Atal Tunnel would transform the lives of the people in Himachal, Leh, Ladakh and J&K: PM Modi
Those who are against recent agriculture reforms always worked for their own political interests: PM Modi
Government is committed to increasing the income of farmers, says PM Modi

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীযুত ৰাজনাথ সিং জী, হিমাচল প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভাই জয়ৰাম ঠাকুৰ জী, হিমাচলৰ পৰাই সাংসদ আৰু কেন্দ্ৰত মন্ত্ৰী মোৰ সহযোগী, হিমাচলৰ ল'ৰা শ্ৰী অনুৰাগ ঠাকুৰ জী, স্থানীয় বিধায়ক, সাংসদসকল আৰু হিমাচল চৰকাৰৰ মন্ত্ৰী ভাই গোবিন্দ ঠাকুৰ জী, অন্য মন্ত্ৰীসকল, অন্য সাংসদসকল, বিধায়কসকল, ভাই-ভনীসকল।

तुसा सेभी रेअपने प्यारे अटल बिहारी बाजपेयी जी री सोचा रै बदौलत,

 

कुल्लुलाहुललेहलद्दाखा रे लोका री तैंयी  सुरंगा रा तौहफातुसा सेभी वे मेलू

 

तुसा सेभी वै बहुतबहुत बधायी होर मुबारक

 

মা হিড়িম্বাৰ, ঋষি-মুনিৰ তপস্থলী য'ত ১৮ কৰড়ু অৰ্থাৎ গাঁৱে গাঁৱে দেৱতাৰ জীৱন্ত আৰু ব্যতিক্ৰমী পৰম্পৰা আছে, এনে দিব্য ধৰাক মই প্ৰণাম কৰিছো, নমন কৰিছো। আৰু কাঞ্চননাগৰ এই ভূমি, এতিয়া জয়ৰাম জী আমাৰ মুখ্যমন্ত্ৰী জীয়ে বৰ্ণনা কৰি আছিল পেৰাগ্লাইডিঙৰ মোৰ এই চখৰ। ভালতো লাগিছিল উৰিবলৈ কিন্তু যেতিয়া সম্পূৰ্ণ কিট উঠাই ওপৰলৈকে যাবলগীয়া হৈছিল তেতিয়া উশাহ স্তব্ধ হৈ গৈছিল। আকৌ এবাৰ সম্ভৱতঃ পৃথিৱীত আন কোনোবাই কৰিছে নে নাই মই নাজানো। অটল জী মনালীলৈ আহিছিল, মই ইয়াত সংগঠনৰ ব্যৱস্থা কৰা ব্যক্তি আছিলো সেয়ে অলপ আগতে আহিছিলো। তেতিয়া আমি এটা কাৰ্যক্ৰম প্ৰস্তুত কৰিছিলো। ১১জন পেৰাগ্লাইডাৰ, পাইলটে একেলগে মনালীৰ আকাশত, আৰু যেতিয়া অটল জী আহি পায় তেতিয়া সকলোৱে পুষ্পবৃষ্টি কৰিছিল। হয়তো পৃথিৱীত পেৰাগ্লাইডিঙৰ এনেকুৱা প্ৰয়োগ আগতে কেতিয়াও হোৱা নাই। কিন্তু যেতিয়া সন্ধিয়া মই অটল জীক লগ কৰিবলৈ গ'লো তেতিয়া কৈছিল, ভাই বহুত সাহস কৰিছা, এনেকুৱা কিয় কৰা। কিন্তু সেই দিনটো মোৰ মনালীৰ জীৱনতো এটা ডাঙৰ সঠিক সুযোগ হৈ পৰিছিল যে পেৰাগ্লাইডিঙৰ জৰিয়তে পুষ্পবৃষ্টি কৰি বাজপেয়ী জীক আদৰণি জনোৱাৰ কল্পনা খুবেই আনন্দদায়ক আছিল।

 

হিমাচলৰ মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোক সকলোকে অটল টানেল লোকাৰ্পণৰ বাবেও আজি বহুত বহুত অভিনন্দন। আৰু যিদৰে মই প্ৰথমতে কৈছো এই ঠাইত যদিও আজি সভা হৈ আছে আৰু মইতো দেখি আছো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ পাৰ্ফেক্ট প্লেনিং হৈছে। দূৰ দূৰলৈকে সকলোৱে সমানে ছ'চিয়েল ডিষ্টেঞ্চিং কৰি আৰু নিজৰ হাতো উঠাই ময়ো আজি সেই সকলকো অভিবাদন কৰাৰ সুযোগ পাইছো। এই ঠাই মোৰ পৰিচিত ঠাই। এনেয়ে মই একে ঠাইতে বেছি সময় ৰৈ থকা মানুহ নাছিলো, বহুত বেগত দৌৰিছিলো। কিন্তু যেতিয়া অটল জী আহিছিল তেতিয়া যিমান দিন আছিল, ময়ো ৰৈ গৈছিলো, সেয়ে মোৰো ইয়াত যথেষ্ট ওচৰ সম্পৰ্কৰ অনুভৱ আপোনালোক সকলোৰে সৈতে হৈছিল। সেই সময়ত তেওঁৰ সৈতে মনালীত, হিমাচলৰ বিকাশক লৈ বহুবাৰ আলোচনা হৈছিল।

 

অটল জীয়ে ইয়াৰ আন্তঃগাঁথনি, ইয়াৰ সংযোগ আৰু ইয়াৰ পৰ্যটন উদ্যোগৰ যথেষ্ট চিন্তাও কৰিছিল। তেওঁ প্ৰায়েই নিজৰ এটা প্ৰসিদ্ধ কবিতা শুনাইছিল। মনালীবাসীয়ে নিশ্চয় বাৰে বাৰে শুনিছে আৰু ভাবক, যাৰ এই ঠাইক নিজৰ ঘৰৰ দৰে লাগে, যাৰ পৰিনী গাঁৱত সময় কটোৱা অত্যন্ত ভাল লাগিছিল, যি ইয়াৰ মানুহৰ সৈতে ইমান প্ৰেম কৰিছিল, সেই অটল জীয়ে কৈছিল, নিজৰ কবিতাত তেওঁ কৈছিল-मनाली मत

 

जइयो,

राजा के राज में।

जइयो तो जइयो,

उड़िके मत जइयो,

अधर में लटकीहौ,

वायुदूत के जहाज़ में।

जइयो तो जइयो,

सन्देसा  पइयो,

टेलिफोन बिगड़े हैं,

मिर्धा महाराज में।

 

বন্ধুসকল,

মনালীক বহুত ভালপোৱা অটল জীৰ এয়া অটল ইচ্ছা আছিল, যে ইয়াত স্থিতি সলনি হওক, ইয়াৰ কানেক্টিভিটি উন্নত হওক। এই ধাৰণাৰে তেওঁ ৰোহটাঙত টানেল বনোৱাৰ সিদ্ধান্ত লৈছিল।

 

মই আনন্দিত যে আজি অটল জীৰ এই সংকল্প সিদ্ধ হ'ল। এই অটল টানেলে নিজৰ ওপৰত  ইমান ডাঙৰ পাহাৰৰ (অৰ্থাৎ প্ৰায় দুই কিলোমিটাৰ ওখ পাহাৰ সেই টানেলৰ ওপৰত আছে) বোজা বহন কৰিছে। যি বোজা কেতিয়াও লাহোল-স্পীতি আৰু মনালীৰ মানুহে নিজৰ কান্ধত বহন কৰিছিল, ইমান ডাঙৰ বোজা আজি সেই টানেলে বহন কৰিছে আৰু সেই টানেলে ইয়াৰ নাগৰিকক এক প্ৰকাৰ বোজামুক্ত কৰিলে। সাধাৰণ মানুহৰ এটা ডাঙৰ বোজা কম হোৱা, তেওঁলোকৰ লাহোল-স্পীতি অহাযোৱা বহুত সহজ হোৱাটো নিজেই সন্তোষৰ, গৌৰৱৰ, আনন্দৰ কথা।

 

এতিয়া সেই দিনো দূৰৈত নহয় যেতিয়া টুৰিষ্টে কুল্লু-মনালীৰ পৰা 'সিড্ডু ঘি'ৰ নাস্তা কৰি ওলাব আৰু লাহোলত গৈ 'দু-মাৰ' আৰু 'চিলড়ে'ৰ লাঞ্চ কৰিব পাৰিব। ই আগতে সম্ভৱ নাছিল।

 

ঠিক আছে, কৰোণা আছে, কিন্তু এতিয়া লাহে লাহে দেশ আনলকোতো হৈ আছে। মই বিশ্বাস কৰো, এতিয়া দেশৰ অন্য ছেক্টৰবোৰৰ দৰে টুৰিজিমেও লাহে লাহে গতি ল'ব আৰু বৰ গৌৰৱেৰে কুল্লুৰ দশেৰাৰ প্ৰস্তুতি চলি থাকিব।

 

বন্ধুসকল,

অটল টানেলৰ লগতে হিমাচলৰ মানুহৰ বাবে এটা আৰু ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। হামিৰপুৰত ৬৬ মেগাৱটৰ ধৌলাসিদ্ধ হাইড্ৰ প্ৰজেক্টক স্বীকৃতি দিয়া হৈছে। এই প্ৰজেক্টৰ পৰা দেশে বিদ্যুৎতো লাভ কৰিবই, হিমাচলৰ বহু যুৱকে সংস্থাপনো পাব।

 

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণৰ যি অভিযান সমগ্ৰ দেশতে চলি আছে, তাত বহুত ডাঙৰ বৰঙণি হিমাচল প্ৰদেশৰো আছে। হিমাচলত গ্ৰামীণ পথ হওক, ঘাইপথ হওক, পাৱাৰ প্ৰজেক্ট হওক, ৰে'ল কানেক্টিভিটি হওক, ইয়াৰ বাবে অনেক পৰিকল্পনাত দ্ৰুততাৰে কাম হৈ আছে।

 

লাগে কীৰতপুৰ-কুল্লু-মনালী ৰোড কৰিডৰ হওক, জীৰকপুৰ-পৰৱানু-সোলন-কেথলীঘাট কৰিডৰ হওক, নাংগলডেম-তলৱাৰা ৰে'ল ৰুট হওক, ভানুপল্লী-বিলাসপুৰ বেৰী ৰে'ল ৰুট হওক, সকলোতে দ্ৰুত গতিত কাম চলি আছে। এয়াই প্ৰয়াস যে এই প্ৰকল্পবিলাক যিমান পাৰি সোনকালে সম্পূৰ্ণ হৈ হিমাচলৰ মানুহৰ সেৱা কৰিবলৈ আৰম্ভ কৰক।

বন্ধুসকল,

হিমাচল প্ৰদেশৰ মানুহৰ জীৱন সহজ কৰি তুলিবলৈ পথ, বিজুলিৰ দৰে প্ৰধান প্ৰয়োজনবিলাকৰ লগতে মোবাইল আৰু ইণ্টাৰনেটৰ সংযোগো বহুত আৱশ্যকীয়। আৰু যিবিলাক টুৰিষ্ট ডেষ্টিনেচন আছে তাত আজিকালি এইটো বহুত ডাঙৰ প্ৰয়োজনীয়তা হৈ পৰিছে। বাহিৰৰ প্ৰদেশ হোৱা বাবে হিমাচলৰ অনেক স্থানত নেটৱৰ্কৰ সমস্যা হৈ থাকে। ইয়াৰ স্থায়ী সমাধান কৰিবলৈ সম্প্ৰতি দেশৰ ৬ লাখ গাঁৱত অপ্টিকেল ফাইবাৰ বহুওৱাৰ কাম আৰম্ভ কৰা হৈছে। অহা ১০০০ দিনত এই কাম মিছন ম'ডত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ জৰিয়তে গাঁৱে গাঁৱে ৱাই-ফাই হটস্পটো লাগিব আৰু ঘৰবিলাকে ইণ্টাৰনেটৰ সংযোগো লাভ কৰিব। ইয়াৰ ফলত হিমাচল প্ৰদেশৰ শিশুসকলৰ পঢ়া-শুনা, ৰোগৰ ঔষধ আৰু টুৰিজিমৰ পৰা উপাৰ্জন, সকলো প্ৰকাৰৰ লাভ হ'ব।

 

বন্ধুসকল,

এনেকুৱা অনেক সংস্কাৰৰ জৰিয়তে সময়ো ৰাহি হৈ আছে, পইচাও বাচি আছে আৰু কৰাপচনৰ বাবে স্ক'প সমাপ্ত হৈছে। কৰোণা কালতে হিমাচল প্ৰদেশৰ পাঁচ লাখতকৈও অধিক পেঞ্চনাৰ আৰু প্ৰায় ৬ লাখ বাই-ভনীৰ জনধন খাতাত কেইবাকোটি টকা এটা ক্লিকত জমা কৰা হ'ল। ডেৰ লাখতকৈও অধিক গৰীব বাই-ভনীয়ে উজ্জ্বলাৰ বিনামূলীয়া চিলিণ্ডাৰ পাইছে।

 

বন্ধুসকল,

দেশত আজি যি ৰিফৰ্মছ কৰা হৈছে, সেইবিলাকে এনেকুৱা লোকক হাৰাশাস্তি কৰিছে যি সদায় কেৱল নিজৰ ৰাজনৈতিক লাভৰ বাবে কাম কৰিছে। দশক সলনি হ'ল কিন্তু তেওঁলোকৰ চিন্তা সলনি হোৱা নাই। এতিয়া সময় সলনি হ'ল চিন্তাও সলাব লাগিব আৰু নতুন দশকৰ হিচাপেৰে দেশকো সলনি কৰি নিৰ্মাণ কৰিব লাগিব। আজি যেতিয়া এনে লোকৰ দ্বাৰা নিৰ্মিত বপথগামী আৰু দালালৰ তন্ত্ৰত প্ৰহাৰ হৈ আছে, তেতিয়া তেওঁলোক হথচকিত হৈ পৰিছে। বিপথগামীক বাঃ বাঃ দিয়াসকলে দেশৰ কৃষকৰ স্থিতি কি কৰি দিছিল সেই কথা হিমাচলৰ মানুহেও ভালদৰে জানে। এই কথা আপোনালোকেও জানে যে হিমাচল দেশৰ সৰ্বাধিক ফল উৎপাদক ৰাজ্যৰ অন্যতম। ইয়াৰ বিলাহী, মাছৰুমৰ দৰে পাচলিয়ে অনেক চহৰৰ প্ৰয়োজনীয়তা পূৰণ কৰে। কিন্তু স্থিতি কি চলি আছে? কুল্লুৰ, চিমলাৰ বা কিন্নৌৰৰ যি আপেল কৃষকৰ বাগিছাৰ পৰা ৪০-৫০ টকা কিলো হিচাপে ওলাই যায়, সেইবিলাক দিল্লীত থকা লোকৰ ঘৰত প্ৰায় ১০০ৰ পৰা ১৫০ টকা পৰ্যন্ত পায়গৈ। মাজৰ প্ৰায় ১০০ টকাৰ যি হিচাপ, না কেতিয়াবা খেতিয়কে পায় বা না কেতিয়াবা সেয়া ক্ৰেতাই পায়, তেনেহ'লে সেয়া গ'ল কলৈ? খেতিয়কৰো লোকচান আৰু চহৰত ক্ৰয় কৰোতাৰো লোকচান। ইমানেই নহয়, ইয়াৰ বাগিছাৰ বন্ধুসকলে জানে যে আপেলৰ ছিজন যেতিয়াই উচ্চ স্তৰত থাকে, তেতিয়াই দাম হুৰাহুৰে কমি যায়। ইয়াত সকলোতকৈ অধিক মাৰ এনেকুৱা কৃষকৰ ওপৰত পৰে, যাৰ ওচৰত সৰু বাগিছা আছে।

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰ কৃষকৰ উপাৰ্জন বঢ়োৱা, খেতিৰে সংলগ্ন তেওঁলোকৰ সৰু সৰু প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে সংকল্পবদ্ধ। পি এম কিষান সন্মান নিধিৰ জৰিয়তে দেশৰ প্ৰায় চাৰে ১০ কোটি কৃষক, সেই পৰিয়ালসমূহৰ খাতাত এতিয়ালৈকে প্ৰায় এক লাখ কোটি টকা জমা দিয়া হৈছে। ইয়াত হিমাচলৰ চাৰে ন লাখ কৃষক পৰিয়ালৰ বেংক খাতাতো প্ৰায় ১০০০ কোটি টকা জমা কৰা হৈছে। কল্পনা কৰক যদি পূৰ্বৰ চৰকাৰৰ সময়ত ১০০০ কোটি টকাৰ কিবা পেকেজ হিমাচলৰ বাবে ঘোষিত হ'ল হেতেন তেন্তে সেই পইচা ঠিকনা নাই ক'ত ক'ত, কাৰ কাৰ জেপত সোমালগৈ হেতেন?

 

বন্ধুসকল,

আজি আকৌ এবাৰ অটল টানেলৰ বাবে, আৰু আপোনালোকে কল্পনা কৰিব পাৰে ইয়াৰ পৰা কিমান ডাঙৰ পৰিৱৰ্তন আহিব। কিমান সম্ভাৱনাৰ দুৱাৰ খুলি গ'ল। ইয়াৰ আমি যিমান সুযোগ গ্ৰহণ কৰিব পাৰো।

 

মই আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছো। বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

কৰোণাৰ কাল, হিমাচলে স্থিতি বহুত ভালদৰে চম্ভালিছে। কিন্তু তথাপিও এই সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখক।

 

দেৱধৰাক প্ৰণাম কৰি, কাঞ্চননাগ জীৰ এই ধৰাক প্ৰণাম জনাই আপোনালোক সকলোকে আকৌ এবাৰ লগ পোৱাৰ, দৰ্শন কৰাৰ সুযোগ পালো। ভাল হ'ল হেতেন যদি কৰোণাৰ কাল নোহোৱা হ'লে বৰ স্নেহেৰে আপোনালোকৰ সৈতে লগ হ'লো হেতেন যথেষ্ট চেহেৰা পৰিচিত মোৰ সন্মুখত আছে। কিন্তু এই স্থিতি যে লগ হ'ব পৰা নাই, কিন্তু আপোনালোকৰ দৰ্শনৰ মই সুযোগ পাই গ'লো, এয়াও মোৰ বাবে আনন্দৰ কথা। মই ইয়াৰ পৰা সোনকালে ওলাব লাগিব, সেয়ে আপোনালোক সকলোৰে পৰা অনুমতি লৈ আপোনালোকক অভিনন্দন জনাই

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A year after PM Modi inaugurated Bairabi-Sairang railway line, Mizoram celebrates the logistics identity

Media Coverage

A year after PM Modi inaugurated Bairabi-Sairang railway line, Mizoram celebrates the logistics identity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”