকৰ বিচ্ছিন্নতা সত্বেও, আমি ৪০০ নিযুতৰো অধিক কৃষক, মহিলা, দৰিদ্ৰ আৰু অভাৱী লোকলৈ মাত্ৰ কেইদিনমানৰ ভিতৰতে বেংক একাউন্টত প্ৰত্যক্ষভাৱে ধন হস্তান্তৰ কৰিবলৈ সক্ষম হৈছো।

এই ব্যৱস্থাসমূহে শাসন কাঠামো আৰু প্ৰণালীৰ শক্তিকে প্ৰদৰ্শন কৰিছে যাক আমি যোৱা কেইটামান বছৰৰ ভিতৰতে গঠন কৰি তুলিছো।

বন্ধুসকল, সমগ্ৰ বিশ্বখনৰ বাবে ভাৰতে ফাৰ্মাচীৰ ভূমিকা পালন কৰি আছে। এই মহামাৰীটোৰ সময়ছোৱাত আমি এতিয়ালৈকে প্ৰায় ১৫০ খন ৰাষ্ট্ৰক ঔষধৰ যোগান ধৰিছো।

এই বৰ্ষৰ মাৰ্চ-জুনৰ সময়ছোৱাত, আমাৰ কৃষি ৰপ্তানি ২৩% বৃদ্ধি পাইছে। সমগ্ৰ দেশখনে কঠোৰ লকডাউনৰ মাজত থকাৰ সময়ছোৱাতে উক্ত সফলতা লাভ কৰা হৈছে।

আজি, আমাৰ মেনুফেকচাৰিং পূৰ্ণ গতিত চালিত হৈ আছে। মহামাৰীটোৰ পূৰ্বে পিপিই কিট প্ৰস্তুতত ভাৰত অভ্যস্ত নাছিল। আজি, ভাৰতে প্ৰতি মাহে কেইবা নিযুত পিপিই কিট প্ৰস্তুত কৰাই নহয়, ই ইয়াৰ ৰপ্তানি কৰিবলৈয়ো সক্ষম হৈছে।

আমি উৎপাদন বৃদ্ধি কৰিবলৈয়ো অংগীকাৰবদ্ধ। ক’ভিড-১৯ৰ ভেকচিন উৎপাদনৰ অৰ্থে আমি সমগ্ৰ বিশ্বখনকে সহায় আগবঢ়াব খুজিছো।

বন্ধুসকল, আজি ভাৰতৰ কাহিনী যেনে শক্তিশালী কাইলৈ ই অধিক শক্তিশালী হৈ উঠিব। এয়া কেনেকৈ সেয়া মই কওঁ শুনক।

আজি, এফডিআই আমোল অতিশয় উদাৰ। আমি সাৰ্বভৌম সম্পত্তি আৰু পেঞ্চন ফাণ্ডৰ বাবে এটা অনুকূল কৰ আমোল প্ৰৱৰ্তন কৰিলো।

আমি বলিষ্ঠ ব’ণ্ড মাৰ্কেটৰ অৰ্থে লক্ষ্যণীয় সংস্কাৰ সাধন কৰিছো। আমি চেম্পিয়ন চেক্টৰৰ বাবে ইনচেনটিভ স্কিমৰ প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছো।

ফাৰ্মা, মেডিকেল ডিভাইচ আৰু ইলেকট্ৰনিক মেনুফেকচাৰিঙৰ দৰে খণ্ডসমূহত আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে। আমি উচ্চ-স্তৰীয় মনোযোগ নিশ্চিত আৰু বিনিয়োগকাৰীসকলৰ বাবে ফলপ্ৰসূতাৰে হাতে-হাত ধৰিব খুজিছো। ইয়াৰ বাবে, সচিবসকলৰ এটা সমৰ্পিত ক্ষমতাপ্ৰাপ্ত দল গঠন কৰা হৈছে।

আমি এয়াৰপ’ৰ্ট, ৰেলৱে, ঘাইপথ, পাৱাৰ ট্ৰেন্সমিশ্যন লাইন ইত্যাদি খণ্ডসমূহত সক্ৰিয়তাৰে নগদীকৰণ সম্পদৰ সৃষ্টি কৰিছো। ৰাজহুৱা আৰু ব্যক্তিগত উভয় সম্পদৰ নগদীকৰণৰ অৰ্থে ৰিয়েল এষ্টেট ইনভেষ্টমেন্ট ট্ৰাষ্ট আৰু ইনফ্ৰাচট্ৰাকচাৰ ইনভেষ্টমেন্ট ট্ৰাষ্ট সম্পূৰ্ণ কাৰ্যক্ষম কৰি তোলা হৈছে।

বন্ধুসকল, আজি, বজাৰৰ দৰে ভাৰত মনোভাৱৰ দ্ৰুত পৰিৱৰ্তনৰ মাজেদি আগবাঢ়িছে। আজি, কোম্পানী আইনৰ অধীনত বহু অপৰাধৰ নিৰ্মূল কৰিবলৈ ভাৰত সক্ষম হৈছে।

যোৱা ৫ টা বছৰত ভাৰতে গ্ল’ৱেল ইন’ভেশ্যন সূচকাংকত নিজৰ স্থান ৮১ ৰপৰা ৪৮ লৈ উন্নীত কৰিবলৈ সক্ষম হৈছে। যোৱা ৫ টা বছৰৰ ভিতৰতে, বিশ্ব বেংকৰ ইজ অৱ ডুয়িং বিজনেছত ভাৰতে নিজৰ স্থান ১৪২ ৰপৰা ৬৩ কৰি তুলিছে। এই অগ্ৰগতিৰ ফলাফল সকলোৱে প্ৰত্যক্ষ কৰিছে। ২০১৯ ৰ জানুৱাৰীৰপৰা ২০২০ ৰ জুলাইলৈকে ডেৰ বছৰৰ ভিতৰত ভাৰতে প্ৰতিষ্ঠানিক বিনিয়োগৰপৰা প্ৰায় ৭০ বিলিয়ন আমেৰিকান ডলাৰ লাভ কৰিছে। এই পৰিমাণ ২০১৩ ৰপৰা ২০১৭ ৰ ভিতৰত চাৰি বছৰত লাভ কৰাৰ প্ৰায় সম পৰিমাণৰ। ভাৰতৰ প্ৰতি গ্ল’ৱেল বিনিয়োগকাৰীসকলে ৰখা বিশ্বাস প্ৰতিফলিত হয় এফডিআইৰ জৰিয়তে। ২০১৯ত ভাৰতলৈ এফডিআই ২০% বৃদ্ধি হোৱাৰ বিপৰীতে গ্ল’ৱেল এফডিআই অন্তঃপ্ৰৱাহ ১% হ্ৰাস হৈ পৰে।

সমগ্ৰ বিশ্বৰপৰা এই বৰ্ষৰ প্ৰথম ৬ মাহত ভাৰতে ইতিমধ্যে ২০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক লাভ কৰিছে। এই সময়ছোৱাত ক’ভিড-১৯ এ বিশ্বত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছিল।

জিআইএফটি চিটিত ইন্টাৰেনেশ্যনেল ফাইনেন্সিয়েল ছাৰ্ভিচ চেন্টাৰ (IFSC) হৈছে আমাৰ অন্যতম মূল পদক্ষেপ। বিশ্বজনীনভাৱে লেন-দেন কৰিবলৈ বিনিয়োগকাৰীসকলে ইয়াক এটা পচ্ছন্দৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে। আমি শেহতীয়াভাৱে ইয়াৰ অৰ্থে সম্পূৰ্ণ কাৰ্যক্ষম ইউনিফাইড ৰেগুলেটৰ স্থাপন কৰিছো।

বন্ধুসকল, ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ ভাৰতে অনন্য প্ৰচেষ্টা হাতত লৈছে।

আমি দৰিদ্ৰ লোক আৰু ক্ষুদ্ৰ ব্যৱসায়সমূহলৈ সাহাৰ্য্য আৰু উদ্দীপনা পেকেজ আগবঢ়াইছো। আমি তদুপৰি গাঁথনিগত সংস্কাৰৰ অৰ্থেও এই সুযোগ ব্যৱহাৰ কৰিছো। এই সংস্কাৰে অধিক উৎপাদনশীলতা আৰু সমৃদ্ধি নিশ্চিত কৰি তুলিছে।

ভাৰতে শিক্ষা, শ্ৰম আৰু কৃষিৰ ক্ষেত্ৰত ত্ৰয়ী সংস্কাৰ সাধন কৰিছে। একেলগে, ই প্ৰায় প্ৰতিজন ভাৰতীয়কে প্ৰভাৱান্বিত কৰিছে।

শ্ৰম আৰু কৃষি ক্ষেত্ৰত পুৰণি আইনৰ সংশোধনী ভাৰতে নিশ্চিত কৰি তুলিছে। ই ব্যক্তিগত খণ্ডৰ বৃহত্তৰ অংশগ্ৰহণ নিশ্চিতকৰণৰ সমান্তৰালভাৱে চৰকাৰখনৰ সুৰক্ষা তন্ত্ৰ শক্তিশালী কৰি তুলিব।

এই সংস্কাৰে উদ্যোগী তথা মেহনতী জনতাৰ বাবে অপাৰ সুযোগ কঢ়িয়াই আনিব। শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ সাধনে আমাৰ যুৱ সমাজৰ প্ৰতিভাৰ বৰ্ধন ঘটাব। এই সংস্কাৰে বিদেশৰ বহু বিশ্ববিদ্যালয় ভাৰতলৈ অহাৰ পথো প্ৰশস্ত কৰি তুলিব।

শ্ৰম আইনৰ সংস্কাৰ সাধনে শ্ৰম সংহিতাৰ সংখ্যা লক্ষ্যণীয়ভাৱে হ্ৰাস কৰি তুলিছে। এয়া কৰ্মচাৰী আৰু নিয়োগকৰ্তা অনুকূল। আৰু ই ইজ অৱ ডুয়িং বিজনেছৰ বৰ্ধন ঘটাব।

কৃষি ক্ষেত্ৰত সাধন কৰা সংস্কাৰে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। ই কৃষকক অধিক পচ্ছন্দৰ সুযোগ প্ৰদানৰ সমান্তৰালভাৱে ৰপ্তানি বৃদ্ধিত অৰিহণা যোগান ধৰিব।

এই সংস্কাৰ সাধনে আমাৰ আত্মনিৰ্ভৰ ভাৰতৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। আত্ম-নিৰ্ভৰশীলতাৰ দিশে কৰ্মৰ জৰিয়তে আমি বিশ্বৰ ভাল আৰু সমৃদ্ধি নিশ্চিত কৰিব লাগিব।

বন্ধুসকল,

যদি আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত অংশীদাৰিত্ব কৰিব খুজে, তেতিয়া সেই স্থান হ’ব ভাৰত।

যদি আপোনালোকে মেনুফেকচাৰিং বা সেৱাত বিনিয়োগ কৰিব খুজে, তেতিয়া সেই স্থান হ’ব ভাৰত।

যদি আপোনালোকে কৃষি ক্ষেত্ৰত সহযোগিতা কৰিব খুজে, তেতিয়া সেই স্থান হ’ব ভাৰত।

বন্ধুসকল,

ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্ক আমাৰ শ্বেয়াৰড গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু বহু সাধাৰণ গুৰুত্বৰদ্বাৰা চালিত। আমাৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগৰ সংযোগ আমাৰ বহু-মুখী সম্পৰ্কৰ বাবে অবিচ্ছেদ্য অংগ।

কানাডা হৈছে ভাৰতত বিনিয়োগ কৰা ২০ সংখ্যক সৰ্ববৃহৎ বিনিয়োগকাৰী। ভাৰতত বৰ্তমান কানাডাৰ ৬০০ কোম্পানী আছে। মই কওঁ যে কানাডিয়ান পেঞ্চন ফাণ্ডে ভাৰতত ৫০ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

আমাৰ সম্পৰ্ক সম্ভৱতঃ সংখ্যাৰ তুলনাত অধিক বেছি শক্তিশালী। কিন্তু, এইটোও মন কৰিব লাগিব, আমি অধিক বেছি ফলাফল লাভ কৰিব পাৰো।

কানাডা হৈছে একাংশ সৰ্ববৃহৎ আৰু অতিশয় অভিজ্ঞতাসম্পন্ন আন্তঃগাঁথনিজাত বিনিয়োগকাৰীৰ গৃহ ৰাষ্ট্ৰ। কানাডিয়ান পেঞ্চন ফাণ্ড হৈছে ভাৰতত প্ৰত্যক্ষভাৱে বিনিয়োগ আৰম্ভ কৰা প্ৰথমটো ফাণ্ড। ইয়াৰ বহুতেই ঘাইপথ, এয়াৰপ’ৰ্ট, ল’জিষ্টিক, টেলিকম আৰু ৰিয়েল এষ্টেটৰ দৰে বিস্তৃত স্তৰত ইতিমধ্যে অধিক সুযোগৰ সন্ধান কৰি থৈছে। তেওঁলোকে বৰ্তমান অৱস্থাৰ সম্প্ৰসাৰণ আৰু নতুন এলেকাত বিনিয়োগৰ পৰিকল্পনা যুগুত কৰি আছে। পৰিপক্ক কানাডিয়ান বিনিয়োগকাৰীসকল বহু বছৰ ধৰি ভাৰতত আছে আৰু এতিয়া আমাৰ সৰ্বশ্ৰেষ্ঠ ব্ৰেণ্ড এম্বেচাদৰ হ’ব পাৰিছে।

আপোনালোক ভাৰতলৈ অহাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা অভিজ্ঞতা, সম্প্ৰসাৰণৰ অৰ্থে তেওঁলোকৰ পৰিকল্পনা আৰু বৈচিত্ৰ্যতা হৈ পৰিব অতিশয় নিৰ্ভৰযোগ্য প্ৰমাণ। ইয়াৰোপৰি, আপোনালোকে ভাৰতক অধিক ভালদৰে জানিব পাৰিব। মুঠৰ ওপৰত, বিশ্বখনত কানাডা হৈছে সৰ্ববৃহৎ প্ৰৱাসী ভাৰতীয়ৰ আৱাসস্থল। সেয়ে ইয়াত আপোনালোকৰ বাবে কোনো প্ৰতিবন্ধকতা নাই। আপোনালোকৰ নিজৰ দেশখনৰ দৰে ইয়াকো আদৰণি জনাব পাৰে।

এই অনুষ্ঠানত সম্বোধনৰ অৰ্থে মোক নিমন্ত্ৰণৰ বাবে ধন্যবাদ জনাইছো। পুনৰ এবাৰ ধন্যবাদ জনালো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”