বিশ্ব যকৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক মননশীল খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সৰু সৰু অথচ প্ৰভাৱশালী পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দৰে ব্যৱস্থাই সামগ্ৰিক স্বাস্থ্য আৰু শাৰীৰিক কল্যাণ সাধনত যথেষ্ট অৰিহণা যোগাব পাৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জে পি নাড্ডাই এক্সত লিখা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয় -
‘মননশীল খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ আহ্বানৰে বিশ্ব যকৃত দিৱস উপলক্ষে এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা। তেলৰ সেৱন হ্ৰাস কৰাৰ দৰে সৰু সৰু পদক্ষেপে বৃহৎ পৰিৱৰ্তন আনিব পাৰে। আহক আমি একেলগে মেদবহুলতাৰ বিষয়ে সজাগতা সৃষ্টিৰে এখন সুস্থ সবল আৰু নিৰোগী ভাৰত গঢ়ি তোলোঁ।
#StopObesity”
Commendable effort to mark #WorldLiverDay with a call for mindful eating and healthier living. Small steps like reducing oil intake can make a big difference. Together, let’s build a fitter, healthier India by raising awareness about obesity. #StopObesity https://t.co/CNnlonFHhW
— Narendra Modi (@narendramodi) April 19, 2025


