২০২৩ৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে উপস্থিত হোৱা নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাইছে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই শ্ৰী মোদীয়ে এক্সত লিখিছেঃ

‘’মোৰ বন্ধু, প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগন্নাথক ভাৰতলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ বৈঠকলৈ বাট চাই আছোঁ।” 

 

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালকক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“সম্পূৰ্ণ একমত, ক্ৰিষ্টালিনা জৰ্জিভা। আমি সকলোৱে মিলি আমাৰ সময়ৰ জৰুৰী প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰে আমাৰ যুৱ প্ৰজন্মৰ এটি উন্নত ভৱিষ্যৎ সুনিশ্চিত কৰিব পাৰোঁ। আপুনি দিল্লীত উপস্থিত হোৱাৰ সময়ত আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা মৰমৰো মই শলাগ লৈছোঁ।”

 

 

ইউৰোপিয়ান ইউনিয়ন কমিচনৰ অধ্যক্ষক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“উৰ্চুলা ভন ডেৰ লেয়েন, জি-২০ সন্মিলনৰ বাবে দিল্লীত আপোনাক দেখি আনন্দিত হৈছোঁ। ইউৰোপিয়ান ইউনিয়ন কমিচনৰ সমৰ্থন আৰু প্ৰতিশ্ৰুতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সামূহিকভাৱে আমি সন্মুখীন হোৱা জৰুৰী প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিম। ফলপ্ৰসূ আলোচনা আৰু সহযোগিতামূলক কাৰ্য্যৰ বাবে আগ্ৰহী হৈ উঠিছোঁ।” 

 

যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই শ্ৰী মোদীয়ে এক্সত লিখিছেঃ

“আদৰণি ঋষি সুনক! এক ফলপ্ৰসূ সন্মিলনৰ বাবে আগ্ৰহী হৈ উঠিছোঁ। আমি একেলগে এটা উন্নত গ্ৰহৰ বাবে কাম কৰিব পাৰিম।” 

 

স্পেইনৰ প্ৰতিনিধি দলটোক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতিক সম্বোধনেৰে এক্সত লিখিছেঃ

“পেড্ৰ’ ছানচেজ, আপোনাৰ সুস্বাস্থ্য আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আগন্তুক জি-২০ সন্মিলন সন্দৰ্ভত আপোনাৰ অন্তৰ্দৃষ্টিসম্পন্ন বক্তব্যই আমাক পুলকিত কৰিছে। একে সময়তে ভাৰতলৈ অহা স্পেইনৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছোঁ।” 

 

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্নাণ্ডেজক আদৰণি জনাই ভাৰত আনন্দিত হৈছোঁ। জি-২০ সন্মিলনৰ কাৰ্য্যসূচীত আপোনাৰ অন্তৰ্দৃষ্টিসম্পন্ন মতামতলৈ আগ্ৰহী হৈ উঠিছোঁ।‘’

 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছেঃ

“৭ লোক কল্যাণ মাৰ্গত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক আদৰণি জনাই সুখী হৈছোঁ। আমাৰ বৈঠকখন অতি ফলপ্ৰসূ আছিল। আমি অসংখ্য বিষয়ত আলোচনা কৰোঁ যিয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত সংযোগক অধিক আগুৱাই নিব। আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত থকা বন্ধুত্বই বিশ্বৰ মংগলৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰি যাব।” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Qatar launches new UPI route to send money to India

Media Coverage

Qatar launches new UPI route to send money to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”