PM unveils ‘Statue of Peace’ to mark 151st Birth Anniversary celebrations of Jainacharya Shree Vijay Vallabh Surishwer Ji Maharaj
PM Modi requests spiritual leaders to promote Aatmanirbhar Bharat by going vocal for local

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ‘ষ্টেচু অৱ পীচ’ মুকলি কৰে। জৈন আচাৰ্যৰ সন্মানাৰ্থে মুকলি হোৱা প্ৰতিমূৰ্তিটোক ‘ষ্টেচু অৱ পীচ’ নামেৰে নামাকৰণ কৰা হৈছে। ৰাজস্থানৰ জেটপুৰাস্থিত বিজয় বল্লভ সাধনা কেন্দ্ৰত স্থাপিত ১৫১ ইঞ্চি উচ্চতাৰ ‘ষ্টেচু অৱ পীচ’ অষ্টধাতুৰে নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত জৈনাচাৰ্য আৰু আধ্যাত্মিক গুৰুসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ছৰ্দাৰ বল্লভ ভাই পেটেল আৰু জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজক দুগৰাকী মহান ‘বল্লভ’ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে ছৰ্দাৰ পেটেলৰ নামত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি ‘ষ্টেচু অৱ ইউনিটী’ মুকলি কৰাৰ পিছত আজি জৈনাচাৰ্য শ্ৰী বিজয় বল্লভৰ নামত ‘ষ্টেচু অৱ পীচ’ মুকলি কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ বিষয়।

‘ভোকেল ফৰ লোকেল’ৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সকলো আধ্যাত্মিক গুৰুক স্বাধীনতা যুঁজৰ সময়ৰ দৰে এতিয়াও আত্মনিৰ্ভৰতাৰ বাৰ্তা সকলোৰে মাজত বিলাবলৈ আহ্বান জনায়। দিৱালীৰ সময়ছোৱাত দেশৰ নাগৰিকে যিদৰে থলুৱা সামগ্ৰীক আঁকোৱালি লৈছে, সেয়া সঁচাকৈয়ে এক অভুতপূৰ্ব অনুভৱ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্বক সদায় শান্তি, অহিংসা আৰু বন্ধুত্বৰ পথ দেখুৱাইছে। আজিও বিশ্বই ভাৰতক একেই দৃষ্টিৰে চায়। ভাৰতৰ ইতিহাসৰ প্ৰতি যদি দৃষ্টি নিক্ষেপ কৰে, আপুনি দেখিব যে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সমাজক সঠিক পথ দেখুৱাবলৈ আবিৰ্ভাৱ ঘটে কিছুমান সাধু ব্যক্তিৰ। আচাৰ্য বিজয় বল্লভ আছিল এনেকুৱা এগৰাকী সাধু ব্যক্তি। জৈনাচাৰ্যই প্ৰতিষ্ঠা কৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্জাব, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহত কেইবাখনো শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰি তেওঁ শিক্ষা ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰাৰ প্ৰয়াস চলাইছিল। এই প্ৰতিষ্ঠানসমূহে বহুতো উদ্যোগী, বিচাৰপতি, চিকিৎসক আৰু অভিযন্তাৰ জন্ম দিছে, যিয়ে এতিয়া দেশক অনবদ্য সেৱা আগবঢ়াই আছে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets Herath Poshte to Kashmiri Pandit Community
February 15, 2026

The Prime Minister, Shri Narendra Modi greeted Herath Poshte, the sacred festival reflecting the rich traditions of Kashmiri Pandit community. “On this pious occasion, I pray for wellness and abundance in everyone’s lives. May it open new pathways of success and fill every home with joy and contentment”, Shri Modi said.

The Prime Minister posted on X:

“Herath Poshte!

This sacred festival reflects the rich traditions of our Kashmiri Pandit community.

On this pious occasion, I pray for wellness and abundance in everyone’s lives. May it open new pathways of success and fill every home with joy and contentment.”