প্ৰধানমন্ত্ৰীয়ে ছাংঘাই সহযোগিতা সংগঠন (এছচিঅ')ৰ সদস্য দেশসমূহৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠকত ভাৰ্চুৱেল আৰু আফগানিস্তানৰ ওপৰত সংযুক্ত এছচিঅ'-চিএছটিঅ' আউটৰিচ ছেছনত ভিডিঅ'-বাৰ্তাৰ মাধ্যমত ভাগ লয়।

এছচিঅ' সদস্য দেশসমূহৰ মূৰব্বীসকলৰ পৰিষদৰ ২১তম বৈঠক হাইব্ৰিড ফৰমেটত দুছানবেত ১৭ ছেপ্টেম্বৰ, ২০২১ত অনুষ্ঠিত হয়। বৈঠকৰ অধ্যক্ষতা তাজিকিস্তানৰ ৰাষ্ট্ৰপতি এমোমী ৰহমানে কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ'-লিংকৰ মাধ্যমত শীৰ্ষ সন্মিলনত ভাষণ দিয়ে। দুছানবেত ভাৰতৰ প্ৰতিনিধিত্ব বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰে কৰে।

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ব্যাপক এছচিঅ' ক্ষেত্ৰত বৰ্ধিত কট্টৰতা আৰু উগ্ৰপন্থাৰ কাৰণে হৈ থকা সমস্যাৰ ওপৰত আলোকপাত কৰে, যি উদাৰ তথা প্ৰগতিশীল সংস্কৃতি আৰু মূল্যবোধ সৃষ্টিৰ ৰূপত থকা ক্ষেত্ৰখনৰ ইতিহাসৰ বিপৰীত।

 

তেওঁ কয় যে আফগানিস্তানৰ বৰ্তমানৰ ঘটনাক্ৰমৰ জৰিয়তে উগ্ৰপন্থাৰ এই প্ৰবৃত্তি অধিক আগবাঢ়িব পাৰে।

 

তেওঁ পৰামৰ্শ দিয়ে যে এছচিঅ'ই সংযম আৰু বৈজ্ঞানিক তথা যুক্তিসংগত বিচাৰ-বিবেচনাক উৎসাহিত কৰাৰ এজেণ্ডাবিলাকৰ ওপৰত কাম কৰিব পাৰে, যি বিশেষভাৱে ক্ষেত্ৰখনৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰাসংগিক হ'ব।

তেওঁ নিজৰ বিকাশ কাৰ্যক্ৰমত ডিজিটেল প্ৰযুক্তিবিলাকৰ ব্যৱহাৰৰ ভাৰতৰ অভিজ্ঞতা সন্দৰ্ভতো মন্তব্য কৰে আৰু এই অ'পেন ছ'ৰ্চ সমাধানসমূহক অন্য এছচিঅ' সদস্যসকলৰ সৈতে আদান-প্ৰদান কৰাৰ পৰামৰ্শ দিয়ে।

 

ক্ষেত্ৰখনত সম্পৰ্ক বিকশিত কৰাৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰি, প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰিবলৈ সম্পৰ্ক পৰিকল্পনা পাৰদৰ্শী, সহযোগিতাপূৰ্ণ আৰু পৰামৰ্শ আধাৰিত হোৱা উচিত।

এছচিঅ' শীৰ্ষ সন্মিলনৰ পিছত এছচিঅ' আৰু কালেক্টিভ ছিকিউৰিটী ট্ৰীটী অৰ্গেনাইজেছন (চিএছটিঅ')ৰ মাজত আফগানিস্তান সন্দৰ্ভত আউটৰিচ বৈঠক হয়। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ'-বাৰ্তাৰ জৰিয়তে আউটৰিচ বৈঠকত ভাগ লয়।

 

ভিডিঅ'-বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে এছচিঅ' ক্ষেত্ৰত সন্ত্ৰাসবাদ বিষয়ত 'জিৰ' টলাৰেন্স'ৰ ওপৰত এক আচাৰ সংহিতা বিকশিত কৰিব পৰা যায় আৰু তেওঁ আফগানিস্তানৰ পৰা মাদক দ্ৰব্য, অস্ত্ৰ-শস্ত্ৰ আৰু মানব চোৰাং বেহাৰ বিপদকো ৰেখাংকিত কৰে। আফগানিস্তানত মানৱীয় সংকটৰ উল্লেখ কৰি তেওঁ আফগানিস্তানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ একতাক দোহাৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘The swing country’: Ex-UK minister says India could reshape new world order

Media Coverage

‘The swing country’: Ex-UK minister says India could reshape new world order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former Prime Minister Shri Rajiv Gandhi
August 20, 2026

The Prime Minister, Shri Narendra Modi has paid homage to former Prime Minister, Shri Rajiv Gandhi, on the occasion of his birth anniversary.

In a post on X, Shri Modi said;

“On the occasion of his birth anniversary, paying homage to former Prime Minister of India, Shri Rajiv Gandhi.”