“This occasion is special due to two reasons namely the 75th Republic Day celebrations and its dedication to Nari Shakti of India.”
“Rashtriya Balika Diwas, a celebration of courage, determination and achievements of India’s daughters”
“Jan Nayak Karpoori Thakur’s entire life was dedicated to social justice and upliftment of the deprived sections”
“Traveling from one state to another creates new experiences for every citizen. This is India’s speciality”
“I prefer calling Gen Z, the Amrit Generation”
“Yahi Samay hai, Sahi Samay hai, Ye Aapka Samay Hai - This is the right time, this is your time”
“Motivation may wane sometimes, but it is the discipline that keeps you on the right path”
“Youth must register as ‘My Bharat’ Volunteers on ‘My Yuva Bharat’ platform”
“Today's young generation can stay connected with me continuously through NaMo App”

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন চি চি কেডেট আৰু এন এছ এছৰ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাণী লক্ষ্মী বাঈৰ জীৱনক প্ৰস্তুত কৰি উলিওৱা সাংস্কৃতিক কাৰ্যসূচীক লৈ গৌৰৱ প্ৰকাশ কৰি কয় যে ই আজি ভাৰতৰ ইতিহাসক সজীৱ কৰি তুলিছে। তেওঁ এই কাৰ্যসূচীৰ সৈতে জড়িত দলটোৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে তেওঁলোক এতিয়া গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো দুটা কাৰণত বিশেষ যেনে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন আৰু ভাৰতৰ নাৰী শক্তিৰ প্ৰতি ইয়াৰ সমৰ্পণ।” সমগ্ৰ ভাৰতৰ মহিলা অংশগ্ৰহণকাৰীসকলৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোক ইয়াত অকলশৰীয়া নহয়, বৰঞ্চ নিজ নিজ ৰাজ্যৰ সাৰমৰ্ম, নিজৰ সংস্কৃতি, পৰম্পৰা আৰু নিজৰ সমাজৰ আগন্তুক চিন্তাধাৰা লৈ আহিছে। আজি আন এক বিশেষ অনুষ্ঠান লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বালিকা দিৱসৰ কথা উল্লেখ কৰে যিটো তেওঁলোকৰ সাহস, দৃঢ়তা আৰু কৃতিত্বৰ উদযাপন। “ভাৰতৰ কন্যাসকলৰ সমাজখনক ভালৰ বাবে সংস্কাৰ কৰাৰ সামৰ্থ্য আছে”, বিভিন্ন ঐতিহাসিক যুগত সমাজৰ ভেটি স্থাপনৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যিটো বিশ্বাস আজিৰ সাংস্কৃতিক প্ৰদৰ্শনত প্ৰত্যক্ষ কৰা হৈছিল।

 

জননায়ক কাৰ্পুৰী ঠাকুৰৰ বাবে চৰকাৰৰ ভাৰতৰত্নৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক চৰকাৰৰ সৌভাগ্য বুলি চিহ্নিত কৰি আজিৰ নৱপ্ৰজন্মই মহান ব্যক্তিত্বৰ বিষয়ে জনাটো প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে চৰম দৰিদ্ৰতা আৰু সামাজিক বৈষম্যৰ মাজতো তেওঁৰ উত্থানৰ কথা স্মৰণ কৰে যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ সদায় নিজৰ নিম্নগামী নম্ৰতা বজাই ৰাখিছিল। “তেওঁৰ সমগ্ৰ জীৱন সামাজিক ন্যায় আৰু বঞ্চিত শ্ৰেণীৰ উত্থানৰ বাবে উৎসৰ্গিত আছিল”, প্ৰধানমন্ত্ৰীয়ে কয়। শ্ৰী মোদীয়ে লগতে কয় যে দৰিদ্ৰ লোকৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু বিক্ষিত ভাৰত সংকল্প যাত্ৰাৰ দৰে চৰকাৰৰ পদক্ষেপে শেষ হিতাধিকাৰীৰ কাষ চাপিবলৈ লোৱা পদক্ষেপে কাৰ্পুৰী ঠাকুৰৰ প্ৰেৰণা প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বহুতে দিল্লী ভ্ৰমণ কৰা বুলি উল্লেখ কৰি গণৰাজ্য দিৱস উদযাপনৰ বাবে তেওঁলোকৰ উত্তেজনা আৰু উৎসাহ ভাগ কৰে। দিল্লীৰ শীতকালীন চৰম পৰিস্থিতিক স্পৰ্শ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু উপস্থিত ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে এনে বতৰৰ অভিজ্ঞতা লাভ কৰিলেহেঁতেন আৰু লগতে ভাৰতৰ বিভিন্ন অঞ্চলৰ বৈচিত্ৰময় বতৰৰ পৰিস্থিতিৰ ওপৰতো আলোকপাত কৰে। এনে কঠোৰ বতৰত আখৰা কৰাৰ দায়বদ্ধতাক তেওঁ প্ৰশংসা কৰে আৰু আজি তেওঁলোকৰ অভিনয়ৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে তেওঁলোকে ঘৰলৈ উভতি আহি গণৰাজ্য দিৱস উদযাপনৰ এটা অংশ লগত লৈ যাব। “এয়া ভাৰতৰ বিশেষত্ব”, প্ৰধানমন্ত্ৰীয়ে কয়, “এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাত্ৰা কৰিলে প্ৰতিজন নাগৰিকৰ বাবে নতুন অভিজ্ঞতাৰ সৃষ্টি হয়।”

“বৰ্তমানৰ প্ৰজন্মক জেন জেড বুলি কোৱা হ’লেও প্ৰধানমন্ত্ৰীয়ে কয়, “মই তোমালোকক অমৃত প্ৰজন্ম বুলি ক’বলৈ পছন্দ কৰো।” তেওঁ আঙুলিয়াই দিয়ে যে বৰ্তমান প্ৰজন্মৰ শক্তিয়েই অমৃত কালত জাতিটোৰ অগ্ৰগতিক গতি প্ৰদান কৰিব। ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বৰ্তমান প্ৰজন্মৰ ভৱিষ্যতৰ বাবে অহা ২৫ বছৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “অমৃত প্ৰজন্মৰ সকলো সপোন পূৰণ, অগণন সুযোগ সৃষ্টি, আৰু তেওঁলোকৰ পথত থকা সকলো বাধা আঁতৰোৱাটো চৰকাৰৰ সংকল্প”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে আজিৰ অভিনয়ত দেখা পোৱা অনুশাসন, কেন্দ্ৰীভূত মানসিকতা আৰু সমন্বয়ও অমৃত কালৰ সপোন বাস্তৱায়িত কৰাৰ ভিত্তি।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ‘নেচন ফাৰ্ষ্ট’ অমৃত প্ৰজন্মৰ পথ প্ৰদৰ্শক নীতি হ’ব লাগে। প্ৰধানমন্ত্ৰীয়ে যুৱ দৰ্শককো কয় যে তেওঁলোকৰ জীৱনত কেতিয়াও হতাশাই ঠাই ল’বলৈ নিদিব। প্ৰতিটো সৰু সৰু অৱদানৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় “য়েহী সময় হেই, চহী সময় হেই, য়ে আপকা সময় হেই - এয়া সঠিক সময়, এয়া তোমালোকৰ সময়।” বৰ্তমানৰ মুহূৰ্তৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক বিকাশ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ সংকল্পক শক্তি প্ৰদান কৰিবলৈ কয়। আৰু জ্ঞানৰ দিগন্ত বিস্তাৰ কৰা যাতে ভাৰতীয় প্ৰতিভাশালীসকলে বিশ্বক নতুন দিশ দিব পাৰে আৰু নতুন সামৰ্থ্য লাভ কৰিব পাৰে যাতে ভাৰতে বিশ্বৰ সমস্যা সমাধান কৰিব পাৰে। তেওঁ যুৱক-যুৱতীসকলৰ বাবে তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ নতুন পথ সৃষ্টিৰ পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে কয় আৰু নতুনকৈ মুকলি কৰা খণ্ডসমূহত নতুন সুযোগ সৃষ্টি কৰাৰ কথা উল্লেখ কৰে। মহাকাশ খণ্ডত নতুন সুযোগ সৃষ্টি কৰা, ইজ অৱ ডুইং বাণিজ্যৰ দিশত আগবঢ়াই দিয়া, প্ৰতিৰক্ষা উদ্যোগত ব্যক্তিগত খণ্ডৰ সৃষ্টি কৰা, ৰাষ্ট্ৰীয় গৱেষণা ন্যাস প্ৰতিষ্ঠা কৰা আৰু একবিংশ শতিকাৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক শৈক্ষিক সুবিধা সৃষ্টিৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কথাও উল্লেখ কৰে যিয়ে মাতৃভাষাত উচ্চ শিক্ষা লাভৰ সুবিধা প্ৰদান কৰে আৰু কোনো বিশেষ ধাৰা বা বিষয়ৰ লগত বান্ধ খাই নাথাকে। যুৱক-যুৱতীসকলক গৱেষণা আৰু উদ্ভাৱনত নিয়োজিত হ’বলৈ উৎসাহিত কৰি প্ৰধানমন্ত্ৰীয়ে সৃষ্টিশীলতা আৰু উদ্ভাৱনক অনুপ্ৰাণিত কৰা অটল টিংকাৰিং লেবৰ কথা উল্লেখ কৰে। তেওঁ আলোকপাত কৰে যে চৰকাৰে সেনাবাহিনীত যোগদান কৰি কেৰিয়াৰ গঢ়িব বিচৰা কন্যা ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। “এতিয়া কন্যা ছাত্ৰ-ছাত্ৰীকো বিভিন্ন সৈনিক বিদ্যালয়ত নামভৰ্তি কৰিব পৰা যাব”, প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। “আপোনালোকৰ প্ৰচেষ্টা, আপোনাৰ দৃষ্টিভংগী, আপোনাৰ সম্ভাৱনাই ভাৰতক নতুন উচ্চতালৈ লৈ যাব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে সকলো স্বেচ্ছাসেৱকে নিজৰ শক্তি সঠিক স্থানত নিৰ্দেশিত কৰিছে। তেওঁ উল্লেখ কৰে যে যিজনৰ অনুশাসনৰ ভাৱ আছে, দেশত বহু ভ্ৰমণ কৰা, আৰু বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা বন্ধু আছে, তেওঁৰ ব্যক্তিত্ব বিকাশ স্বাভাৱিক। “ইয়াক তুচ্ছজ্ঞান কৰা উচিত নহয়”, প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে ই মানুহৰ সমগ্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ফিটনেছক প্ৰথম অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনায়। আৰু ফিটনেছ বজাই ৰখাৰ ক্ষেত্ৰত অনুশাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। “প্ৰেৰণা কেতিয়াবা কমি যাব পাৰে, কিন্তু অনুশাসনেই আপোনাক সঠিক পথত ৰাখে”, অনুশাসন প্ৰেৰণা হৈ পৰিলে প্ৰতিটো ক্ষেত্ৰতে জয় নিশ্চিত বুলি মন্তব্য কৰে শ্ৰী মোদীয়ে।

 

এন চি চিৰ সৈতে থকা সম্পৰ্কৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছ বা সাংস্কৃতিক শিবিৰৰ দৰে প্ৰতিষ্ঠানে যুৱক-যুৱতীসকলক সমাজ আৰু নাগৰিক কৰ্তব্যৰ প্ৰতি সচেতন কৰি তোলে। তেওঁ আন এটা সংস্থা - ‘মোৰ যুৱ ভাৰত’ গঠনৰ বিষয়ে অৱগত কৰি যুৱক-যুৱতীসকলক ‘মোৰ ভাৰত’ স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।

এই গণৰাজ্য দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে একাধিক কাৰ্যসূচীৰ সাক্ষী হোৱাৰ, বিভিন্ন ঐতিহাসিক স্থান পৰিদৰ্শন কৰাৰ আৰু বিশেষজ্ঞসকলক লগ পোৱাৰ একাধিক সুযোগৰ ওপৰত আলোকপাত কৰে। “এইটো এনে এক অভিজ্ঞতা হ’ব যিটো আপুনি গোটেই জীৱন মনত ৰাখিব। প্ৰতি বছৰে যেতিয়াই গণৰাজ্য দিৱসৰ পেৰেড চাব তেতিয়াই এই দিনবোৰ মনত পৰিব আৰু মই এই কথা কোৱাটোও মনত ৰাখিব”, শ্ৰী মোদীয়ে কয়। লগতে গণৰাজ্য দিৱস উদযাপনৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আৰু শিকিবলগীয়া তথ্য লিপিবদ্ধ কৰিবলৈ আহ্বান জনায়, যিবোৰ প্ৰধানমন্ত্ৰীৰ সৈতেও লিখিত বা ভিডিঅ’ ৰেকৰ্ডিং NaMo App ত শ্বেয়াৰ কৰিব পাৰিব। “নমো এপৰ জৰিয়তে আজিৰ যুৱ প্ৰজন্মই মোৰ সৈতে অবিৰতভাৱে সংযুক্ত হৈ থাকিব পাৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ শক্তিৰ ওপৰত বিশ্বাস আৰু আস্থা প্ৰকাশ কৰে। তেওঁ তেওঁলোকক কঠোৰ পঢ়া-শুনা, বিবেকবান নাগৰিক হ’বলৈ, পৰিৱেশ ৰক্ষা কৰিবলৈ, বেয়া অভ্যাস পৰিহাৰ কৰিবলৈ আৰু জাতিৰ ঐতিহ্য আৰু সংস্কৃতিক লৈ গৌৰৱ কৰিবলৈ আহ্বান জনায়। “আপোনাৰ ওচৰত মোৰ আশীৰ্বাদ, মোৰ শুভেচ্ছা”, শ্ৰী মোদীয়ে সামৰণি মাৰে।

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা আদিৰ লগতে অন্যান্য সকলো উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today’s projects will play a pivotal role in fulfilling our resolve for a 'Viksit Keralam': PM Modi in Ernakulam
March 11, 2026
These projects will promote industrial growth, boost tourism and enhance ease of living for the people of Keralam: PM
The expansion of the petroleum sector is essential for Make in India and a self-reliant India, the essence behind laying the foundation stone of the Poly-Propylene unit at Kochi Refinery today: PM
Today, the world praises India for its investments in modern infrastructure; This year's Union Budget has also allocated a record amount of funds for infrastructure: PM
Keralam is reaping tremendous benefits from this investment in infrastructure: PM
These projects will play a pivotal role in fulfilling our resolve for a 'Viksit Keralam': PM

केरलम के राज्यपाल राजेंद्र आर्लेकर जी, केंद्रीय मंत्रिमंडल के मेरे सहयोगी सुरेश गोपी जी, जॉर्ज कूरियन जी, सांसद और विधायकगण, पूर्व केंद्रीय मंत्री राजीव चंद्रशेखर जी, देवियों और सज्जनों!

कोच्चि आना हमेशा ही बहुत शानदार अनुभव होता है। आज इस वाइब्रेंट कोस्टल सिटी से मुझे केरलम के विकास को और गति देने का अवसर मिला है। थोड़ी देर पहले केरलम के विकास से जुड़े around eleven thousand crore rupees के प्रोजेक्ट्स का शिलान्यास और लोकार्पण हुआ है। मैं केरलम की जनता को इन प्रोजेक्ट्स के लिए बहुत-बहुत बधाई देता हूं।

एंडे सुहुर्तगड़े,

आत्मनिर्भर भारत बनाने के लिए, मेक इन इंडिया के लिए पेट्रोलियम सेक्टर का विस्तार बहुत आवश्यक है। आज कोच्चि रिफाइनरी में पॉली-प्रोपाइलीन यूनिट के शिलान्यास के पीछे भी यही लक्ष्य है। इस यूनिट से हर साल around four lakh टन पॉली-प्रोपाइलीन का प्रोडक्शन होगा। आने वाले समय में ये प्लांट Packaging, Textile, Automobile, Medical Devices, ऐसी अनेक इंडस्ट्रीज को सपोर्ट करेगा।

एंडे सुहुर्तगड़े,

भारत आज मैन्युफैक्चरिंग का बहुत बड़ा हब बनता जा रहा है। AI और सेमीकंडक्टर सेक्टर में भी देश तेज़ी से प्रगति कर रहा है। ऐसे हर काम के लिए, ज्यादा एनर्जी चाहिए, ज्यादा से ज्यादा ग्रीन और क्लीन एनर्जी की आवश्यकता है। और भारत सोलर पावर के मामले में दुनिया के टॉप के देशों में से एक बन चुका है। हमारा प्रयास है कि केरलम भी सोलर पावर जेनरेशन में और आगे बढ़े। इसी मकसद से आज वेस्ट कल्लाडा, उसमें 50 मेगावाट के Floating Solar Project का foundation stone रखा गया है। केरलम में तो बहुत बड़ी संख्या में वॉटर बॉडीज़ हैं। इसलिए, यहां फ्लोटिंग सोलर पावर क्षेत्र में बहुत पोटेंशियल भी है।

एंडे सुहुर्तगड़े,

आज दुनिया आधुनिक इंफ्रास्ट्रक्चर पर हो रहे निवेश के लिए भारत की भूरी-भूरी प्रशंसा करती है। इस वर्ष जो केंद्र सरकार का बजट आया है, उसमें भी इंफ्रास्ट्रक्चर के लिए रिकॉर्ड फंड रखा गया है। इंफ्रास्ट्रक्चर पर हो रहे इस निवेश का बहुत अधिक फायदा केरलम को मिल रहा है। अमृत भारत स्टेशन स्कीम के तहत शोरनूर जंक्शन, कुट्टि-पुरम और चंगनासेरी रेलवे स्टेशनों को आधुनिक बनाया गया है। इसके साथ ही शोरनूर–नीलांबुर रेल लाइन के एक बड़े सेक्शन का Electrification भी पूरा किया गया है। आज पालक्कड़–पोल्लाच्ची ट्रेन सेवा की शुरुआत भी हुई है। इससे केरलम और तमिलनाडु, दोनों राज्यों के लोगों को और अधिक सुविधा होगी।

एंडे सुहुर्तगड़े,

आज केरलम के कई महत्वपूर्ण रोड प्रोजेक्ट्स की भी शुरुआत हुई है। सिक्स लेन की सड़क बनने से अलीक्क्ल पोर्ट की कनेक्टिविटी बेहतर होगी। सिक्स लेन के कोज़िकोड बायपास से जाम की समस्या कम होगी और इससे ट्रैवल टाइम भी बहुत बच सकेगा। इन सारे प्रोजेक्ट्स से केरलम के किसानों को लाभ होगा, यहां टूरिज्म और दूसरी इंडस्ट्री को बल मिलेगा।

एंडे सुहुर्तगड़े,

इंफ्रास्ट्रक्चर पर लगने वाला हर रुपया, नए रोजगार का सृजन करता है। ये जितने भी प्रोजेक्ट्स हैं, इनसे केरलम के हज़ारों नौजवानों को नए रोजगार मिलने वाले हैं। मुझे पूरा भरोसा है कि ये सभी प्रोजेक्ट विकसित केरलम के हमारे संकल्प को सिद्ध करने में अहम भूमिका निभाएंगे।

एक बार फिर आप सभी को बहुत-बहुत शुभकामनाएं।

धन्यवाद !