প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ মহামহিম শ্ৰী কেভিন মেককাৰ্থি; চিনেটৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা মহামহিম শ্ৰীযুত চাৰ্লচ শ্বুমাৰ; চিনেট ৰিপাব্লিকান নেতা মহামহিম মিত্চ মেককনেল; আৰু হাউচ ডেমক্ৰেটিক নেতা মহামহিম শ্ৰীযুত হাকিম জেফ্ৰিজৰ আমন্ত্ৰণ ক্ৰমে মাৰ্কিন ‘কংগ্ৰেছৰ যুটীয়া বৈঠক’ত ভাষণ প্ৰদান কৰে।

এই বৈঠকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি মহামান্যা শ্ৰীমতী কমলা হেৰিছো উপস্থিত আছিল।

কেপিটল হিলত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক কংগ্ৰেছনেল নেতাসকলে আনুষ্ঠানিক আদৰণি জনায়। তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে সদনৰ অধ্যক্ষ কেভিন মেককাৰ্থি আৰু কংগ্ৰেছনেল নেতাসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছিল।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে আগবঢ়োৱা দীৰ্ঘদিনীয়া আৰু শক্তিশালী দ্বিপক্ষীয় সমৰ্থনৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্কত দ্ৰুত গতিত আগবাঢ়ি অহা পদক্ষেপৰ বিষয়ে কয় আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰে। তেওঁ লগতে ভাৰতে সম্ভৱ কৰা বিশাল প্ৰগতি আৰু বিশ্বৰ বাবে উপস্থাপন কৰা সুযোগসমূহৰ কথাও উল্লেখ কৰে।

অধ্যক্ষ মেককাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ সন্মানত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া বৈঠকত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বিতীয় ভাষণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছক সম্বোধন কৰিছিল। 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুন 2026
June 28, 2026

From Digital India to Defence, PM Modi’s Vision for a Viksit Bharat Powering India’s Progress