"আগন্তুক বছৰসমূহত এক শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাত আমাৰ যুৱ প্ৰজন্মৰ অৱদান অতি গুৰুত্বপূৰ্ণ হ'ব"
ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অনুৰাগ ৰামোলাৰ পত্ৰৰ উত্তৰ দি তেওঁৰ কলা আৰু ভাৱনা ভূয়সী প্ৰশংসা কৰে।

দেশৰ যুৱ প্ৰজন্ম, বিশেষকৈ শিক্ষাৰ্থীসকলৰ সৈতে নিয়মিতভাৱে মত বিনিময় কৰি মনোবল বৃদ্ধি কৰি আহিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। 'মন কি বাত', 'পৰীক্ষা পে চৰ্চা' বা ব্যক্তিগত আলাপেই হওঁক প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে যুৱপ্ৰজন্মক তেওঁলোকৰ উদ্বেগ আৰু কৌতূহলসমূহ বুজি সদায়ে উৎসাহিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অনুৰাগ ৰামোলাৰ পত্ৰৰ উত্তৰ দি তেওঁৰ কলা আৰু ভাৱনা ভূয়সী প্ৰশংসা কৰে।

অনুৰাগৰ চিন্তাধাৰাত মুগ্ধ হৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পত্ৰখনত এইদৰে লিখে, "আপোনাৰ চিঠিখনৰ শব্দসমূহ আৰু 'ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱ' চিত্ৰৰ বাবে বাছনি কৰা বিষয়বস্তু জৰিয়তে আদৰ্শগত পৰিপক্কতা প্ৰতিফলিত হৈছে। মই আনন্দিত যে আপুনি কৈশোৰৰ পৰাই ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিভিন্ন বিষয়সমূহ সম্পৰ্কে আপোনাৰ জ্ঞান আছে আৰু এজন দায়িত্বশীল নাগৰিক হিচাপে দেশৰ বিকাশত আপোনাৰ ভূমিকাক সম্পৰ্কে আপুনি সচেতন।"

স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত সমগ্ৰ দেশবাসীৰ অৱদানক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, "স্বাধীনতাৰ এই অমৃত কালত দেশখনে সন্মিলিত প্ৰয়াসৰ শক্তি আৰু 'সবকা প্ৰয়াস' মন্ত্ৰেৰে আগবাঢ়ি গৈছে। আগন্তুক বছৰসমূহত এক শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাত আমাৰ যুৱ প্ৰজন্মৰ অৱদান অতি গুৰুত্বপূৰ্ণ হ'ব"।

সফল ভৱিষ্যতৰ বাবে অনুৰাগক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে সৃজনশীলতাৰ সৈতে অনুৰাগে জীৱনত আগুৱাই যাব আৰু কাংক্ষিত সফলতা লাভ কৰিব।

অনুৰাগক অনুপ্ৰাণিত কৰিবলৈ তেওঁৰ চিত্ৰখন নৰেন্দ্ৰ মোডী এপ আৰু narendramodi.in ৱেবছাইটতো আপলোড কৰা হৈছে।

উল্লেখ্য, ইয়াৰ পূৰ্বে অনুৰাগে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয়ত তেওঁৰ মতামত ব্যক্ত কৰিছিল। অনুৰাগে তেওঁৰ পত্ৰখনত লিখিছিল যে প্ৰতিকূল পৰিস্থিতিতো ধৈৰ্য্য নেহেৰুৱাই, কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰে লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱা আৰু সকলোকে লগত লৈ আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা তেওঁ প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰে ।

টোকা: কলা আৰু সংস্কৃতিৰ বাবে অনুৰাগ ৰামোলাক ২০২১ চনৰ প্ৰধানমন্ত্ৰীৰ  ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India