ৰাষ্ট্ৰপতি বাইডেনে তেওঁৰ গৃহচহৰ উইলমিংটনত আয়োজন কৰা ‘কোৱাড সন্মিলন’ত অংশগ্ৰহণ কৰিবলৈ আৰু নিউয়ৰ্কত ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ’ৰ ‘ভৱিষ্য সন্মিলন’ত ভাষণ দিবলৈ বুলি মই আজি তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচী আৰম্ভ কৰিছোঁ।

মই মোৰ সতীৰ্থ ৰাষ্ট্ৰপতি বাইডেন, প্ৰধানমন্ত্ৰী এলবানিজ আৰু প্ৰধানমন্ত্ৰী কিছিদাৰ সৈতে ‘কোৱাড সন্মিলন’ত মিলিত হ’বলৈ আশাৰে বাট চাইছোঁ। ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে কাম কৰাৰ বাবে সমমনস্কৰ দেশসমূহৰ এক গুৰুত্বপূৰ্ণ গোট হিচাপে মঞ্চখনে আত্মপ্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে মোৰ বৈঠকে আমাৰ জনসাধাৰণ আৰু বিশ্বৰ কল্যাণৰ বাবে ‘ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব’ অধিক প্ৰগাঢ় কৰাৰ বাবে নতুন পথসমূহ পুনৰীক্ষণ আৰু চিনাক্ত কৰিবলৈ অনুমতি প্ৰদান কৰিব।

বিশ্বৰ সৰ্ববৃহৎ আৰু পুৰণি গণতন্ত্ৰকেইখনৰ মাজৰ অনন্য অংশীদাৰিত্বত উচ্চলতা প্ৰদান কৰাত মুখ্য ভূমিকা পালন কৰা প্ৰবাসী ভাৰতীয় আৰু গুৰুত্বপূৰ্ণ আমেৰিকান ব্যৱসায়িক নেতাসকলৰ সৈতে মিলিত হ'বলৈ মই পৰম আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।

‘ভৱিষ্য সন্মিলন’ হৈছে বিশ্ব সম্প্ৰদায়ৰ বাবে মানৱতাৰ উত্তৰণৰ আগন্তুক পথ নিৰ্ধাৰণ কৰাৰ এক সুযোগ। এই সন্মিলনত মই মানৱতাৰ এক ষষ্ঠাংশৰ মতামত প্ৰকাশ কৰিম, কিয়নো শান্তিপূৰ্ণ আৰু সুৰক্ষিত ভৱিষ্যতত তেওঁলোকৰ অংশীদাৰিত্ব হ’ব বিশ্বৰ ভিতৰতে সৰ্বাধিক।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 8 PM Announcements To Midnight Reels: Prime Minister Modi Leads Algorithmic Pivot To Connect With Gen Z

Media Coverage

From 8 PM Announcements To Midnight Reels: Prime Minister Modi Leads Algorithmic Pivot To Connect With Gen Z
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch