২৮ মে’ ২০২১ তাৰিখে শুকুৰবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰি যশ ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ খতিয়ান লয়৷ ভ্ৰমণৰ সময়ত তেওঁ ওড়িশাৰ ভদ্ৰক আৰু বালেশ্বৰ আৰু পশ্চিমবংগৰ পূৰ্ব মেদিনিপুৰ জিলাৰ এৰিয়েল সৰ্বেক্ষণ কৰে৷

ভূবনেশ্বৰত প্ৰধানমন্ত্ৰীয়ে এক বৈঠকত সাহায্য আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ খতিয়ান লয়৷ সেই বৈঠকত প্ৰধানমন্ত্ৰীক ওড়িশা আৰু পশ্চিমবংগ তথা ঝাৰখণ্ডৰ বিভিন্ন স্থানত ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ বিষয়ে অৱগত কৰোৱা হয়৷

শ্ৰী মোদীয়ে তৎকালীন সাহায্য হিচাপে ১০০০ কোটি টকাৰ বিত্তীয় সাহায্যৰ বিষয়ে ঘোষণা কৰে৷ ইয়াৰে ওড়িশাত ৫০০ কোটি আৰু পশ্চিমবংগ তথা ঝাৰখণ্ডলৈ ৫০০ কোটি ভগাই দিয়া হ’ব৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যকেইখনৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ এক আন্তঃমন্ত্ৰীয় দল প্ৰেৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ওড়িশা, পশ্চিমবংগ তথা ঝাৰখণ্ডৰ জনসাধাৰণক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আঘাতপ্ৰাপ্ত ব্যক্তিসকললৈ ৫০,০০০ টকা সাহায্যৰ বিষয়ে ঘোষণা কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Coconut industry gets a policy boost

Media Coverage

Coconut industry gets a policy boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ফেব্ৰুৱাৰী 2026
February 17, 2026

India’s Tech-focused Revolution under PM Modi’s Leadership Takes Centre Stage at the IndiaAI Impact Summit