“Central Government is standing alongside the State Government for all assistance and relief work”
Shri Narendra Modi visits and inspects landslide-hit areas in Wayanad, Kerala

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডৰ ভূমিস্খলনত প্ৰভাৱিতসকলৰ মংগল কামনা আৰু উদ্ধাৰ অভিযানত কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। তেখেতে কয় যে কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰখনৰ কাষত থিয় দিছে। আজি কেৰালাৰ ৱায়ানাডত আকাশ-মাৰ্গেৰে পৰ্য্যবেক্ষণৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমিস্খলন-প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শনেৰে পৰিস্থিতিৰ বুজ লয়।

 

প্রধানমন্ত্রীগৰাকীয়ে এই প্রাকৃতিক দুর্যোগত আহত হোৱাসকলক সাক্ষাতৰ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে। এখনি পৰ্য্যালোচনা বৈঠকত শ্ৰী মোদীয়ে বিপদৰ এই সময়ত দুৰ্য্যোগপীড়িতসকলৰ লগত কেন্দ্ৰীয় চৰকাৰ আৰু সমগ্ৰ দেশ আছে বুলি কয়। এই সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে বিতং স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও তেখেতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে তেখেতে ৱায়ানাডৰ উদ্ধাৰ অভিযানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু কৰ্তৃপক্ষৰ সৈতে অহৰহভাৱে যোগাযোগ কৰি আহিছে। তেখেতে কয় যে ইতিমধ্যে দুৰ্য্যোগ ব্যৱস্থাপনাৰ পুঁজি মুকলি কৰা হৈছে আৰু বাকী অংশও শীঘ্ৰেই মুকলি কৰা হ’ব।

 

শ্ৰী মোদীয়ে কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা সকলো কেন্দ্ৰীয় সংস্থাক সংগঠিত কৰা হৈছে আৰু এইসমূহে প্ৰভাৱিতসকলক সহায় কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনডিআৰএফ, এছডিআৰএফ, সেনা, ৰাজ্যিক আৰক্ষী, স্থানীয় চিকিৎসা বাহিনী, এনজিঅ’ আৰু আন-আন সেৱামুখী প্ৰতিষ্ঠানসমূহৰ কৰ্মীসকলক তৎক্ষণাত দুৰ্য্যোগগ্ৰস্ত অঞ্চলটোত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰৰ কাম হাতত লোৱাৰ বাবে প্ৰশংসা কৰে।

 

শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্তসকলক বিশেষকৈ পিতৃ-মাতৃক হেৰুৱাবলগীয়া শিশুসকলক সহায় কৰিবলৈ নতুন দীৰ্ঘম্যাদী আঁচনি যুগুতৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেখেতে কেন্দ্রৰপৰা প্রয়োজনীয় সকলো সহায় গ্ৰহণেৰে ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্রকাশ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱায়ানাডৰ জনসাধাৰণক আশ্বাস প্ৰদানেৰে কয় যে দেশ আৰু কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ ঘৰ, বিদ্যালয়, পথৰ আন্তঃগাঁথনিৰ লগতে শিশুসকলৰ ভৱিষ্যতকে প্ৰমুখ্য কৰি জীৱিকাৰ ব্যৱস্থা পুনৰ ঘূৰাই আনিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥