বিগত ৬ বছৰত তামিলনাডুত ৫০,০০০ কোটিৰো অধিক তেল আৰু গেছ প্রকল্প বাস্তৱায়িতকৰণৰ বাবে অনুমোদন দিয়া হৈছে : প্রধানমন্ত্রী
মধ্যবিত্তসকলৰ সমস্যাৰ বিষয়ে আমাৰ চৰকাৰ সংবেদনশীল : প্রধানমন্ত্রী
বিগত ৫ বছৰ ধৰি তেল আৰু গেছ ক্ষেত্রৰ আন্তঃগাঁথনি নিৰ্মাণত আমি চাৰে ৭ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছো : প্রধানমন্ত্রী

ৱনক্কম!

তামিলনাডুৰ ৰাজ্যপাল শ্রী বানোৱাৰীলাল পুৰোহিত জী, তামিলনাডুৰ মুখ্যমন্ত্রী শ্রী পালানিস্বামী জী, তামিলনাডুৰ উপ-মুখ্যমন্ত্রী শ্রী পনীৰছেলভাম জী, মোৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ শ্রী ধর্মেন্দ্র প্রধান জী, বিশিষ্ট অতিথি আৰু ভদ্ৰ পুৰুষ-মহিলাসকল

 

ৱনক্কম!

আজি ইয়াত উপস্থিত থাকিবলৈ পাই মই অতিশয় গৌৰৱ অনুভৱ কৰিছো। আমি ইয়াত গুৰুত্বপূর্ণ তেল আৰু গেছ প্রকল্পৰ শুভাৰম্ভ কৰাৰ বাবে উপস্থিত হৈছো। এই প্রকল্পই কেৱল তামিলনাডুৰে নহয়, সমগ্ৰ দেশৰ বাবে গুৰুত্বপূর্ণ।

 

বন্ধুসকল,

আৰম্ভণিতে মই দুটা ঘটনাৰ কথা আপোনালোকৰ সৈতে ভাগ কৰিব বিচাৰিছো, যিটোৱে আপোনালোকক ভাৱিবলৈ বাধ্য কৰিব।

 

২০১৯-২০ চনত ভাৰতে চাহিদা পূৰণৰ বাবে ৮৫ শতাংশতকৈও অধিক তেল আৰু ৫৩ শতাংশ গেছ আমদানি কৰিবলগীয়া হৈছিল। কিন্তু আমাৰ দৰে এখন বৈচিত্রপূৰ্ণ আৰু প্রতিভাশালী দেশ শক্তিৰ বাবে সদায় জানো আমদানিৰ ওপৰত নির্ভৰশীল হৈ থাকিব? মই কাকো সমালোচনা কৰিব বিচৰা নাই, কিন্তু মই ক’ব বিচাৰো যে এই বিষয়ত আগতে আমি গুৰুত্ব দিয়া উচিত নাছিল নে?

এতিয়া আমি শক্তিৰ স্বচ্ছ আৰু সেউজ উৎসৰ দিশত সন্মিলিত প্রচেষ্টাৰে কাম কৰি যাব লাগিব। পেট্র’লৰ ওপৰত নির্ভৰতা হ্ৰাস কৰিব লাগিব৷ আমাৰ চৰকাৰ মধ্যবিত্তসকলৰ উদ্বেগৰ প্রতি সংবেদনশীল। সেইবাবে ভাৰতে এতিয়া কৃষক আৰু গ্রাহকসকলৰ বাবে ইথানল ব্যৱহাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্রত অৱশ্যে সৌৰ বিদ্যুৎ শীর্ষত আছে, যাৰ ব্যৱহাৰে সাধাৰণ জনতাৰ জীৱনযাত্রাক সহজ কৰি তুলিব৷ জনপৰিবহনক কোনোৱে উৎসাহিত কৰিছে। মধ্যবিত্ত পৰিয়ালৰ বাবে এলইডি বাল্বৰ দৰে বিকল্প উৎসকো সাদৰেৰ গ্রহণ কৰিছে।

 

ভাৰতে এতিয়া লাখ লাখ মানুহক সহায়ৰ বাবে সাজু হৈছে। পূর্বৰ তুলনাত ভাৰতৰ আৰু কেইবাখৱো চহৰত মেট্র’ সংযোগ কৰা হৈছে। সৌৰ শক্তিচালিত পাম্প আৰু অধিক জনপ্রিয় হৈ পৰিছে, যিবোৰে কৃষকসকলক ব্যাপক সহায় কৰছে। জনসাধাৰণৰ সমর্থনক অবিহনে এইবোৰ সম্ভৱ নহয়৷ ভাৰতে ক্রমৱর্ধমান শক্তিৰ চাহিদা পুৰণৰ কাম কৰি আহিছে। ভাৰতে আমাৰ ইন্ধন আমদানি নির্ভৰতা হ্রাস কৰিছে। একেদৰে আমি শক্তিৰ বিভিন্ন ধৰণৰ উৎসৰ সন্ধান কৰিছো৷

 

বন্ধুসকল,

আমি কিদৰে এয়া কৰিছো? সক্ষমতা বৃদ্ধিৰ জৰিয়তে। তেল শোধনৰ ক্ষমতাৰ দিশত ২০১৯-২০ত আমি বিশ্বৰ চতুর্থ স্থানত আছিলো৷ প্রায় ৬৫.২ মিলিয়ন টন পেট্র’লিয়াম সামগ্ৰী ৰপ্তানি কৰা হৈছে। আমাৰ দেশীয় সংস্থাসমূহে মানসম্পন্ন তেল আৰু গেছ সম্পদ অধিগ্রহণৰ বাবে বিদেশতো অভিযান হাতত লৈছে। আজি ভাৰতীয় তেল আৰু গেছ সংস্থাসমূহে প্রায় ২.৭০লাখ কোটি টকাৰ বিনিয়োগেৰে ২৭খন দেশত অনুসন্ধান চলাইছে৷

 

বন্ধুসকল,

'এক দেশ এক গেছ গ্রিড'ৰ লক্ষ্যত উপনীত হ’বলৈ আমি গেছ পাইপলাইন নেটৱৰ্ক গঢ় দিছো৷ তেল আৰু গেছৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে পাঁচ বছৰত ৭.৫ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। দেশৰ ৪০৭খন জিলাক চিটী গেছ সেৱাৰ নেটৱর্কৰ জৰিয়তে সামৰি লোৱাৰ ওপৰত জোৰ দিয়া হৈছে।

বন্ধুসকল,

পহল আৰু প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ দৰে আমাৰ উপভোক্তাকেন্দ্রিক প্রকল্পসমূহে প্রতিটো ভাৰতীয় পৰিয়ালক এই গেছ সংযোগ কৰাত সহায় কৰিছে। তামিলনাডুৰ ৯৫ শতাংশ এলপিজি গ্রাহকে প্রকল্পত জড়িত হৈছে৷ সক্রিয় গ্রাহকৰ ৯০ শতাংশতকৈও অধিক লোকে পোনপটীয়া ৰাজসাহায্য লাভ কৰিছে৷ উজ্জ্বলা যোজনা অধীনত তামিলনাডুত ৩২ লাখতকৈও অধিক বিপিএল পৰিয়ালক নতুন গেছ সংযোগ প্ৰদান কৰা হৈছে। প্রধানমন্ত্রী গৰীব কল্যাণ যোজনাৰ অধীনত লক্ষাধিক পৰিয়াল উপকৃত হৈছে৷

 

বন্ধুসকল,

 

ইণ্ডিয়ান অইলৰ ১৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্রাকৃতিক গেছ পাইপলাইন ৰামনাথপুৰমৰ পৰা থুথুকুদিলৈ আৰম্ভ হৈছে। এয়া বৃহত্তৰ প্রাকৃতিক গেছ পাইপলাইন প্রকল্পৰ এক অংশ, য’ত ৪,৫০০ কোটি টকা ব্যয় হৈছে। ইয়াৰ জৰিয়তে এন্নোৰ, তিৰুভাল্লুৰ, বাংগালুৰু, পুডুচেৰী, নাগাপট্টিনাম, মাদুৰাই আৰু টুটিকোৰিনৰ লোকসকল উপকৃত হ’ব৷

 

অ’এনজিচি ক্ষেত্রৰ পৰা গেছ এতিয়া দক্ষিণত পেট্র’ কেমিকেল ইণ্ডাষ্ট্ৰীজ কর্প’ৰেচন লিমিটেড টুটিকোৰিনলৈকে যোগান ধৰা হ’ব৷

 

বন্ধুসকল,

উন্নয়ন প্রকল্পসমূহে বিভিন্ন সুবিধা আনিব৷ নাগাপট্টিনামত চিপিচিএলৰ নতুন শোধনাগাৰটো প্রায় ৮০ শতাংশ উপকৰণেই দেশীয়। এই শোধনাগাৰটোৱে এই অঞ্চলত পৰিবহন সুবিধাৰ লগতে পেট্র’ কেমিকেল উদ্যোগ, আনুষংগিক আৰু ক্ষুদ্র উদ্যোগৰ বিকাশ সাধন কৰিছে। এই নতুন শোধনাগাৰটো এম এছ আৰু ডিজেল মিটিং ভাৰত ষ্টেজ ছিক্স নির্দিষ্টকৰণ আৰু পলী প্র’পিলিনক এক মূল্যযুক্ত সামগ্ৰী হিচাপে উৎপাদন কৰিব৷

বন্ধুসকল,

 

ভাৰতে আজি নবীকৰণযোগ্য উৎসৰ পৰা শক্তিৰ বিকাশ সাধন কৰিছে। ২০৩০ চনৰ ভিতৰত সকলো শক্তিৰ ৪০ শতাংশ সেউজ শক্তি উৎসৰ পৰা উৎপন্ন হ’ব৷

 

বন্ধুসকল,

 

২০১৪ চনৰ পৰা আমি তেল আৰু গেছ খণ্ডত অনুসন্ধান আৰু উৎপাদন প্রাকৃতিক গেছ বিপণন আৰু বিতৰণক কেন্দ্র কৰি বিভিন্ন সংস্কাৰমূলক কাম সম্পন্ন কৰি আহিছো৷ আমি বিনিয়োগকাৰীসকলৰ সৈতে বন্ধুত্বপূর্ণ ব্যৱস্থা গ্রহণৰ জৰিয়তে আভ্যন্তৰীণ আৰু আন্তর্জাতিক বিনিয়োগ আকর্ষণৰ বাবে কাম কৰিছো৷ আমি বিভিন্ন ৰাজ্যজুৰি প্রাকৃতিক গেছৰ ওপৰত কৰৰ কেছকাডিং প্রভাৱ ৰেহাই দিয়াৰ চেষ্টা কৰিছো৷ কৰৰ অভিন্নতাই প্রাকৃতিক গেছৰ দাম হ্রাস আৰু সকলো উদ্যোগৰ ব্যৱহাৰ বৃদ্ধি কৰিব তুলিব৷ আমি জিএছটি ব্যৱস্থাৰ অধীনত প্রাকৃতিক গেছক সামৰি ল’বলৈ প্রতিশ্রুতিবদ্ধ।

 

মই বিশ্বক ক’ব বিচাৰো যে আহক, ভাৰতৰ শক্তি খণ্ডত বিনিয়োগ কৰক৷

 

বন্ধুসকল,

তামিলনাডুত বিগত ছবছৰত ৫০,০০০ কোটি টকাৰ তেল আৰু গেছ প্রকল্পত অনুমোদন জনোৱা হৈছে। এটা সময়ত ২০১৪চনৰ পূৰ্বে অনুমোদিত ৯,১০০ কোটিকৈও অধিক টকাৰ প্রকল্পৰ কাম শেষ হৈছে। তদুপৰি, পাইপলাইনত ৪,৩০০ কোটিতকৈ অধিক টকাৰ প্রকল্পৰ কাম চলিছে। তামিলনাডুৰ সকলো প্রকল্পই ভাৰতৰ বহনক্ষম বিকাশৰ বাবে আমাৰ ধাৰাবাহিক নীতি আৰু উদ্যোগৰ যুটীয়া প্রচেষ্টাৰ ফল।

 

তামিলনাডুত ইন্ধনৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত পদক্ষেপ লোৱাৰ বাবে সকলো পক্ষক মই অভিনন্দন জনাইছো৷ মোৰ কোনো সন্দেহ নাই যে আমি সকলোৱেই আমাৰ প্রচেষ্টাত সফল হ’ম৷

ধন্যবাদ।

ৱনক্কম।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi’s Auckland Address Celebrated Sikh Legacy And Diaspora Strength | Exclusive Details

Media Coverage

How PM Modi’s Auckland Address Celebrated Sikh Legacy And Diaspora Strength | Exclusive Details
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”