প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদৰ ছায়েন্স চিটি পৰিদৰ্শন কৰে। তেওঁ ৰবটিক্স গেলেৰী, নেচাৰ পাৰ্ক, একুৱেটিক গেলেৰী আৰু ছাৰ্ক টানেল ভ্ৰমণ কৰে আৰু অনুষ্ঠানটোত চলি থকা প্ৰদৰ্শনীৰ মাজেৰেও এপাক মাৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এনেদৰে কয় : 

"পুৱাবেলা এটা অংশ গুজৰাট ছায়েন্স চিটিৰ আকৰ্ষণসমূহ অন্বেষণ কৰাত অতিবাহিত কৰিলো। ৰবটিক্স গেলেৰীৰে আৰম্ভ কৰিছিলো য'ত ৰবটিক্সৰ অপৰিসীম সম্ভাৱনা সুন্দৰভাৱে প্ৰদৰ্শিত হৈছে। এই প্ৰযুক্তিবোৰে কেনেকৈ যুৱচামৰ মাজত কৌতূহল উদ্ৰেক কৰে, সেয়া প্ৰত্যক্ষ কৰি আনন্দিত হৈছো।"

 

"ৰবটিক্স গেলেৰীত ডিআৰডিঅ' ৰবট, মাইক্ৰ'বট, এটা কৃষি ৰবট, চিকিৎসা ৰবট, মহাকাশ ৰবট আৰু অন্যান্য প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ জৰিয়তে ৰবটিক্সৰ স্বাস্থ্যসেৱা, উৎপাদন আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব পৰা ক্ষমতা স্পষ্টভাৱে দৃশ্যমান হৈছে।" 

"ৰবটিক্স গেলেৰীৰ কেফেত ৰবটৰ দ্বাৰা পৰিৱেশন কৰা একাপ চাহো উপভোগ কৰিলো।"

 

"নেচাৰ পাৰ্ক হৈছে গুজৰাট ছায়েন্স চিটিৰ ভিতৰত এক শান্ত আৰু শ্বাসৰুদ্ধকাৰী স্থান। প্ৰকৃতিৰ প্ৰতি আগ্ৰহী আৰু উদ্ভিদ বিজ্ঞানীসকলৰ বাবে ই অৱশ্যেই দৰ্শনীয়। উদ্যানখনে কেৱল জৈৱ বৈচিত্ৰ্যকে প্ৰচাৰ কৰা নাই, মানুহৰ বাবে ই শৈক্ষিক মঞ্চ হিচাপেও কাম কৰিছে।"

 

"সতৰ্কতাৰে খোজ কাঢ়িবলগা পথবোৰে বাটত বিচিত্ৰ অভিজ্ঞতা প্ৰদান কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষমতাৰ ওপৰত ই গুৰুত্বপূৰ্ণ শিক্ষা প্ৰদান কৰে। কেকটাছ গাৰ্ডেন, ব্লক প্লেণ্টেচন, অক্সিজেন পাৰ্ক আদিৰ দৰে অন্যান্য আকৰ্ষণবোৰো দৰ্শন কৰিলো।"

 

"ছায়েন্স চিটিৰ একুৱাটিক গেলেৰী হৈছে জলজ জৈৱ বৈচিত্ৰ্য আৰু সামুদ্ৰিক আশ্চৰ্যৰ ভঁৰাল। ই আমাৰ জলজ পৰিবেশতন্ত্ৰৰ সূক্ষ্ম তথা গতিশীল ভাৰসাম্য ৰক্ষাৰ ওপৰত আলোকপাত কৰে। ই কেৱল এক শিক্ষাপ্ৰদ অভিজ্ঞতাই নহয়, লগতে গভীৰ সমুদ্ৰৰ জগতখনলৈ সন্মান আৰু সংৰক্ষণৰো আহ্বান জনায়।" 

 

"ছাৰ্ক টানেল দৰ্শন হৈছে এক আনন্দদায়ক অভিজ্ঞতা, য'ত বিভিন্ন প্ৰজাতিৰ হাঙৰ প্ৰদৰ্শন কৰা হৈছে। সুৰংগটোৰ মাজেৰে খোজ কাঢ়ি যাওঁতে সামুদ্ৰিক জীৱনৰ বৈচিত্ৰ্য দেখি যথেষ্ট আচৰিত হ'বলগা। ই সঁচাকৈয়ে মনোমোহা।"

"ই সঁচাকৈ ধুনীয়া"

 

প্ৰধানমন্ত্ৰীৰ সৈতে গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলো আছিল।   

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India vehicle retail sales seen steady in December as tax cuts spur demand: FADA

Media Coverage

India vehicle retail sales seen steady in December as tax cuts spur demand: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ডিচেম্বৰ 2025
December 09, 2025

Aatmanirbhar Bharat in Action: Innovation, Energy, Defence, Digital & Infrastructure, India Rising Under PM Modi