গাজাত শান্তি স্থাপনৰ প্ৰচেষ্টাই নিৰ্ণায়ক অগ্ৰগতি লাভৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনায়। শ্ৰী মোদীয়ে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰয়াসে অব্যাহত মানৱীয় আৰু কূটনৈতিক প্ৰচেষ্টাৰাজিত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতে অঞ্চলটোত স্থায়ী আৰু ন্যায্য শান্তি স্থাপনৰ বাবে অৰিহণা যোগোৱা সকলো পদক্ষেপক সমৰ্থন জনোৱাৰ অংগীকাৰত অটল হৈ আছে।

শ্ৰী মোদীয়ে এক্স-ৰ এটা প’ষ্টত এইদৰে লিখিছেঃ

“গাজাত শান্তি স্থাপনৰ প্ৰচেষ্টাই নিৰ্ণায়ক অগ্ৰগতি লাভৰ সময়তে আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছোঁ। পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰয়াসে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰিছে।

ভাৰতে স্থায়ী আৰু ন্যায্য শান্তি স্থাপনৰ অৰ্থে গ্ৰহণ কৰা সকলো পদক্ষেপলৈ সমৰ্থন আগবঢ়াই যাব।

@realDonaldTrump

@POTUS”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India