প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

 

শ্ৰী মোদীয়ে সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা তৃণমূল পৰ্যায়ৰ নায়কসকলক স্বীকৃতি দিয়াৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। মনোনয়ন প্ৰক্ৰিয়াৰ স্বচ্ছ আৰু অংশগ্ৰহণমূলক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ইতিমধ্যে লাভ কৰা যথেষ্ট সংখ্যক মনোনয়নৰ বাবে আনন্দ প্ৰকাশ কৰি awards.gov.in ৰ চৰকাৰী পৰ্টেলৰ জৰিয়তে অধিক সংখ্যক লোকক সন্মানীয় পদ্ম বঁটাৰ বাবে যোগ্য প্ৰাৰ্থীক মনোনীত কৰিবলৈ আহ্বান জনাইছে।

 

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“যোৱা দশকত আমি #PeoplesPadmaৰ জৰিয়তে অগণন তৃণমূল পৰ্যায়ৰ নায়কক সন্মান জনাইছো। বঁটাপ্ৰাপকসকলৰ জীৱন যাত্ৰাই অগণন লোকক প্ৰেৰণা যোগাইছে। তেওঁলোকৰ সমৃদ্ধ কৰ্মৰাজিত অধ্যৱসায় আৰু দৃঢ়তা স্পষ্টভাৱে দেখা যায়। ব্যৱস্থাটোক অধিক স্বচ্ছ আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ মনোভাৱেৰে আমাৰ চৰকাৰে বিভিন্ন পদ্ম বঁটাৰ বাবে আনক মনোনীত কৰিবলৈ মানুহক আমন্ত্ৰণ জনাইছে। যথেষ্ট সংখ্যক মনোনয়ন অহাত মই সুখী অনুভৱ কৰিছোঁ। মনোনয়নৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ। পদ্ম বঁটাৰ বাবে অধিক সংখ্যক প্ৰেৰণাদায়ক ব্যক্তিত্বক মনোনীত কৰিবলৈ আহ্বান জনাইছো। আপোনালোকে awards.gov.inৰ জৰিয়তে এই কাম কৰিব পাৰে।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why India's ₹37,500 cr coal gasification push matters for its energy future

Media Coverage

Why India's ₹37,500 cr coal gasification push matters for its energy future
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India