কেন্দ্ৰটোৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে অংশীদাৰসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰে এক অনানুষ্ঠানিক, স্বতঃস্ফূৰ্ত বাৰ্তালাপ
দীক্ষা প’ৰ্টেলৰ সৈতে অধিক শিক্ষাৰ্থীক সংযুক্ত হোৱাৰ আহ্বান
ব্যৱস্থাৰ সৈতে সংলগ্ন পুষ্টি নিৰীক্ষণৰ অন্বেষণৰ আহ্বান
মানৱীয় সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰু বাস্তৱিক আৰু ভাৰ্চুৱেলৰ মাজত ভাৰসাম্য ৰখাৰ প্ৰয়োজনীয়তাত জোৰ দিলে প্ৰধানমন্ত্ৰীয়ে
নতুন ব্যৱস্থাত এক সুস্থ প্ৰতিযোগিতামূলক পৰিৱেশ বজাই ৰখাৰ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত বিদ্যা সমীক্ষা কেন্দ্ৰ শীৰ্ষক এক কামাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীক কেন্দ্ৰটোৰ নিৰীক্ষণমূলক কাম-কাজ, ভিডিঅ’ ৱাল আৰু বিভিন্ন দিশৰ পোনপটীয়া প্ৰদৰ্শনী দেখুওৱা হয়৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত লগতে চমুকৈ এক দৃশ্য-শ্ৰাব্য উপস্থাপনো আগবঢ়োৱা হয়৷ অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত থাকে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে৷ আম্বাজীৰ শ্ৰীমতী ৰাজশ্ৰী পেটেল নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰথমে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা নতুন প্ৰযুক্তিৰ লাভালাভ সন্দৰ্ভত জানিব বিচাৰে৷ প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক দীক্ষা প’ৰ্টেলৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰশ্ন কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই ব্যৱস্থাৰ জৰিয়তে আগতকৈ বোজা কম হৈছে নে বেচি হৈছে জানিব বিচাৰে৷ তেওঁ ধেমেলীয়া সুৰত কয় যে এই ব্যৱস্থাৰ জৰিয়তে এটা ফাঁকি দিয়াটো টান হৈ পৰিছে৷ তেওঁ লগতে এগৰাকী সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীগৰাকীক ভালদৰে খেলাৰ লগতে খাবলৈ কয়৷ প্ৰধানমন্ত্ৰীয়ে গ্ৰুপটোৰ সৈতে বহু সময়ত বাৰ্তালাপ কৰে৷ একেখন জিলাৰে এগৰাকী চিআৰচি সমন্বয়কে নতুন প্ৰযুক্তিৰ জৰিয়তে হোৱা পৰিৱৰ্তনৰ সন্দৰ্ভত ব্যাখ্যা কৰে৷ তেওঁ প্ৰধানমন্ত্ৰীক নিৰীক্ষণ প্ৰক্ৰিয়া আৰু পুনৰীক্ষণৰ সন্দৰ্ভত অৱগত কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে নতুন প্ৰযুক্তিৰ সম্ভাৱনীয়তাৰ গভীৰতালৈ সোমাই পৰাৰ লগতে শিক্ষকৰ বাবেই হওক বা শিক্ষাৰ্থী আৰু অংশীদাৰসকলক সুষম আহাৰৰ সন্দৰ্ভত অধিক সংবেদনশীল কৰাৰ ক্ষেত্ৰতে হওক, এই ব্যৱস্থা পুষ্টি নিৰীক্ষণৰ ক্ষেত্ৰতো ব্যৱহাৰৰ আহ্বান জনায়৷

শ্ৰী মোদীয়ে বহু বছৰৰ পূৰ্বে কানাডা ভ্ৰমণৰ সময়ত এক ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰে, য’ত তেওঁ এটা বিজ্ঞান সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ লগতে এটা কিয়স্কত তেওঁৰ খাদ্যৰ তালিকা পুৰণ কৰিছিল৷ তেওঁৰ নিৰামীষভোজী খাদ্যৰ তালিকা পাই মেচিনে কৈছিল “আপুনি চৰাই নেকি!!”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইটো কথা মনত ৰখা দৰকাৰ, যেতিয়া নতুন প্ৰযুক্তি আহৰণ কৰা হয় আৰু তেতিয়া কিছুমান নতুন অজ্ঞাত দিশ উন্মোচিত হয়৷ তেওঁ লগতে বাস্তৱিক পৃথিৱীয়ে ভাৰ্চুৱেল পৃথিৱীক অৱজ্ঞা কৰিলে নহ’ব বুলি কয়৷ কচ্চৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ ৰাথোড় কল্পনাক প্ৰধানমন্ত্ৰীয়ে এই প্ৰযুক্তিয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক কিদৰে উপকৃত কৰিছে বুলি সোধে৷ তেওঁ প্ৰধানমন্ত্ৰীক এই নতুন ব্যৱস্থাই তেওঁলোকৰ দায়িত্ব বৃদ্ধি কৰা বুলি কয়৷ অষ্টম শ্ৰেণীৰ পূজা নামৰ এগৰাকী শিক্ষাৰ্থীৰ সৈতে কৰা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এটা পুৰণি বিষয় দোঁহাৰে যে মেহছানা শিক্ষকসকলে স্থানীয় কচ্চ দোৱান শিকাব নোৱাৰে৷ তেওঁ প্ৰধানমন্ত্ৰীক এই পৰিস্থিতি কিছু উন্নত হোৱা বুলি কয়৷ প্ৰধানমন্ত্ৰীয়ে ধেমেলীয়া সুৰত দুৰ্বল শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ কয়৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে লগতে জনায় যে কিদৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে জি শালা, দীক্ষা এপপ ইত্যাদি ক’ৰোনাৰ সময়ৰ ব্যৱহাৰ কৰিছিল আৰু কিদৰে অঘৰী সমূদায়ক শিক্ষা প্ৰদান কৰিছিল৷ প্ৰধানমন্ত্ৰীক লগতে কোৱা হয় যে কিদৰে নতুন ব্যৱস্থাই শিক্ষাৰ্থীসকলক নতুন সঁজুলি প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শাৰিৰীক কাম-কাজৰ প্ৰতি কম গুৰুত্ব দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ জনায় যে ক্ৰীড়া এতিয়াৰে পৰা সহ-পাঠ্যক্ৰম নহয়, বৰঞ্চ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হ’ব৷

তাপি জিলাৰ দৰ্শনা বেনে নতুন ব্যৱস্থাৰ জৰিয়তে কিদৰে বিভিন্ন মাপকাঠি উন্নত কৰিছে, সেই বিষয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে৷ তেওঁ লগতে কয় যে ইয়াৰ ফলত কামৰ বোজা হ্ৰাস পাইছে৷ তেওঁ লগতে কয় যে বহু শিক্ষাৰ্থীয়ে ইতিমধ্যে দীক্ষা প’ৰ্টেলত পঞ্জীয়ন কৰিছে৷ দশম শ্ৰেণীৰ তনভী নামৰ এগৰাকী শিক্ষাৰ্থীয়ে কয় যে তেওঁ এজন চিকিৎসক হ’ব বিচাৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁক কয় যে পূৰ্বতে দুৰ্গম এলেকাত বিজ্ঞান বিষয়টো উপলব্ধ নাছিল, কিন্তু ব্যাপক প্ৰচাৰৰ পাছত পৰিস্থিতি সলনি হৈছে আৰু ইয়াৰ লাভালাভ এতিয়া দৃশ্যমান হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটে সদায় নতুন পদ্ধতি অৱলম্বন কৰে আৰু ইয়াৰ পাছত সমগ্ৰ দেশে সেই ব্যৱস্থা আঁকোৱালী লয়৷ তেওঁক অন্যান্য ৰাজ্যৰ আগ্ৰহ সন্দৰ্ভত অৱগত কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে অতিমাত্ৰা সংযোগ বিচ্ছিন্ন হোৱাকলৈ উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ সমন্বয়কসকলক এই প্ৰকল্পত মানৱ উপাদানমূহ জীৱন্ত কৰি তোলাটো বিচাৰে৷ তেওঁ ‘ৰিড এলং’ ফিচাৰ আৰু হোৱাটছএপভিত্তিক সমাধান পদক্ষেপৰ সন্দৰ্ভত কয়৷ প্ৰধানমন্ত্ৰীয়ে লগতে নতুন ব্যৱস্থাভিত্তিক এক সুস্থ প্ৰতিযোগিতা বজাই ৰাখিবলৈ কয়৷

এই কেন্দ্ৰটোৱে বছৰি ৫০০ কোটিতকৈ অধিক ডাটা সংগ্ৰহ কৰে আৰু শিক্ষাৰ্থীসকলৰ সামগ্ৰিক শিক্ষণ ফলাফল বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিগ ডাটা বিশ্লেষক, কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্ণিং পদ্ধতি ব্যৱহাৰ কৰি সেয়া অৰ্থপূৰ্ণভাৱে বিশ্লেষণ কৰে৷ এই কেন্দ্ৰটোৱে শিক্ষক-শিক্ষয়িত্ৰীৰ দৈনিক অনলাইন উপস্থিতি ট্ৰেক কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ শিক্ষণ ফলাফল কেন্দ্ৰীভূত আৰু সাময়িক মূল্যায়ন ইত্যাদি সম্পন্ন কৰে৷ বিদ্যা সমীক্ষা কেন্দ্ৰক বিশ্ব বেংকে এটা আন্তঃৰাষ্ট্ৰীয় উন্নত অনুশীলন কেন্দ্ৰ হিচাপে গণ্য কৰিছে, য’ত অন্যান্য দেশক পৰিদৰ্শন আৰু শিকাৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Mahatma Ayyankali on his birth anniversary
August 28, 2026

The Prime Minister, Shri Narendra Modi, has paid homage to Mahatma Ayyankali on his birth anniversary, today. Shri Modi remembered Mahatma Ayyankali as a great pioneer of social justice, who dedicated his life to the empowerment and welfare of the marginalised. The Prime Minister highlighted his efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor.

The Prime Minister posted on X:

Paying homage to Mahatma Ayyankali on his birth anniversary!

He is remembered as a great pioneer of social justice. His efforts to secure educational opportunities for the marginalised, improve the lives of agricultural workers and serve the poor remain very inspiring. His life gives strength to all those working for social empowerment.